শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ : ৮ম কী : ৰাম হৰি বোলা...

|| ঘোষা ||: 

ৰাম হৰি বোলা মুখে৷

সংসাৰ তৰিয়ো সুখে৷৷১৫৫৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

দেখিলা কৃষ্ণে ৰাম মহাভাগ৷

কৰিলা যোগবলে তনু ত্যাগ৷৷

মাধৱে পাছে প্ৰভাসৰ জলে৷

স্নান কৰি গৈলা অশ্বত্থ তলে৷৷১৮৬৮৷৷

মাটিত বসিয়া ভৈলন্ত চুপ৷

ধৰিলা দিব্য চতুৰ্ভুজ ৰূপ৷৷

দেহাৰ জ্যোতি জ্বলে দিশপাশ৷

বিধূম বহ্নিৰ যেন প্ৰকাশ৷৷১৮৬৯৷৷

নৱমেঘ যেন শ্যাম আকৃতি৷

তাতে পীত বস্ত্ৰে কৰে দীপিতি৷৷

বদন পঙ্কজ আছে প্ৰকাশি৷

নুগুচে সদায় ঈষত হাসি৷৷১৮৭০৷৷

প্ৰকাশে কপালে অলকা পান্তি৷

পদ্মক নিন্দে নয়নৰ কান্তি৷৷

কিৰীটি শিৰে সম নাহি তুলে৷

কৰ্ণত মকৰ কুণ্ডল দোলে৷৷১৮৭১৷৷

আজানুলম্বী চাৰু চাৰি হাত৷

কেয়ূৰ কঙ্কণে প্ৰকাশে তাত৷৷

আঙ্গুলিগণক দেখন্তে তুষ্টি৷

ৰত্নময় পিন্ধি আছে আঙ্গুষ্ঠি৷৷১৮৭২৷৷

কম্বুকণ্ঠে আতি কৌস্তুভ জ্বলে৷

মুকুতাৰ হাৰ শোভে উৰঃস্থলে৷৷

গলত বনমালা কৰে কান্তি৷

হিয়াত প্ৰকাশে  শ্ৰীবৎস পান্তি৷৷১৮৭৩৷৷

কান্ধে নৱগুণ উত্তৰী পীত৷

ৰত্নৰ মেখলা জ্বলে কটিত৷৷

নূপুৰ ৰঞ্জে পাদ পদ্ম দুই৷

ভকতে যাক দেখি সুখী হুই৷৷১৮৭৪৷৷

যতেক অস্ত্ৰ চক্র আদি কৰি৷

চৌপাশে উপাসন্ত মূৰ্ত্তি ধৰি৷৷

দক্ষিণ ঊৰুত থৈয়া চৰণ৷

বসি আছে হৰি ধৰি আসন৷৷১৮৭৫৷৷

মৃগ মুখাকাৰ দেখিয়া ভৰি৷

মাৰিলা ব্যাধে শৰ লক্ষ্য কৰি৷৷

সন্ধানে কৃষ্ণৰ পাৱক ভেদি৷

পৰিল বুলি ব্যাধ আইলা খেদি৷৷১৮৭৬৷৷

দেখি বসি আছে জগনিৱাস৷

পেলাইল ধনু হুয়া মহাত্ৰাস৷৷

ডৰিল জীৱ ভৈলা যেন মৰা৷

কৃষ্ণৰ আগত পৰিল জৰা৷৷১৮৭৭৷৷

শুনা সৰ্ব্বজনে হৰি চৰিত৷

আতপৰে ধৰ্ম্ম নাহি কলিত৷৷

কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে৷

বোলা হৰি হৰি সমস্ত নৰে৷৷১৮৭৮৷৷