শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ : ১১ কী : কৃষ্ণ নাথ যাদ...

|| ঘোষা ||: 

কৃষ্ণ নাথ যাদৱ মাধৱ মধুৰিপু৷৷১৫৮৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

মাধৱক চাই দেৱগণে৷

কৰিলা প্ৰণাম ৰঙ্গমনে৷৷

ৰুপ দেখি চান্ত এক দৃষ্টি৷

কৰন্ত আনন্দে পুষ্পবৃষ্টি৷৷১৯০১৷৷

কৰযোৰে আতি ভক্তি ভাৱে৷

জুমাজুমি কৃষ্ণ গুণ গাৱে৷৷

কতো হৰি কীৰ্ত্তন কৰন্ত৷

তাৰ ছেৱে কতোহো নাচন্ত৷৷১৯০২৷৷

বাজে যন্ত্ৰ আকাশক ছানি৷

কৰে দেৱে দুন্দুভিৰ ধ্বনি৷৷

ঘনে ঘনে পুষ্প বৰিষন্ত৷

জয় কৃষ্ণ বুলি জকাৰন্ত৷৷১৯০৩৷৷

শুনি হৰি উপৰক চাইল৷

ব্ৰহ্মাক আগতে ভেট পাইল৷৷

আন সৱ দেৱতাক দেখি৷

মুদিলন্ত কৃষ্ণে দুয়ো আখি৷৷১৯০৪৷৷

পাছে যোগ ধাৰণা ধৰিলা৷

আপুনাক আত্মাতে থাপিলা৷৷

নিমিষেকে নৰচেষ্টা এৰি৷

বৈকুণ্ঠত প্ৰৱেশিলা হৰি৷৷১৯০৫৷৷

যেন মেঘে বিজুলী ছটাক৷

নৱাৰিল কেৱে লক্ষিবাক৷

কৃষ্ণৰ গতিক সৱ দেৱে৷

সেহিমতে নলক্ষিল কেৱে৷৷১৯০৬৷৷

যিটো দেহা ধ্যানৰ আলয়৷

দেখি হোন্ত আপুনি বিস্ময়৷৷

হেন তনু ভৈলা অন্তৰ্দ্ধান৷

বিজুলী ছটাক যেন থান৷৷১৯০৭৷৷

শ্ৰীধৰ্ম সত্য ধৃতি যত৷

সৱে গৈলা কৃষ্ণৰ লগত৷৷

হেন দেখি যত দেৱগণে৷

সৱাৰে বিস্ময় ভৈলা মনে৷৷১৯০৮৷৷

কৃষ্ণৰ অদ্ভুত যোগ গতি৷

দেখি সৱে প্ৰশংসিলা আতি৷৷

স্বকী স্বকী স্থানে চলি গৈলা৷

শুকমুনি নৃপতিত কৈলা৷৷১৯০৯৷৷

ৰাজা আত বিস্ময় নকৰা৷

মৰা পুত্ৰ অন্তকৰো পৰা৷৷

গুৰুক দক্ষিণা আনি দিলা৷

স্বদেহে ব্যাধকো স্বৰ্গ নিলা৷৷১৯১০৷৷

ব্ৰহ্ম অস্ত্ৰে দহন্তে তোমাক৷

ৰাখিলন্ত ধৰিয়া গদাক৷৷

হেন হৰি দেৱ আদি মূল৷

নৰাখিলা ইটো যদুকুল৷৷১৯১১৷৷

মনুষ্যত নাই স্বতঃগতি৷

অন্তকালে সৱে বিসঙ্গতি৷৷

হেনসে দেখাই দেৱহৰি৷

গৈলা লৰি কুলক সংহৰি৷৷১৯১২৷৷

ইটো লীলা কৃষ্ণৰ চৰিত৷

কৰয় কীৰ্ত্তন যিটো নিত৷৷

তাৰ হুইবে বৈকুণ্ঠত বাস৷

হেন জানি তেজিয়ো আলাস৷৷১৯১৩৷৷

হৰিৰ কীৰ্ত্তন সদা কৰা৷

বৃথা কথা কহিয়া নমৰা৷৷

কহে কৃষ্ণ কিঙ্কৰে শঙ্কৰে৷

হৰি হৰি বোলা নিৰন্তৰে৷৷১৯১৪৷৷