|| পদ ||:
আকাশত থাকি ব্ৰহ্মা বোলে স্তুতি বাণী৷
মাতন্ত কৃষ্ণক শুনা প্ৰভু চক্রপাণি৷৷
খণ্ডিবাক লাগি পৃথিৱীৰ মহাভাৰ৷
দৈৱকীৰ গৰ্ভে আসি ভৈলা অৱতাৰ৷৷১৭৯৭৷৷
দুষ্ট ৰাজাগণক মাৰিলা কৰি লীলা৷
সন্তক ৰাখিলা প্ৰভু ধৰ্ম্মক থাপিলা৷৷
সমস্ত লোকৰ কৰি পাপৰ প্ৰলয়৷
দশোদিশে প্ৰকাশে তোমাৰ যশচয়৷৷১৭৯৮৷৷
যদুকুলে অৱতৰি আছা দামোদৰ৷
পঞ্চিশ অধিক ভৈল শতেক বৎসৰ৷৷
দেৱকাৰ্য্য লাগে মানে সাধিলা সকলে৷
কুলকো নাশিলা প্ৰায় বিপ্ৰশাপ ছলে৷৷১৭৯৯৷৷
পৃথিৱীক এৰি আৱে আসা নিজ স্থান৷
আমি সৱ কিঙ্কৰক কৰা পৰিত্ৰাণ৷৷
মাধৱে বোলন্ত শুনিয়োক প্ৰজাপতি৷
পৃথিৱীক এৰিবে আমাৰো আছে মতি৷৷১৮০০৷৷
কিন্তু যেৱে যাওঁ যদুকুল নসংহৰি৷
আৰ ভৰে দুনাই তল যাইবে বসুন্ধৰী৷৷
আগে আমি ইটো যদুকুল কৰি ক্ষয়৷
তেৱেসে চলিবো ব্ৰহ্মা তোমাৰ নিলয়৷৷১৮০১৷৷
শুনি ব্ৰহ্মা প্ৰণামিয়া কৰি কৃতাঞ্জলি৷
ত্ৰিদশে সহিতে নিজস্থানে গৈলা চলি৷৷
দ্বাৰকাত অনেক মিলাৱে উতপাত৷
প্ৰত্যকে দেখাৱে যেন প্ৰজাৰ বিঘাত৷৷১৮০২৷৷
বুলিলন্ত বাণী কৃষ্ণে বংশক শুনাই৷
প্ৰভাসক যাইবো আমি এৰি ইটো ঠাই৷৷
আমাৰ বংশত হুয়া আছে ঋষিশাপ৷
ঘোৰ উতপাত দেখি মিলে হৃদিতাপ৷৷১৮০৩৷৷
আজি যাইবো প্ৰভাসক কৰিয়ো উদ্যোগ৷
তৈতে স্নানি চন্দ্ৰে এৰাইলন্ত যক্ষ্মাৰোগ৷৷
দক্ষশাপ গুচিল পাইলন্ত পূৰ্ণকলা৷
হেন জানি যদুগণ তৈকে লাগি চলা৷৷১৮০৪৷৷
সবংশে আমিয়ো গৈয়া তৈতে কৰি স্নান৷
বিপ্ৰক ভোজন কৰাই দেওঁ মহাদান৷৷
দানে পুণ্যে হুই ঘোৰ দুৰ্গতি নিস্তাৰ৷
যেন মহানাৱে সাগৰত কৰে পাৰ৷৷১৮০৫৷৷
কৃষ্ণৰ বচন শুনি যত যদুগণ৷
তীৰ্থক যাইবাক সৱে কৰিলা যতন৷৷
লৱৰা-লৱৰি কৰি ভৈলা কাছপাৰ৷
ৰথত তুলিলা আনি সমস্তে সম্ভাৰ৷৷১৮০৬৷৷
নিসান কোবাই সৱে এক স্থান ভৈল৷
বাল বৃদ্ধ স্ত্ৰী মাত্ৰ নগৰত ৰৈল৷৷
ভণিল শঙ্কৰে কৃষ্ণ চৰণত ধৰি৷
পাতক ছাড়োক ডাকি বোলা হৰি হৰি৷৷১৮০৭৷৷