শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ : ৭ম কী : মন শ্ৰীৰাম কৃষ্ণ...

|| ঘোষা ||: 

মন শ্ৰীৰাম কৃষ্ণ হৰি বুলিয়ো যতনে৷

ধৰিয়ো একান্ত চিত্তে কৃষ্ণৰ চৰণে৷৷১৫৪৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

ভৈল কালগ্ৰস্ত সৱে যত যদুজাক৷

গণ্ডগোল কৰি পিলে বাৰুণী সুৰাক৷৷

মাধৱৰ মায়ায়ে কৰিলা বুদ্ধিহত৷

মদ্য লাগি ভৈল সৱে পৰম উন্মত্ত৷৷১৮৫৫৷৷

উঠিল দুঃসহ ক্রোধ হৰিলা চেতন৷

অন্যোঅন্যে কৰে সৱে অনেক তৰ্জ্জন৷৷

অস্ত্ৰ শস্ত্ৰ ধৰি সৱে ৰণত প্ৰবুদ্ধ৷

আপুনাৰ মাজত লগাইলে ঘোৰ যুদ্ধ৷৷১৮৫৬৷৷

টঙ্কাৰিয়া ধনুক বৰিষে শতধাৰে৷

গদা মুদ্‌গৰ অসি পৰশু প্ৰহাৰে৷৷

সাম্ব কামদেৱৰ লাগিলা ঘোৰযুদ্ধ৷

কৰে ঘোৰ সমৰ সাত্যকি অনিৰুদ্ধ৷৷১৮৫৭৷৷

সুভদ্ৰ সংগ্ৰামজিৎ কৰে হুলস্থূল৷

সুমিত্ৰ সুৰথে দুয়ো কৰন্ত তুমুল৷৷

উল্মুকে নিশঠে ভৈল দুৰ্ঘোৰ কন্দল৷

শতজিৎ সমে যুজে ভানু মহাবল৷৷১৮৫৮৷৷

অত্ৰূৰে সহিতে কৃতবৰ্ম্মা মহাবীৰ৷

কৰন্ত সমৰ কোপে কম্পিত শৰীৰ৷৷

ভৈল সৱে উন্মত্ত চেতন নাহি গাত৷

বৰিষন্ত নিশিত শায়ক অসংখ্যাত৷৷১৮৫৯৷৷

পৰিঘ পট্টিশ অসি কৰন্ত প্ৰহাৰ৷

অন্যোঅন্যে শত্ৰুবুদ্ধি চিন্তে মহামাৰ৷৷

তৰ্জ্জয় গৰ্জ্জয় কতো কৰে হতাহতি৷

মাধৱৰ মায়ায়ে মোহিত ভৈলা আতি৷৷১৮৬০৷৷

ভোজ বৃষ্ণি অন্ধক সাত্ত্বত যদুবংশ৷

বিষ্ণুৰ মায়ায়ে সৱে ভৈল বুদ্ধি ভ্ৰংশ৷৷

হুয়া আতি বিস্মৃতি পিতৃক পুত্ৰে মাৰে৷

শ্বশুৰে জমাইক ভাই ভ্ৰাতৃক প্ৰহাৰে৷৷১৮৬১৷৷

শ্যালকে ভিনীসি মাৰে আৰ্য্যকক নাতি৷

খুড়াকে ভাতিজে কটাকটি কৰে আতি৷৷

মিত্ৰে মিত্ৰে কৰে যুদ্ধ ভাগিনে মাতুলে৷

সুহৃদ সোদৰ যেন নচাৱে বাতুলে৷৷১৮৬২৷৷

ঢুকুৱাইলা অস্ত্ৰ ধনু ভাঙ্গিলা কোবত৷

প্ৰহাৰে মাদুৰী ধৰি পৰম ক্রোধত৷৷

শৰীৰত পৰে যেন বজ্ৰৰ সন্ধান৷

বিমূৰ্চ্ছিত হুই যদুগণে ছাড়ে প্ৰাণ৷৷১৮৬৩৷৷

পাছে ৰামকৃষ্ণে উঠি হাতক উচ্চাই৷

মাজে পশি সৱাকো বাধন্ত দুয়োভাই৷৷

দেখি যদু বীৰগণো ক্রোধে খেদি গৈলা৷

শত্ৰুবুদ্ধি তাসম্বাক মাৰিবাক লৈল৷৷১৮৬৪৷৷

খঙ্গি ৰাম মাধৱে মাদুৰী লৈলা তুলি৷

অনেক যাদৱী সেনা মাৰিলা সমূলি৷৷

বিপ্ৰশাপে অন্যোঅন্যে বংশ ভৈলা ছন৷

বাংশৰ অগনি যেন দহে বাংশ-বন৷৷১৮৬৫৷৷

সাগৰৰ তীৰক ঢাকিল মৰা শৱে৷

এৱেসে গুচিল ভাৰ জানিলা মাধৱে৷৷

পাছে বলোভদ্ৰ গৈলা সাগৰৰ তীৰ৷

যোগ চিন্তি এৰিলন্ত মনুষ্য শৰীৰ৷৷১৮৬৬৷৷

কৃষ্ণৰ অদ্ভুত লীলা শুনা সৰ্ব্বজন৷

প্ৰাণ থাকে মানে কেহো নেৰিবা কীৰ্ত্তন৷৷

হেন জানা অন্তকে কেশত আছে ধৰি৷

এৰায়ো যমৰ দায় ডাকি বোলা হৰি৷৷১৮৬৭৷৷