|| পদ ||:
দেখ সখী খোজে কোন জনী যায় সঙ্গে৷
কৃষ্ণৰ কান্ধত হাত দিয়া লীলা ৰঙ্গে৷৷
নিশ্চয়ে জানিলো আৰাধিলে দেৱ হৰি৷
তাইক লগে নেন্ত আমি সমস্তকে এৰি৷৷৮৭৫৷৷
দেখা সখীসৱ ধন্য কৃষ্ণপদধূলি৷
ব্ৰহ্মা হৰে শিৰে ধৰে শুদ্ধ হঞো বুলি৷৷
আসা আমি কৰো এহি ধূলা অভিষেক৷
দেখিবো পৱিত্ৰ হুয়া কৃষ্ণক প্ৰত্যেক৷৷৮৭৬৷৷
আৰ জনী বোলে কিবা কহ গোপীগণ৷
তাইৰ খোজ দেখিয়া আকুল কৰে মন৷৷
কৃষ্ণৰ অধৰামৃত সৰ্ব্বস্ব সৱাৰে৷
চুৰি কৰি নিয়া তাই ভুঞ্জে একেশ্বৰে৷৷৮৭৭৷৷
আৱে ঐত তাইৰ খোজ নাকলিয়া ভালে৷
তৃণে বিন্ধিলেক সুকোমল ভৰিতলে৷৷
প্ৰাণতো অধিক প্ৰিয়া দুখ পাৱে বুলি৷
কোলাত লৈয়া যান্ত আলগাই তুলি৷৷৮৭৮৷৷
গোপীক বহন্ত কিনো কামাতুৰ হৰি৷
দেখা দেখা ঐত পোত গৈয়া আছে ভৰি৷৷
ঐত নমাই থৈলন্ত প্ৰিয়াক মহাশয়৷
দেখা তাইৰ অৰ্থে আনিলন্ত পুষ্পচয়৷৷৮৭৯৷৷
পৰিল গেডুৱা চড়াই ফুল ভৰি ফান্দি৷
অৰ্দ্ধেক ভৰিৰ খোজ হেৰা আছে বান্ধি৷৷
হেৰা দেখা তাইক ঐত উৰুত বৈসাই৷
বান্ধিলন্ত খোপা কামাতুৰ যদুৰায়৷৷৮৮০৷৷
আৰিলা খোপাত তাইৰ ফুল চতুৰ্ভিতি৷
দেখা আছিলন্ত বসি গোপিকা সহিতি৷৷
শুক নিগদতি ৰাজা শুনিও শ্ৰৱণে৷
পূৰ্ণকাম হৰি ক্রীড়িলন্ত যি কাৰণে৷৷৮৮১৷৷
দেখাইলন্ত দুঃখ কামাতুৰ পুৰুষৰ৷
স্ত্ৰীৰো দুৰ্জ্জন ভাৱ শুনা আতপৰ৷৷
চলি যায় যিটো গোপী কৃষ্ণৰ লগত৷
মহাগৰ্ব্বভাৱ তাইৰ বাঢ়িল মনত৷৷৮৮২৷৷
কৃষ্ণক আশায়ে আইলা যত গোপীজাক৷
সৱাকো এৰিয়া কৃষ্ণে ভজিলা আমাক৷৷
সমস্তে নাৰীত শ্ৰেষ্ঠ আপুনাক মানি৷
মহাদৰ্পে কৃষ্ণক বুলিলা হেন বাণী৷৷৮৮৩৷৷
চলিতে নপাৰো আৰ মই এক ভৰি৷
যৈকে মন নিয়া আৱে যেন লাগে কৰি৷৷
শুনি হেন হৰিয়ো বুলিলা তাইক হাসি৷
যাইবে যেৱে নপাৰা কান্ধত উঠা আসি৷৷৮৮৪৷৷
শুনি উঠিবাক তাই গৈল কাছিপাৰি৷
দেখি অন্তৰ্দ্ধান ভৈলা তথাতে মুৰাৰি৷৷
কান্দে আৰ্ত্তৰাৱে গোপী কৃষ্ণক নেদেখি৷
হা নাথ কৈক গৈলা হামাক উপেক্ষি৷৷৮৮৫৷৷
তোমাৰেসে দাসী মই জানা নাৰায়ণ৷
অনাথৰ নাথ মোক দিয়া দৰিশন৷৷
গোপীগণে গোৱিন্দৰ খোজ নেই গুড়ি৷
সমীপতে দেখে স্ত্ৰী কান্দে দুঃখে পৰি৷৷৮৮৬৷৷
সমস্তে সখীতে তাই কহিল বৃত্তান্ত৷
যেন মতে তাইক এড়িলন্ত কৃষ্ণকান্ত৷৷
শুনিয়া বিস্ময় আতি ভৈলা যত সখী৷
নিৱৰ্ত্তিলা সৱে ঘোৰ অন্ধকাৰ দেখি৷৷৮৮৭৷৷
কৃষ্ণতে অৰ্পিল মন কৃষ্ণৰে আলাপ৷
কৃষ্ণগুণ গায়া কৰে কৃষ্ণৰে বিলাপ৷৷
পতি পুত্ৰ গৃহ শৰীৰকো নুসুমৰে৷
কৃষ্ণময় হুয়া কৃষ্ণচেষ্টা মাত্ৰ কৰে৷৷৮৮৮৷৷
কৃষ্ণপদ পঙ্কজে নিবিড় কৰি চিত্ত৷
দুনাই যমুনাৰ সৱে নামিলা বালিত৷৷
কৃষ্ণক প্ৰাৰ্থয় গোপী এক ঠাই হুই৷
বোলা হৰি লাগোক পাপৰ মুণ্ডে জুই৷৷৮৮৯৷৷