|| পদ ||:
উদ্ধৱক সম্বুধি মাতন্ত কৃষ্ণে পাছে৷
কৰ্ম্মবন্ধ এড়াইবে প্ৰবন্ধ যাৰ আছে৷৷
বৈষ্ণৱৰ সঙ্গ সিটো লৈবে প্ৰথমত৷
মোহোৰ চৰিত্ৰ শুনিবেক ভকতত৷৷১৮১৮৷৷
মোৰ নাম কীৰ্ত্তন কৰিব সৰ্ব্বক্ষণে৷
হৃদয়ত মোৰ ৰূপ চিন্তিবে যতনে৷৷
মোৰ যশ গায়া যিটো কৰে গীত নৃত্য৷
নাহি তাৰ ভয় সিটো ভৈল কৃতকৃত্য৷৷১৮১৯৷৷
শুনিয়ো উদ্ধৱ আৱে ৰহস্য ভকতি৷
কৰিবা অভ্যাস তুমি স্থিৰ কৰি মতি৷৷
সমস্ত ভূততে ব্যাপি আছো মই হৰি৷
সৱাকো মানিবা তুমি বিষ্ণুবুদ্ধি কৰি৷৷১৮২০৷৷
ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল৷
দাতাত চোৰত যেন দৃষ্টি একতুল৷৷
নীচত সাধুত যাৰ ভৈল একজ্ঞান৷
তাহাকেসে পণ্ডিত বুলিয় সৰ্ব্বদায়৷৷১৮২১৷৷
বিশেষত মনুষ্যগণত যিটো নৰে৷
বিষ্ণুবুদ্ধিভাৱে সৰ্ব্বদায় মান্য কৰে৷৷
ঈৰিষা অসূয়া তিৰস্কাৰ অহঙ্কাৰ৷
সৱে নষ্ট হোৱে তেৱে তাৱক্ষণে তাৰ৷৷১৮২২৷৷
দেখি সখিগণে জোনো হাসে আসি বেঢ়ি৷
মই সাধু ইটো চোৰ হেন লজ্জা এৰি৷৷
কুকুৰ শৃগাল গৰ্দ্দভৰো আত্মাৰাম৷
জানিয়া সৱাকো পৰি কৰিবা প্ৰণাম৷৷১৮২৩৷৷
সমস্ত ভূততে বিষ্ণুবুদ্ধি নোহে যাৱে৷
কায়বাক্যমনে অভ্যাসিবা এহিভাৱে৷৷
বিষ্ণুময় দেখে যিটো সমস্ত জগত৷
জীৱন্তে মুকুত হোৱে অচিৰ কালতে৷৷১৮২৪৷৷
সকল প্ৰাণীক দেখিবেক আত্মসম৷
উপায় মধ্যত ইটো আতি মুখ্যতম৷৷
মোৰ ইটো ধৰ্ম্মৰ অল্পৰো নাহি হানি৷
যিহেতু সাক্ষাতে মই কৈলো তত্ত্ববাণী৷৷১৮২৫৷৷
দাম্ভিক শঠত নকহিবা ইটো তত্ত্ব৷
সদা উপদেশ দিবা বৈষ্ণৱ জনত৷৷
স্ত্ৰী শূদ্ৰো কৰে যদি আমাত ভকতি৷
তাহাত কহিবা ইটো জ্ঞান মহামতি৷৷১৮২৬৷৷
আক ভক্তি কৰি পঢ়ে যিটো জ্ঞানীলোক৷
মহাশুদ্ধ হুয়া জ্ঞানদীপে দেখে মোক৷৷
জানিলা উদ্ধৱ আৱে দিলো উপদেশ৷
তোমাৰ কি শোক মোহ গুচিল নিঃশেষ৷৷১৮২৭৷৷
ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয়া জায়া৷
পৰম সুন্দৰ মোৰ দেখা ইটো কায়া৷৷
সৱাতো অধিক মোৰ তুমি প্ৰিয়তম৷
নাহি আন বান্ধৱ উদ্ধৱ তুমি সম৷৷১৮২৮৷৷
ভকতেসে মোৰ হৃদি জানিবা নিশ্চয়৷
ভকতজনৰ জানা আমিসে হৃদয়৷৷
মঞি বিনা ভকতে নিচিন্তে কিছু আন৷
ভকতত পৰে মই নিচিন্তোহো আন৷৷১৮২৯৷৷