|| পদ ||:
নৃপতিত শুকে পাছে কহন্ত কাহিনী৷
গৈলন্ত উদ্ধৱ পায়া কৃষ্ণত মেলানি৷৷
বিদুৰে সহিতে যেন কৰিলা আলাপ৷
শুনিয়ো নৃপতি দুনাই উদ্ধৱ বিলাপ৷১৯৬৪৷৷
তীৰ্থ কৰি ফুৰন্তে বিদুৰ মহাভাগ৷
যমুনাতীৰত উদ্ধৱক পাইলা লাগ৷৷
পূৰ্ব্বশিষ্য গুৰুৰ কৃষ্ণৰ অনুচৰ৷
দেখি তাক আতি প্ৰীতি ভৈলা বিদুৰৰ৷৷১৯৬৫৷৷
আলিঙ্গি ধৰিলা নয়নৰ বহে জল৷
পুছিলন্ত যদু কুৰু কুলৰ কুশল৷৷
পুৰাণ পুৰুষ ৰাম কৃষ্ণ অৱতৰি৷
সুখে কি আছন্ত পৃথিৱীৰ ভাৰ হৰি৷৷১৯৬৬৷৷
বসুদেৱ ভিনীসিৰ কহিয়ো কল্যাণ৷
আমাৰ সুহৃদ নাহি তাহান সমান৷৷
প্ৰদ্যুম্নৰ বাৰ্ত্তা বাপ কহিয়ো সম্প্ৰতি৷
সুখে কি আছন্ত উগ্ৰসেন শুদ্ধমতি৷৷১৯৬৭৷৷
সাম্ব কাম অনিৰুদ্ধ আছন্ত কুশলে৷
বৈষ্ণৱ অত্ৰূৰ কিবা আছে অৱিকলে৷৷
আনন্দে কি আছন্ত সাত্যকি ধনুৰ্দ্ধৰ৷
দেৱকীৰ বাৰ্ত্তা আৱে কহিয়ো সত্বৰ৷৷১৯৬৮৷৷
চাৰু গদ আদি কৰি কৃষ্ণৰ তনয়৷
আছে যদুগণ কিবা পূৰ্ব্ব অভ্যুদয়৷৷
কৃষ্ণ ধনঞ্জয় দুইকো কৰিয়া আশ্ৰয়৷
সুখে কি আছন্ত যুধিষ্ঠিৰ মহাশয়৷৷১৯৬৯৷৷
ভীম ধনঞ্জয় সহদেৱ নকুলৰ৷
সৱাৰো বাৰ্ত্তাক বাপ কহিয়ো সত্বৰ৷৷
কৰো অনুশৌচ ধৃতৰাষ্টক সম্প্ৰতি৷
নিজ পাপে গৈল জীৱন্ততে অধোগতি৷৷১৯৭০৷৷
দেশৰ ডাকিলা মোক পুত্ৰৰ বিবাদে৷
তীৰ্থ কৰি ফুৰো মই কৃষ্ণৰ প্ৰসাদে৷
যাৰ যশ কীৰ্ত্তনে জগত আতি তৰে৷
বাৰ্ত্তা কহ সখি হেন কৃষ্ণৰ সত্বৰে৷৷১৯৭১৷৷
পুছিলা বিদুৰে যেৱে কৃষ্ণৰ কুশল৷
মাধৱক স্মৰি ভৈল উদ্ধৱ বিহ্বল৷৷
পাঞ্চ বৰিষতে যিটো ভোজনক এৰি৷
শিশুলীলা কৰিয়া পূজন্ত মাত্ৰ হৰি৷৷১৯৭২৷৷
কৃষ্ণৰ সেৱাতে আৱে বৃদ্ধ আসি ভৈলা৷
কহিবে নপাৰি কথা মৌন হুয়া ৰৈলা৷৷
দুইদণ্ড চিন্তিলন্ত কৃষ্ণৰ চৰণ৷
হৰিভক্তি অমৃতত মগ্ন ভৈল মন৷৷১৯৭৩৷৷
শিহৰিল লোম ভৈল সৰ্ব্বাঙ্গ পুলক৷
চক্ষুমুদি আছে স্ৰৱে ধাৰায়ে লোতক৷৷
মাধৱৰ স্নেহৰসে মগ্ন ভৈল মন৷
বোলা হৰি হৰি সমজ্যাৰ যত জন৷৷১৯৭৪৷৷