শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ : ১৪ কী : গোপাল হৰি...

|| ঘোষা ||: 

গোপাল হৰি কৰো প্ৰণাম৷

নেড়োক মুখে ৰামকৃষ্ণ নাম৷৷১৬১৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

কিবা সোধা ৰাজা মোৰ অৱস্থা৷

সৰ্ব্বনাশ ভৈলে কি কৈবো কথা৷৷

বন্ধুৰূপী কৃষ্ণ ভৈল বঞ্চিত৷

কিমতে আৱে সম্বৰিবো চিত্ত৷৷১৯৪১৷৷

যাহাক আশ্ৰয়ে দ্ৰুপদ ঘৰে৷

জিনিলো ৰাজাগণ একেশ্বৰে৷৷

মৎস্যক ভেদি পাইলো দ্ৰৌপদীক৷

হেন কৃষ্ণ বিনে জীৱন ধিক৷৷১৯৪২৷৷

দহিলো খাণ্ডৱ যাৰ সহায়৷

ভঙ্গাইলো বাসৱক সমুদায়৷৷

অদ্ভুত সভা সাজি দিলে ময়৷

কৰিলো ৰাজসূয় যাগ তয়৷৷১৯৪৩৷৷

এৰিয়া গৈলা হেন কৃষ্ণে মোক৷

কিসক জীওঁ নগৈ যম লোক৷৷

হৰক যুজিলো যাহাক গয়৷

দিলা অস্ত্ৰ হৰে হুয়া বিস্ময়৷৷১৯৪৪৷৷

যাহাৰ প্ৰসাদে ভৈলো স্বৰ্গগামী৷

ইন্দ্ৰৰো অৰ্দ্ধাসন পাইলো আমি৷৷

এৰিয়া গৈলা হেন যদুৰায়৷

কেনে জীওঁ প্ৰভু প্ৰাণ নযায়৷৷১৯৪৫৷৷

যাহাৰ তেজে বৃকোদৰ বীৰে৷

দুঃশাসন হিয়া কুঠাৰে ছিৰে৷৷

প্ৰতিজ্ঞা সাম্ফলি পিলা ৰুধিৰ৷

ভাঙ্গিলা উৰু কুৰু নৃপতিৰ৷৷১৯৪৬৷৷

বান্ধৱ বুলি ত্ৰিজগত পতি৷

কৰিলো সাৰথি মই কুমতি৷৷

ব্ৰহ্মা আদি যত ত্ৰিদশগণে৷

সদায় সেৱন্ত যাৰ চৰণে৷৷১৯৪৭৷৷

দেৱৰো দেৱ হেন প্ৰভু হৰি৷

মাতন্ত মোক পৰিহাস কৰি৷৷

ওবা পাৰ্থ ওবা সখি অৰ্জ্জুন৷

কতেক কহিবো প্ৰভুৰ গুণ৷৷১৯৪৮৷৷

ভ্ৰমন্তে ভুঞ্জন্তে কৃষ্ণৰ সঙ্গে৷

নানা উপালম্ভ কৰিলো ৰঙ্গে৷৷

সহিলন্ত তাক যেন বান্ধৱে৷

বঞ্চিত ভৈলোহো হেন মাধৱে৷৷১৯৪৯৷৷

কিবা সোধা ৰাজা আমাৰ কথা৷

কোননো নভৈল মোৰ অৱস্থা৷৷

ৰাখিয়া আনো কৃষ্ণপত্নীজাক৷

গোৱালে কাঢ়ি নিলে তাসম্বাক৷৷১৯৫০৷৷

স্ত্ৰীক যেন জিনিলেক মোকে৷

প্ৰাণ ফুটি যায় এহিসে শোকে৷৷

কৃষ্ণৰ বিয়োগে দগধ মন৷

মাতিবে নৱাৰো হৰায় চেতন৷৷১৯৫১৷৷

অৰ্জ্জুন এহি বুলি মৌন ভৈলা৷

কৃষ্ণৰ চৰণ চিন্তিবে লৈলা৷৷

বিষয় বিষে ভৈল বিৰকতি৷

কৃষ্ণ পাদপদ্মে নছাড়ে মতি৷৷১৯৫২৷৷

কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷

কৃষ্ণ কথা শুনা সমস্ত জনে৷৷

যেৱে সুখে যাইবা সংসাৰ তৰি৷

সদায় ডাকি বোলা হৰি হৰি৷৷১৯৫৩৷৷