শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ : ১৩ কী : ৰামে হোক...

|| ঘোষা ||: 

ৰামে হোক মতি

ৰাম চৰণে গতি৷৷১৬০৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

অৰ্জ্জুনে শুনিল হেন কৃষ্ণৰ প্ৰয়াণ৷

ভৈলন্ত বিহ্বল শোকে নাহি শ্ৰুতি জ্ঞান৷৷

মহামৰ্ম্মে কৃষ্ণক সুমৰি কুন্তীসুত৷

হা প্ৰাণ কৃষ্ণ বুলি কান্দিলা বহুত৷৷

কহি আছে মাধৱে গীতাত যিটো জ্ঞান৷

প্ৰবন্ধে হিয়াত তাক কৰিলন্ত ধ্যান৷৷

চিৰকালে চিত্তক কৰিয়া বীৰ স্বস্থ৷

প্ৰেতকাৰ্য্য জ্ঞাতিৰ কৰাইলা মহাৰথ৷৷১৯৩০৷৷

অনুক্রমে দিয়াইলন্ত পিণ্ড জলাঞ্জলি৷

কৃষ্ণৰ আদেশ পাছে শুনি মহাবলী৷৷

স্ত্ৰী বাল্য বৃদ্ধক কৰিয়া বীৰে স্বস্থ৷

সৱাকো লগতে লৈয়া গৈলা ইন্দ্ৰপ্ৰস্থ৷৷১৯৩১৷৷

তহিতে থৈলন্ত নিয়া যত যদুচয়৷

পাছে যুধিষ্ঠিৰক দেখিয়া ধনঞ্জয়৷৷

চৰণত নিঢালে পৰিলা অধোমুখে৷

সমিধান নেদন্ত মনত মহাদুঃখে৷৷১৯৩২৷৷

আকুল হৃদয় ভৈলা দেখি যুধিষ্ঠিৰ৷

ভ্ৰাতৃত পুছন্ত পাছে কৰি চিত্ত স্থিৰ৷৷

বান্ধৱৰ বাৰ্ত্তাক অৰ্জ্জুন মোত কহ৷

কুশলে কি আছে সিটো সুৰ মাতামহ৷৷১৯৩৩৷৷

মমা বসুদেৱ কিবা আছন্ত কল্যাণে৷

ভালে কিবা আছয় তান পত্নীগণ মানে৷৷

সাম্ব কাম অনিৰুদ্ধ ভালে কি আছন্ত৷

সময়ত তেসম্বে কি মোক সুমৰন্ত৷৷১৯৩৪৷৷

গোৱিন্দৰো বাৰ্ত্তা বাপ কহিয়ো আমাত৷

সুখে কি আছন্ত কৃষ্ণ দেৱ দ্বাৰকাত৷৷

যদুবীৰগণ যাৰ বাহুক আশ্ৰয়৷

পৰম আনন্দে সৱে নিৰ্ভয়ে ক্রীড়য়৷৷১৯৩৫৷৷

সত্যভামা সতী যাৰ চৰণ সেৱাত৷

দ্বাৰতে ৰুৱাইলা শচীৰ পাৰিজাত৷৷

হেন প্ৰাণ কৃষ্ণৰ সত্বৰে কহ কথা৷

কিয় হেন ভৈল বাপ তোমাৰ অৱস্থা৷৷১৯৩৬৷৷

চিৰকাল প্ৰৱাসত কিবা পাইলি দুঃখ৷

তনু তোৰ নিস্তেজ মলিন দেখো মুখ৷৷

প্ৰাৰ্থকক নিদিলাহা প্ৰতিশ্ৰুত দান

নকৰিলা প্ৰাণীক ভয়ত পৰিত্ৰাণ৷৷১৯৩৭৷৷

অতিথিক নিদি কিবা কৰিলা ভোজন৷

সিজিল পাতক কিবা অগম্যাগমন৷৷

অধমে জিনিল কিবা আসন্তে পথত৷

কিসক মিলিল বাপ দুঃখ হেনমত৷৷১৯৩৮৷৷

কহিয়োক বাপু এৱে দুঃখৰ কাৰণ৷

বুলিবে খোজন্তে নোলায় মুখত বচন৷৷

চক্ষুক মলচি পাছে শোকক তম্ভাই৷

কাঢ়িল নিশ্বাস বীৰে নৃপতিক চাই৷৷১৯৩৯৷৷

সৌহৃদ্য সখিত্ব সুমৰিয়া মাধৱৰ৷

বোলন্ত অৰ্জ্জুনে ৰাজা শুনা অথান্তৰ৷৷

ভণিল শঙ্কৰে কৃষ্ণ চৰণত ধৰি৷

পাতক ছাড়োক ডাকি বোলা হৰি হৰি৷৷১৯৪০৷৷