শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ : ৩য় কী : পৰমানন্দ ৰাম...

|| ঘোষা ||: 

পৰমানন্দ ৰাম জোনো ছাড়হু মোক৷

হৰি জোনো তেজি যাহা মোক৷৷১৫০৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

যাইবে যদুগণ পাছে ভকত উদ্ধৱৰ কাছে

বিমঙ্গল দেখি কাম্পে কায়৷

কৃষ্ণৰ বচন শুনি মনে বিমৰিষি গুণি

বুজিলন্ত সৱে অভিপ্ৰায়৷৷

বিৰলত হৰিদাস কৃষ্ণৰ চাপিয়া পাশ

শিৰে প্ৰণামিলা পাৱ ছুই৷

অন্তৰ্গতে তনু তাৱে মাধৱক নম্ৰভাৱে

বুলিলন্ত কৃতাঞ্জলি হুই৷৷১৮০৮৷৷

যাদৱ বংশক তুমি সংহৰি এৰিবা ভূমি

অৱশ্যে জানিলো আক আমি৷

সি কাৰণে ঋষিশাপ ব্যৰ্থ নকৰিলা বাপ

তুমি হুয়া জগতৰ স্বামী৷৷

তোমাৰ চৰণ এৰি নিমিষেকো প্ৰভু হৰি

থাকিবে নৱাৰো একো স্থান৷

তুমি এৰি গৈলে মোৰ মিলিবে সন্তাপ ঘোৰ

অৱশ্যে ছাড়িবো মোৰ প্ৰাণ৷৷১৮০৯৷৷

তুমি জপ তপ পুণ্য তুমি বিনা দেখো শূন্য

দিনতে আন্ধাৰ ত্ৰিজগত৷

অনেক কাৰ্পূণ্য কৰো দুয়ো চৰণত ধৰো

লৈয়া যায়ো আমাক লগত৷৷

সম্যকে অমৃতময় তোমাৰ চৰিত্ৰচয়

তাক মাত্ৰ শুনে যিটো নৰে৷

তাহাৰো উপজে ভাৱ নছাড়ে তোমাৰ পাৱ

আন বিষয়কো পৰিহৰে৷৷১৮১০৷৷

শয়নে ভোজনে স্নানে তোমাৰ ৰহস্য স্থানে

সদাসেৱা কৰি থাকো আমি৷

তুমি জীৱ তুমি প্ৰাণ তুমি বিনে নাহি আন

কিমতে বৰ্ত্তিবো এৰি স্বামী৷৷

অৱশেষ উপহাৰ ছাড় বস্ত্ৰ অলঙ্কাৰ

তোমাৰেসে পিন্ধো সৰ্ব্বদায়৷

তোমাৰ উচ্ছিষ্ট খায়া তৰিবো দুস্তৰ মায়া

হেনসে আছিল অভিপ্ৰায়৷৷১৮১১৷৷

যোগীগণে শ্ৰম কৰি প্ৰবন্ধ সমাধি ধৰি

সৱে কৰ্ম্মবন্ধ কৰি ক্ষীণ৷

তেজিয়া সংসাৰ নয় দেখে সৱে ব্ৰহ্মময়

তেৱেসে তোমাত যায় লীন৷৷

আমি যত গৃহবাসী কৰ্ম্মপথে ভ্ৰমো আসি

ভজিলোহো চৰণ তোমাৰ৷

তোমাক হিয়াত স্মৰি তোমাৰ কীৰ্ত্তন কৰি

তোমাৰ কথায়ে হুইবো পাৰ৷৷১৮১২৷৷

চৰণ-ছত্ৰক ইটো উপাসিয়া থাকে যিটো

সিটো এৰাই সংসাৰৰ তাপ৷

হেন পাদপদ্ম এৰি ক্ষণেকো নিজীবো হৰি

নিয়ো লগে জগতৰ বাপ৷৷

অনেক কাৰ্পুণ্য কৰি কৃষ্ণৰ আগত পৰি

জুৰিলন্ত উদ্ধৱে ক্রন্দন৷

দেখি দুঃখ ভকতৰ আশ্বাসিলা দামোদৰ

উদ্ধৱক বুলিলা বচন৷৷১৮১৩৷৷

স্বৰূপ জানিলা তুমি এড়িবাক চাওঁ ভূমি

সংহৰিলো পৃথিৱীৰ ভাৰ৷

দেৱৰো সাধিলো কাজ তোমাত নাহিকে বাজ

কুলৰো চিন্তিবো মহামাৰ৷৷

সাত দিন অৱসানে সমস্তে দ্বাৰকা মানে

সাগৰৰ জলে যাইবে তল৷

আমি এড়িলাত ভূমি ঐত নাথাকিবা তুমি

লোকত মিলিবে বিমঙ্গল৷৷১৮১৪৷৷

পীড়িবে দুৰ্জ্জন কলি সত্বৰে যায়োক চলি

এৰা বন্ধু বান্ধৱৰ স্নেহ৷

মঞি আত্মা হেন জানি আমাক বান্ধৱ মানি

দেখা ভিন অপুনাৰ দেহ৷৷

যত দেখা যত শুনা যতেক মনত গুণা

সৱে মায়াময় স্বপ্নসম৷

সমস্তে জগতে হৰি জানিয়া নিশ্চয় কৰি

গুচায়ো বুদ্ধিৰ ইটো ভ্ৰম৷৷১৮১৫৷৷

জ্ঞানযোগ কৰ্ম্মযোগ পৰম ভকতি যোগ

সমস্তে কহিলা উদ্ধৱত৷

সাংখ্যযোগ যত আছে উদ্ধৱে জানিলা পাছে

মাধৱৰ পাদ প্ৰসাদত৷৷

দুনাই পুটাঞ্জলি ধৰি কৃষ্ণক প্ৰণাম কৰি

বুলিলন্ত হুয়া নম্ৰ কায়া৷

জানিলো তুমিসি সঁচা আন যত সৱে মিছা

তথাপি দুস্ত্যজ মোহমায়া৷৷১৮১৬৷৷

বিষয়ৰ দুঃখ জানি তথাপিতো একো প্ৰাণী

নেৰে দুনাই তাকে ভুঞ্জি মৰে৷

গলত বান্ধিয়া পাঘে কাটিবাক নেন্তে ছাগে

যেন নিৰ্লজ্জতা আতি কৰে৷৷

অনেক ভৰ্ৎসনি পাই উচ্চিষ্ট ভুঞ্জিবে যাই

যেন আতি কুকুৰ নিৰ্গতে৷

কহিয়োক স্বৰূপত ইটো ঘোৰ বিষয়ত

বিৰকতি হোৱে কেনমতে৷৷১৮১৭৷৷