শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ : ১ম কী : মাধৱ পদ্মনাভ...

|| ঘোষা ||: 

মাধৱ পদ্মনাভ ভগৱন্ত৷

নাৰায়ণ নৰসিংহ অনন্ত৷৷১৪৮৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

বোলন্ত শুকে শুনা পৰীক্ষিত৷

এহিমতে কৃষ্ণে বলো সহিত৷৷

সমস্ত দৈত্যৰ চিন্তিয়া মাৰ৷

লীলায়ে হৰিলা ভূমিৰ ভাৰ৷৷১৭৮৪৷৷

গুণন্ত জগতৰ পতি পাছে৷

দুঃসহ মহা যদুবংশ আছে৷৷

ত্ৰৈলোক্য বিজয়ী একৈক বীৰ৷

নুগুচিল কিছু ভাৰ ভূমিৰ৷৷১৭৮৫৷৷

যিহেতু সৱাৰো আমি আশ্ৰয়৷

কাহাতো হন্তে নাহি পৰাজয়৷৷

কন্দল লগাই আসম্বাৰ মেলে৷

পৃথিৱীৰ ভাৰ হৰিবো হেলে৷৷১৭৮৬৷৷

এহি গুণি পাছে যাদৱ কুলে৷

দিয়াইলা প্ৰভু বিপ্ৰশাপ ছলে৷৷

মিলিল বিমঙ্গল দ্বাৰকাত৷

সৱাৰে মনে কৰে উতপাত৷৷১৭৮৭৷৷

ব্ৰহ্মাক আৱৰি ত্ৰিদশজাক৷

আসিলা পাছে সৱে দ্বাৰকাক৷৷

কৃষ্ণৰ দৰশন অভিলাষে৷

ৰহিলা বিমান জুৰি আকাশে৷৷১৭৮৮৷৷

মহা সমৃদ্ধি দেখি দ্বাৰকাৰ৷

বিস্ময় ভৈল আতি দেৱতাৰ৷৷

কৃষ্ণক পাছে দৰশন পাই৷

অদ্ভুত ৰূপক আছিলা চাই৷৷১৭৮৯৷৷

তৃপিতি নাহি চান্ত একদৃষ্টি৷

কৰন্ত শিৰে পাৰিজাত বৃষ্টি৷৷

কৃতাঞ্জলি কৰি এক যুগুতি৷

তৈৰে পৰা সৱে কৰন্ত স্তুতি৷৷১৭৯০৷৷

নমো নমো কৃষ্ণ তযু চৰণে৷

যাহাক পৰম ভকতজনে৷৷

হৃদয়ত চিন্তে কৰি প্ৰবন্ধ৷

অপ্ৰয়াসে তৰে সংসাৰ বন্ধ৷৷১৭৯১৷৷

ত্ৰিগুণা মায়াক কৰি আশ্ৰয়৷

আত্মাত স্ৰজা যত জীৱচয়৷৷

স্ৰজন পালন কৰা আপুনে৷

নপাৱে লাগ একো দোষ গুণে৷৷১৭৯২৷৷

তোমাৰ শুনিয়া গুণ চৰিত্ৰ৷

যিমতে হোৱয় লোক পৱিত্ৰ৷৷

জ্ঞান দান তপ বেদ আচাৰে৷

সিমতে শুদ্ধ কৰিবাক নাৰে৷৷১৭৯৩৷৷

তোমাৰ ইসৱ লীলা চৰিত৷

আক শুনে ভণে যিটো কলিত৷৷

অনেক পুৰুষ কৰি উদ্ধাৰ৷

সংসাৰ সুখে হোৱয় পাৰ৷৷১৭৯৪৷৷

ষোড়শ সহস্ৰ পত্নীসকলে৷

অনেক ভাৱ দৰশায়া চলে৷৷

মনক মথিবে নোৱাৰে যাৰ৷

হেন কৃষ্ণৰ পাৱে নতি আমাৰ৷৷১৭৯৫৷৷

কৃষ্ণক আগত দেখি প্ৰত্যেক৷

কৰিলেক স্তুতি আৰু অনেক৷৷

নকৈলো পদ বিস্তৰক ডৰে৷

বোলা হৰি হৰি সমস্ত নৰে৷৷১৭৯৬৷৷