|| পদ ||:
শুনা সখি যেন ভৈল অৱস্থা৷
পূৰ্ব্বাপৰ কহো কৃষ্ণৰ কথা৷৷
খণ্ডিবাক লাগি ভূমিৰ ভাৰ৷
দেৱকী গৰ্ভে ভৈলা অৱতাৰ৷৷১৯৮৯৷৷
বসুদেৱে ভয়ে গোকুলে থৈলা৷
কৰিলা কৃষ্ণে তৈতে শিশুলীলা৷৷
গোপশিশু সমে বাছুৰি চাৰি৷
ভ্ৰমন্ত যমুনা তীৰে মুৰাৰি৷৷১৯৯০৷৷
কংসে পাঞ্চে যত আসে দানৱ৷
লীলায়ে মাৰন্ত তাক মাধৱ৷৷
ইন্দ্ৰৰ মখকো কৰিলে ভঙ্গ৷
বৰষিলে ইন্দ্ৰে কৰিয়া খঙ্গ৷৷১৯৯১৷৷
মন্দৰ তুলি পাছে ভগৱন্তে৷
ৰাখিলা ব্ৰজক বৃষ্টিৰ হন্তে৷৷
শৰত কালে চন্দ্ৰাৱলী পাই৷
কৰিলা ৰাসক্রীড়া যদুৰায়৷৷১৯৯২৷৷
বলো সমে আসি মথুৰাপুৰ৷
মাৰিলা তৈতে দুষ্ট কংসাসুৰ৷৷
পঢ়িবে লাগি গৈলা হুয়া ছাত্ৰ৷
সান্দীপনি গুৰু পঢ়াইলা শাস্ত্ৰ৷৷১৯৯৩৷৷
মৃতক পুত্ৰক দক্ষিণা দিলা৷
অষ্ট মহিষীক হৰি বিহাইলা৷৷
নৰক মাৰি ৰূপে গুণে ধন্যা৷
পাইলা আৰো ষোল হাজাৰ কন্যা৷৷১৯৯৪৷৷
সৱাতো দদশ পুত্ৰ জাত৷
ভৈল বল বীৰ্য্যে জগতে খ্যাত৷৷
দ্বিবিদ মাগধ সম্বৰ বাণ৷
শাল্ব পৌণ্ড্ৰকৰ লৈলন্ত প্ৰাণ৷৷১৯৯৫৷৷
পাণ্ডৱৰ হাতে সমৰজিনি৷
মৰাইলা অষ্টাদশ অক্ষৌহিণী৷৷
উত্তৰাৰ গৰ্ভে ভৈলা উতপতি৷
পৰীক্ষিত পাণ্ডুবংশ সন্ততি৷৷১৯৯৬৷৷
দ্ৰৌণিৰ অস্ত্ৰে দহিলেক গাক৷
ৰাখিলন্ত কৃষ্ণে ধৰি গদাক৷৷
কৃষ্ণৰ মহা অনুগ্ৰহ পাই৷
ভুঞ্জিলা ৰাজ্য যুধিষ্ঠিৰ ৰায়৷৷১৯৯৭৷৷
অনেক বৎসৰ আছে মাধৱ৷
যাদৱগণৰ বঢ়াই উৎসৱ৷৷
গৃহত পাছে ভৈলা বিৰকতি৷
গুণন্ত মনত জগতপতি৷৷১৯৯৮৷৷
আছে যদুগণ দুঃসহ বীৰ৷
নুগুচিল কিছু ভাৰ ভূমিৰ৷৷
দিয়াইলা বিপ্ৰশাপ প্ৰভু ছলে৷
সৱাকো নিলা প্ৰভাসৰ জলে৷৷১৯৯৯৷৷
স্নান কৰি সৱে দিলেক দান৷
কৰিলে বাৰুণী সুৰাক পান৷৷
কৃষ্ণৰ মায়াত চেতন হৰিল৷
অন্যোঅন্যে যুজি সৱে মৰিল৷৷২০০০৷৷
মাধৱো পাছে স্নান কৰি জ্বলে৷
বসিলা আসনে অশ্বত্থতলে৷৷
মোক আদেশিলা জগত নাহা৷
তুমি বদৰিকাশ্ৰমক যাহা৷৷২০০১৷৷
তথাপি এৰিবে নৱাৰো স্বামী৷
আঁৰ হুয়া ৰৈলো পাছতে আমি৷৷
কৃষ্ণৰ বিৰহ সহিবে কোনে৷
বোলা হৰি হৰি সমস্ত জনে৷৷২০০২৷৷