শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ : ১৯ কী : কাহা গৈলা...

|| ঘোষা ||: 

কাহা গৈলা মোৰ গোপাল স্বামী৷

কৃষ্ণ বিনে জীৱো কিমতে আমি৷৷১৬৬৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

কৃষ্ণক নেদেখি আকুল মতি৷

বিচাৰি পাছে পাইলো প্ৰাণপতি৷৷

নিৰ্ম্মল শ্যাম তনু সুকুমাৰ৷

কণ্ঠত কৌস্তুভ মুকুতাৰ হাৰ৷৷২০০৩৷৷

চাৰিখান ভুজ ভূষণে জ্বলে৷

আপাদলম্বী বনমালা গলে৷৷

অৰুণ লোচন মুখ প্ৰসন্ন৷

প্ৰকাশন্তে আছে পীত বসন৷৷২০০৪৷৷

কুণ্ডলে কৰ্ণে কৰে জলমল৷

কিৰীটি ৰত্নৰ শিৰে উজ্জ্বল৷৷

নূপুৰে ৰঞ্জে পাদপদ্ম কোষ৷

যাক দেখি মিলে মনে সন্তোষ৷৷২০০৫৷৷

দাহিন পদে বাম ঊৰু থাপি৷

আসনে বসিছা জগত ব্যাপি৷৷

শিশু অশ্বত্থত আৱজি গাৱ৷

দেখিলো প্ৰভু পূৰ্ণানন্দ ভাৱ৷৷২০০৬৷৷

তহিতে মৈত্ৰেয় মিলিলা আসি৷

মোক দেখি কৃষ্ণে তুলিলা হাসি৷৷

কান্দিবে লাগিলো প্ৰভুক চাই৷

প্ৰবোধিলে মোক যাদৱৰায়৷৷২০০৭৷৷

জানিলো উদ্ধৱ তোমাৰ চিত্ত৷

পূৰিবো তোমাৰ মন বাঞ্ছিত৷৷

আছিলা বসু পূৰ্ব্ব জনমতে৷

পূজিলা মোক তুমি ভালমতে৷৷২০০৮৷৷

মোহোৰ কৃপায়ে লভিলা পাৰ৷

আউৰ জন্ম দুনাই নাহি তোমাৰ৷৷

সুদৃঢ় ভকতি জ্ঞান বৈৰাগ৷

ইজন্মত আসি লৈলেক লাগ৷৷২০০৯৷৷

হেন কৃপা বাক্য শুনি স্বামীৰ৷

স্নেহে শিহৰিল সৱ শৰীৰ৷৷

বহয় লোতক নেত্ৰৰ ঝৰি৷

বুলিলো পাছে কৃতাঞ্জলি কৰি৷৷২০১০৷৷

চিন্তে যিটো জনে তযু চৰণ৷

নিসিজে তাৰ কোন প্ৰয়োজন৷৷

তথাপি একো বাঞ্ছা নাই মোৰ৷

তোমাৰ চৰণ সেৱাত পৰ৷৷২০১১৷৷

তুমি পূৰ্ণব্ৰহ্ম জগতে খ্যাত৷

তথাপি মোক মাতা মন্ত্ৰণাত৷৷

সোধা কথা যেন সামান্য জন৷

ইহাক স্মৰি মোহ হোৱে মন৷৷২০১২৷৷

ব্ৰহ্মাক দিলা যিটো জ্ঞান স্বামী ৷

জানিবে যেৱে যোগ্য হওঁ আমি৷৷

কহিয়ো তেৱে তাক ভগৱন্ত৷

পাওঁ প্ৰভু যেৱে দুঃখৰ অন্ত৷৷২০১৩৷৷

হেন শুনি হৰি কৃপায়ে হাসি৷

কহিলা ৰহস্য জ্ঞান প্ৰকাশি৷৷

পৰম প্ৰসাদ দিলন্ত স্বামী৷

নমিলো পাছে প্ৰদক্ষিণে আমি৷৷২০১৪৷৷

আসিলো ঐক হুয়া কৃতকৃত্য৷

কৃষ্ণৰ বিৰহে আতুৰ চিত্ত৷৷

তোমাক এৰিয়া মই অভাগী৷

যাইবো বদৰিকাশ্ৰমক লাগি৷৷২০১৫৷৷

তোমাত জ্ঞান কহিবাক প্ৰতি৷

বুলিলা মৈত্ৰেয়ক যদুপতি৷৷

বিদুৰে সমে হেন কথা কই৷

আনন্দে তীৰত আছিলা ৰই৷৷২০১৬৷৷

কথাতে পোহাইল সমস্ত ৰাতি৷

বিদুৰো ভৈলা আনন্দিত আতি৷৷

কৃষ্ণৰ কীৰ্ত্তি শুনা সৰ্ব্বলোক৷

তৰিবা যেৱে ইটো দুঃখ শোক৷৷২০১৭৷৷

অন্তকে আসি ধৰিলেক পৰা৷

জানিয়া আন আলজাল এৰা৷৷

কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে৷

হৰি হৰি বোলা সমস্ত নৰে৷৷২০১৮৷৷