শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ : ৯ম কী : প্ৰণামো ৰাম...

|| ঘোষা ||: 

প্ৰণামো ৰাম প্ৰভু পদ্মপাণি৷৷১৫৬৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

অনেক বিনয় কৰিলা ব্যাধ৷

ক্ষমিয়ো হৰি মোৰ অপৰাধ৷৷

অধম পাপী মই দামোদৰ৷

নজানি তোমাক কৰিলো শৰ৷৷১৮৭৯৷৷

মনুষ্য লোকত যত অজ্ঞান৷

যাহাক স্মৰণে কৰে নিৰ্য্যাণ৷৷

হেন মাধৱৰ দ্ৰোহ আচৰি৷

কেনে জীওঁ এভো নযাওঁ মৰি৷৷১৮৮০৷৷

চাহিবে নলাগে কাটিয়ো মোক৷

পাপীৰ মোৰ প্ৰায়শ্চিত্ত হোক৷৷

আউৰ যেন মই অধম পাপ৷

নকৰো মহন্তক উপতাপ৷৷১৮৮১৷৷

শঙ্কৰ ব্ৰহ্মা আদি দেৱগণ৷

যাহাৰ মায়ায়ে মোহিত মন৷৷

নজানন্ত যাৰ মহিমা আতি৷

জানিবো কিবা আমি অন্ত্যজাতি৷৷১৮৮২৷৷

মাধৱে বোলন্ত শুনিয়ো জৰা৷

উঠিয়ো সত্বৰে ভয় নকৰা৷৷

কৰিলা আমাৰ বাঞ্ছা সফল৷

মোৰ বৰে আৱে স্বৰ্গক চল৷৷১৮৮৩৷৷

শুনিয়া মাধৱক ভয়ে হীন৷

কৰিলা তিনিবাৰ প্ৰদক্ষিণ৷৷

প্ৰণামিয়া পাছে বিমানে চড়ি৷

সশৰীৰে গৈলা স্বৰ্গক লড়ি৷৷১৮৮৪৷৷

কৃষ্ণৰ সাৰথি পাছে দাৰুকে৷

ৰথে চড়ি চাই ফুৰে নিচুকে৷৷

কৃষ্ণৰ বিচাৰ কৰি প্ৰবন্ধে৷

পাইলন্ত গৈয়া তুলসীৰ গন্ধে৷৷১৮৮৫৷৷

সমুখ হুয়া দেখিলন্ত পাছে৷

মূৰ্ত্তি ধৰি অস্ত্ৰ চৌপাশে আছে৷৷

প্ৰকাশে দেহা যেন পূৰ্ণশশী৷

অশ্বত্থ তলত আছন্ত বসি৷৷১৮৮৬৷৷

বজাইলা লোতক আকুল ভাৱে৷

পৰিলা দাৰুক কৃষ্ণৰ পাৱে৷৷

কান্দিলা হুমাহুমি অধোমুখে৷

মাতিলা পাছে মহা মনোদুখে৷৷১৮৮৭৷৷

তোমাৰ চৰণ নেদেখি স্বামী৷

গুচিল চক্ষু অন্ধ ভৈলো আমি৷৷

নজানোহো একো বিদিশ দিশ৷

নাহি সুখ শান্তি জগতঈশ৷৷১৮৮৮৷৷

যেন চন্দ্ৰ বিনা ৰাত্ৰি আন্ধাৰ৷

তুমি মুখ্য প্ৰভু প্ৰাণ আমাৰ৷৷

কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷

বোলা হৰি হৰি সমস্ত জনে৷৷১৮৮৯৷৷