|| পদ ||:
উদ্ধৱে কৃষ্ণৰ শুনি বাণী৷
কৃতাঞ্জলি ভৈলা মহামানী৷৷
মাতিবে নৱাৰি আছে ৰহি৷
চক্ষুৰ লোতক পৰে বহি৷৷১৮৩০৷৷
স্নেহত আকুল কৰে মন৷
ধৈৰ্য্য ধৰি ভৈলা সন্ধুক্ষণ৷৷
আগবাঢ়ি গৈলা ধীৰে ধীৰে৷
কৃষ্ণৰ চৰণ ছুই শিৰে৷৷১৮৩১৷৷
বুলিলা কৰিয়া নমস্কাৰ৷
গুচাইলা মোহ অন্ধকাৰ৷৷
সূৰ্য্যৰ কাছত যিটো থাকে৷
তাক কি আন্ধাৰে আৰ ঢাকে৷৷১৮৩২৷৷
কিনো কৃপা ভৃত্যক কৰিলা৷
বিজ্ঞান প্ৰদীপ মোক দিলা৷৷
প্ৰভু এৰি তোমাৰ পাৱক৷
কোনজনে ভজিবে আনক৷৷১৮৩৩৷৷
ছিণ্ডিলা সুদৃঢ় মোহপাশ৷
বিষয়ত কৰিলা উদাস৷৷
দূৰ ভৈল বান্ধৱৰ স্নেহ৷
দেখো ভিন্ন আপুনাৰ দেহ৷৷১৮৩৪৷৷
নমো নমো যোগেশ্বৰ হৰি৷
ভৃত্যক শিখায়ো ভাল কৰি৷৷
মুক্ত অৱস্থাতো মোৰ মন৷
নেৰো যেন তোমাৰ চৰণ৷৷১৮৩৫৷৷
মাধৱে বোলন্ত এহি হৌক৷
বদাৰিকাশ্ৰমক যায়োক৷৷
অলকানন্দাক দৰশনে৷
এৰিবে সমস্ত পাপগণে৷৷১৮৩৬৷৷
পিন্ধিবাহা বাকলি বসন৷
বন্যফল কৰিবা ভোজন৷৷
থাকিবাহা ইন্দ্ৰিয়ক দমি৷
হৈবা শান্ত মনক নিয়মি৷৷১৮৩৭৷৷
আমাক স্মৰিবা বাক্যমনে৷
মোৰ ৰূপ চিন্তিবা যতনে৷৷
সংসাৰৰ বন্ধে হৈবা হীন৷
তেৱে চিত্ত মোতে যাইবা লীন৷৷১৮৩৮৷৷
যিটো জ্ঞান শিখাইলো তোমাক৷
বিচাৰিয়া অভ্যাসিবা তাক৷৷
পাইবা তাৰ অল্পতে প্ৰমাণ৷
এতিক্ষণে এৰা ইটো স্থান৷৷১৮৩৯৷৷
তৰিবাহা সংসাৰৰ ক্লেশ৷
দিবাহা লোকক উপদেশ৷৷
ভণিল শঙ্কৰে কৃষ্ণ পদে৷
হৰি হৰি বোলা সভাসদে৷৷১৮৪০৷৷