ৰাস-ক্রীড়া : ৫ম কী :কৈত পাইবো প্ৰাণ....

|| ঘোষা ||: 

কৈত পাইবো প্ৰাণ গোপাল আমি৷

হৰাইল অৰুণলোচন স্বামী৷৷৭২৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

উচ বৃক্ষ দেখি সোধে সাদৰি৷

শুনিয়ো অশ্বত্থ বট পাকড়ি৷৷

যাহন্তে দেখিলা নন্দকুমাৰ৷

নেন্ত চুৰি কৰি চিত্ত আমাৰ৷৷৮৫৩৷৷

হে কুৰুবক অশোক চম্পা৷

কহিয়ো কথা কৰা অনুকম্পা৷৷

মানিনীৰ দৰ্প কৰিয়া চূৰ৷

জানাহা কৃষ্ণ যান্ত কত দূৰ৷৷৮৫৪৷৷

ওবা তুলসী সমিধান দিয়া৷

তুমি গোৱিন্দৰ চৰণপ্ৰিয়া৷৷

যাহন্তে দেখিলা নন্দকুমাৰ৷

প্ৰাণতো অধিক প্ৰিয় আমাৰ৷৷৮৫৫৷৷

হে জাঁই যূতি সখী মালতী৷

কৃষ্ণ পৰশে কি লভিলা গতি৷৷

সমস্ত গোপীৰ জীৱন ধন৷

দেখিলা যাহন্তে নন্দনন্দন৷৷৮৫৬৷৷

হে আম জাম বেল বকুল৷

নাহি উপকাৰী তোমাৰ তুল৷৷

কৃষ্ণৰ বিৰহে দেখো আন্ধাৰ৷

কোৱা কৈক গৈল প্ৰাণ আমাৰ৷৷৮৫৭৷৷

কিনো তপ ওবা কৰিলা ভূমি৷

কৃষ্ণৰ চৰণ পৰশে তুমি৷৷

মিলি আছে আতি আনন্দ ভাৱ৷

দেখো ৰোমাঞ্চিত তোমাৰ গাৱ৷৷৮৫৮৷৷

পূৰ্ব্বতো বৰাহে আছে আলিঙ্গি৷

তুমি সৰ্ব্বকালে কৃষ্ণৰ সঙ্গী৷৷

দেখিছা কৃষ্ণক জানো নিশ্চয়৷

কহিয়ো আমাত হুয়া সদয়৷৷৮৫৯৷৷

মৃগপত্নী সখী দেখিলা হৰি৷

তোমাৰ নেত্ৰৰ আনন্দকাৰী৷৷

যান্ত প্ৰিয়া সমে গতি বিলাসে৷

হেৰা কুন্দ গন্ধ কুঙ্কুম বাসে৷৷৮৬০৷৷

কতো গোপী বোলে শুনিয়ো বাণী৷

লতাতে কৃষ্ণৰ পুছা কাহিনী৷৷

কৃষ্ণৰ নখৰ পৰশ পাই৷

দেখো পুলকিত সমস্ত কায়৷৷৮৬১৷৷

বোলে বাক্য সৱে উন্মত্তভাৱে৷

কৃষ্ণক বনত বিচাৰি চাৱে৷৷

কৃষ্ণগুণ গান্তে প্ৰেম উপজে ৷

কৃষ্ণতে মন সমুদায়ে মজে৷৷৮৬২৷৷

সমস্তে বিহ্বল হুয়া গোপিনী৷

কৰে কৃষ্ণ-লীলা কতো আপুনি৷৷

কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷

বোলা হৰি হৰি সমস্ত জনে৷৷৮৬৩৷৷