|| পদ ||:
পৰম ঈশ্বৰে কৰে অকৰ্ম্ম৷
তেজস্বীত কিছু নাহি অধৰ্ম্ম৷৷
সৰ্ব্বভক্ষ বহ্নি সৱাকো শোষে৷
তথাপিতো কিছু নোচোৱে দোষে৷৷৯৬৯৷৷
ঈশ্বৰ নুহি যিটো মূঢ়মতি৷
ই কৰ্ম্ম কৰি যাইৱে অধোগতি৷৷
হৰক দেখি বিষ খায় আনে৷
সিজন জানা মৰি মায় প্ৰাণে৷৷৯৭০৷৷
দেহত যাৰ নাহি অহঙ্কাৰ৷
তাৰেসে কৰ্ম্মত গুচে বিকাৰ৷৷
জগতৰে হৰি পৰম ঈশ৷
ই কৰ্ম্মে তাঙ্ক কৰিবেক কিস৷৷৯৭১৷৷
যাৰ পাদপদ্ম চিন্তি সাম্প্ৰতে৷
ছিণ্ডে কৰ্ম্মবন্ধ হেলে ভকতে৷৷
ধৰিছা লীলা তনু হেন হৰি৷
শুনা কথা তাত সংশয় এৰি৷৷৯৭২৷৷
জগত অন্তৰ্য্যামী নাৰায়ণ৷
তান কোন পৰদাৰগমন৷৷
যাহাৰ স্মৰণে পাতক মোষে৷
তাক কি কৰিবে ইসৱ দোষে৷৯৭৩৷৷
শৃঙ্গাৰ ৰসে যাৰ আছে ৰতি৷
আকে শুনি হৌক নিৰ্ম্মল মতি৷৷
ভকতৰ পদে আপুনি হৰি৷
ক্রীড়িলা ৰঙ্গে নৰদেহা ধৰি৷৷৯৭৪৷৷
মোহিলা গোপক কৃষ্ণৰ মায়া৷
কাষতে আছে দেখে নিজ জায়া৷৷
নকৰে কৃষ্ণক অসূয়া কেৱ৷
জগত ঈশ হেন কৃষ্ণ দেৱ৷৷৯৭৫৷৷
যেৱে হৈবে খোজে প্ৰভাত ৰাতি৷
বোলন্ত যায়োক গোপীক মাতি৷৷
কৃষ্ণক এৰেবে নাহিকে মন৷
আসুখে গৃহক কৰে গমন৷৷৯৭৬৷৷
ইটো ৰাস-ক্রীড়া কথা কৃষ্ণৰ৷
একান্ত চিত্তে শুনে যিটো নৰ৷৷
কৃষ্ণত ভকতি বাঢ়িবে তাৰ৷
কামসাগৰে সুখে হৈব পাৰ৷৷৯৭৭৷৷
ইটো কাম-জয় কৃষ্ণৰ কথা৷
শুনা নৰদেহা নকৰা বৃথা৷৷
কৃষ্ণৰ কিঙ্কৰে কহে প্ৰলাপ৷
বোলা হৰি হৰি হৰোক পাপ৷৷৯৭৮৷৷