|| পদ ||:
ৰতি-শ্ৰান্ত ভৈল যত গোপিনী৷
দেখি হস্তপদ্মে হৰি আপুনি৷৷
কৃপায়ে সৱাৰো মাৰ্জিলা মুখ৷
মিলিল মনে মহোৎসৱ সুখ৷৷৯৫৮৷৷
কৃষ্ণক বেঢ়ি আসে সৱে সখী৷
অমৃত সমান হাস্যে নিৰীক্ষি৷৷
কৰি পূজা ৰঙ্গে ৰঞ্জিত চিত্ত৷
গাইলন্ত গোৱিন্দৰ গুণ গীত৷৷৯৫৯৷৷
তাসম্বাৰ শ্ৰম গুচাইবে প্ৰতি৷
সঙ্গে লৈয়া সৱ ব্ৰজযুৱতী৷৷
যমুনা জলত নামিলা হৰি৷
চৌভিতি ভ্ৰমৰে সেৱে গুঞ্জৰি৷৷৯৬০৷৷
শ্ৰান্ত হুয়া যেন মাতঙ্গ ৰাজে৷
হস্তিনী সমে ক্রীড়ে জলমাজে৷৷
গোপালো লোক মৰ্য্যাদাক এৰি৷
কৰন্ত গোপী সমে জল-খেড়ি৷৷৯৬১৷৷
কৃষ্ণক আৱৰি গোপীসকল৷
হাসিয়া সিঞ্চে যমুনাৰ জল৷৷
বদনপদ্ম চায়া প্ৰেমদৃষ্টি৷
কৰিলা দেৱে দেখি পুষ্প-বৃষ্টি৷৷৯৬২৷৷
জলত গোপীক কৃষ্ণে ক্রীড়িলা৷
ভ্ৰমন্ত যেন গজেন্দ্ৰৰ লীলা৷৷
গোপীগণ লৈয়া উঠিয়া পাছে৷
ভ্ৰমন্ত বনে যমুনাৰ কাছে৷৷৯৬৩৷৷
জলে স্থলে পুষ্প সুৰভি বাসে৷
চৌপাশে গোপী চলে লয়লাসে৷৷
ভ্ৰমৰে যোগান ধৰে গুঞ্জৰি৷
কৰিলা ৰাসক্রীড়া দেৱ হৰি৷৷৯৬৪৷৷
এহিমতে যত শৰত ৰাতি৷
শশাঙ্কে ধৱল শীতল আতি৷৷
সৱাতো ক্রীড়িলা গোপী সহিত৷
বিস্ময় হুয়া পুছে পৰীক্ষিত৷৷৯৬৫৷৷
ধৰ্ম্মক ৰাখিবা অধৰ্ম্ম নাশি৷
ইকাৰ্য্যে ভৈলা অৱতাৰ আসি৷৷
ধৰ্ম্মৰ ৰক্ষক হুয়া মুৰাৰি৷
ক্রীড়িলা কেনে পৰ গোপনাৰী৷৷৯৬৬৷৷
হোৱন্ত হৰি যদি পূৰ্ণকাম৷
কৰিলা কেনে গৰিহিত কাম৷৷
ছেদিয়ো সংশয় কৈয়া বৃত্তান্ত৷
দিলন্ত শুনিয়া শুকে সিদ্ধান্ত৷৷৯৬৭৷৷
নিয়ো সৰ্ব্বজনে ৰাস ক্রীড়া৷
বঞ্চিবা তেৱে সংসাৰৰ পীড়া৷৷
কৃষ্ণৰ কিঙ্কৰে কহে সম্প্ৰতি৷
বোলা হৰি হৰি একান্ত মতি৷৷৯৬৮৷৷