শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ : ১০ম কী : হৰি গোৱিন্দ...

|| ঘোষা ||: 

হৰি গোৱিন্দ জয় কৃষ্ণ গোপাল ৰাম৷৷১৫৭৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

এহিমতে দাৰুকে বোলন্ত পাছে ৰথ৷

আকাশে ধৰিলা বেগে বৈকুণ্ঠৰ পথ৷৷

পাছতে লৰিলা চক্র আদি অস্ত্ৰচয়৷

দেখিয়া দাৰুক ভৈলা পৰম বিস্ময়৷৷১৮৯০৷৷

তবধ নয়নে চাই আছে উপৰক৷

মাধৱে বুলিলে পাছে বাক্য দাৰুকক৷৷

চলিয়োক দাৰুক সত্বৰে দ্বাৰকাক৷

বান্ধৱত কহ গৈয়া আমাৰ বাৰ্ত্তাক৷৷১৮৯১৷৷

অন্যোঅন্যে জ্ঞাতিগণ মৰিল সমস্ত৷

প্ৰত্যক্ষে দেখিলা বলভদ্ৰো গৈলা অস্ত৷৷

শৰঘাৱে ভৈলো আমি মৃতক সমান৷

পিতৃক মাতৃক গৈয়া তুমি দিয়া জান৷৷১৮৯২৷৷

দ্বাৰকাত আউৰ নথাকিবা একো নৰে৷

মই এড়িলাত আসি বুৰাইবে সাগৰে৷৷

সবন্ধু বান্ধৱে সাগৰত হৈব পাৰ৷

নেৰিবাহা বৃদ্ধ পিতৃ মাতৃক আমাৰ৷৷১৮৯৩৷৷

আসিব অৰ্জ্জুন সখি দেখিবাক মোক৷

তান লগে যাইব দ্বাৰকাৰ যত লোক৷৷

ৰাখি নিবা পথে ধনঞ্জয় মহাৰথ৷

বঞ্চিবাহা তুমি সৱে গৈয়া ইন্দ্ৰপ্ৰস্থ৷৷১৮৯৪৷৷

তুমি আচৰিবা ভাগৱত ধৰ্ম্মচয়৷

জ্ঞাননিষ্ঠ হুয়া সৱে এৰিবা বিষয়৷৷

মায়াৰ ৰচনা ইটো জগতকে জানি৷

পাছে মোক পাইবা তুমি কৈলো সত্যবাণী৷৷১৮৯৫৷৷

শুনিলা দাৰুকে পাছে কৃষ্ণৰ আদেশ৷

কৰযোৰে উঠিলা মনত মহা ক্লেশ৷৷

প্ৰদক্ষিণ প্ৰভুক কৰিলা সাতবাৰ৷

দুনাই দুনাই পৰিয়া কৰন্ত নমস্কাৰ৷৷১৮৯৬৷৷

শিৰত আছিলা ধৰি দুখানি চৰণ৷

লোতক চল্লল আখি কৰন্ত ক্রন্দন৷৷

চলিলোহো মই প্ৰাণপ্ৰভুক উপেক্ষি৷

ইজন্মত ভৈলো পৰিচ্ছেদ দেখাদেখি৷৷১৮৯৭৷৷

এহি বুলি লৰিলা কৃষ্ণৰ পাৱ এড়ি৷

হা কৃষ্ণ বুলিয়া পাৰন্তে যাই গেড়ি৷৷

অনন্তৰে যতেক আসিলা দেৱজাক৷

তহিতে মিলিল আসি আৱৰি ব্ৰহ্মাক৷৷১৮৯৮৷৷

সিদ্ধমুনি বিদ্যাধৰ কিন্নৰ চাৰণ৷

পাৰ্ব্বতী সহিতে আসিলন্ত ত্ৰিনয়ন৷৷

কৃষ্ণৰ নিৰ্য্যাণ দেখিবাক অভিলাষে৷

বিমান বেঢ়িয়া আসি ৰহিলা আকাশে৷৷১৮৯৯৷৷

মাধৱৰ চৰিত্ৰ শুনিয়ো সৰ্ব্বজন৷

নেৰিবা সদায় কেহো কৃষ্ণৰ কীৰ্ত্তন৷৷

কলিযুগে আনধৰ্ম্ম নাহি আতপৰে৷

হেন জানি হৰি হৰি বোলা নিৰন্তৰে৷৷১৯০০৷৷