|| পদ ||:
এহিমতে কৃষ্ণক চিন্তন্তে মহাবীৰ৷
বাঢ়িলা ভকতি মল গুচিল বুদ্ধিৰ৷৷
পাসৰি আছিল যিটো শিখিবাৰ তত্ত্ব৷
দুনাই ভৈল অৰ্জ্জুনৰ মনত বেকত৷৷১৯৫৪৷৷
ভৈলা ব্ৰহ্ম সম্পত্তি এৰাইলা শোক ভয়৷
মনত আছিলা মানে গুচিল সংশয়৷৷
মায়ায়ে এৰিল লিঙ্গশৰীৰ ভাগিল৷
আপুনাৰ আত্মা পৰমাত্মাত থাপিল৷৷১৯৫৫৷৷
ভকতিৰ বলে জ্ঞান লভিলা নিৰ্গুণ৷
জীৱন্তে মুকুত হুই ৰহিল অৰ্জ্জুন৷৷
কুন্তী শুনিলন্ত পাছে কৃষ্ণৰ নিৰ্য্যাণ৷
কৃষ্ণতে অৰ্পিয়া চিত্ত ছাড়িলন্ত প্ৰাণ৷৷১৯৫৬৷৷
কৃষ্ণৰ নিৰ্য্যাণ শুনি ৰাজা যুধিষ্ঠিৰ৷
শোক-মোহ এৰি চিত্ত কৰিলন্ত স্থিৰ৷৷
হৰি এৰিলাত কলি প্ৰৱেশিলা জানি৷
পৰীক্ষিত তোমাক পাতিল ৰাজা আনি৷৷১৯৫৭৷৷
এৰিলা বিচিত্ৰ বস্ত্ৰ ৰত্ন অলঙ্কাৰ৷
পিন্ধিলা বাকলি ৰাজা ভৈলা নিৰাহাৰ৷৷
মৌন ব্ৰত ধৰিয়া মুকুত কৰি কেশ৷
ভৈল যেন জড় আতি পিশাচৰ বেশ৷৷১৯৫৮৷৷
কৃষ্ণপদপঙ্কজক ধৰি হৃদয়ত৷
হৰিভক্তি দহিলে মনৰ মল যত৷৷
বিষ্ণুৰ ধ্যানত পৰে আন গতি নাই৷
পাইলন্ত পৰম গতি পাছে পাঞ্চো ভাই৷৷১৯৫৯৷৷
কৃষ্ণপদপঙ্কজ হৃদয়ে কৰি স্থিৰ৷
ধৰিলা উত্তৰ পথ ৰাজা যুধিষ্ঠিৰ৷৷
দ্ৰৌপদী দেখিলা এৰিলন্ত পাঞ্চপতি৷
কৃষ্ণৰ চৰণে পাছে স্থিৰ কৰি মতি৷১৯৬০৷৷
কৃষ্ণকেসে সুমৰে কৃষ্ণক কৰে ধ্যান৷
হা প্ৰাণ কৃষ্ণ বুলি ছাড়িলন্ত প্ৰাণ৷৷
পাছে পৰীক্ষিত তুমি পালিলাহা মহী৷
ধৰ্ম্মক ৰাখিলা বলে কলিক নিগ্ৰহি৷৷১৯৬১৷৷
তোমাৰ ৰাজ্যত ভৈল সত্যৰ ব্যৱস্থা৷
দশোদিশে কহয় তোমাৰ গুণ কথা৷৷
কৃষ্ণৰ নিৰ্য্যাণ শুনিয়োক সৰ্ব্বজনে৷
তৰিবা সংসাৰ ঘোৰ শ্ৰৱণে কীৰ্ত্তনে৷৷১৯৬২৷৷
ইহপৰলোকে হৰি চৰণেসে গতি৷
হেন জানি কৰা সৱে হৰিত ভকতি৷৷
হেন জানা অন্তকে কেশত আছে ধৰি৷
এৰায়ো যমৰ দায় ডাকি বোলা হৰি৷৷১৯৬৩৷৷