|| পদ ||:
হেন যেৱে বুলিলা মাধৱে৷
কৰযোৰে উঠিলা উদ্ধৱে৷৷
বান্ধৱৰ স্নেহে ভৈলা হীন৷
কৰিলা কৃষ্ণক প্ৰদক্ষিণ৷৷১৮৪১৷৷
পৰি প্ৰণামিলা মহাবীৰ৷
কৃষ্ণৰ চৰণে থৈয়া শিৰ৷৷
স্নেহে ভৈল আকুল স্বভাৱ৷
লোতকে তিয়াইলা দুয়ো পাৱ৷৷১৮৪২৷৷
আজি এৰো প্ৰভুৰ চৰণ৷
এহি বুলি জুৰিলা ক্রন্দন৷৷
যদ্যপি জানিলা মহাজ্ঞান৷
তথাপিতো ছাড়ে যেন প্ৰাণ৷৷১৮৪৩৷৷
ভৈলন্ত বিহ্বল আতি স্নেহে৷
যাইবাক খোজন্তে হৃদি দহে৷৷
কৃষ্ণক এৰিবে নপাৰন্ত৷
চৰণত পৰিয়া কান্দন্ত৷৷১৮৪৪৷৷
হৃদিতাপ কৰন্ত উদ্ধৱে৷
চলা চলা বোলন্ত মাধৱে৷৷
কৃষ্ণৰ সুদৃঢ় আজ্ঞা জানি৷
উঠি আখি মুচি মহামানী৷৷১৮৪৫৷৷
প্ৰভুৰ পাদুকা শিৰে বান্ধি৷
প্ৰণামি লৰিলা কান্দি কান্দি৷৷
আগক নবাঢ়ে তান ভৰি৷
কৰন্ত প্ৰণাম দুনাই পৰি৷৷১৮৪৬৷৷
উঠি যান্ত ভৰি পাঞ্চ ছয়৷
আৰকা পৰন্ত মহাশয়৷৷
কৃষ্ণৰ চৰণ এৰি যান্ত৷
নযাই ভৰি উলটি চাহন্ত৷৷১৮৪৭৷৷
ধৰিবাক নৱাৰিবে চিত৷
দণ্ডৱতে পৰন্ত ভূমিত৷৷
দুনাই উঠি কৰন্ত গমন৷
কৃষ্ণৰ বিয়োগে দহে মন৷৷১৮৪৮৷৷
কৃষ্ণে যিটো শিখাইলন্ত জ্ঞান৷
কৰিলা হৃদয়ে তাক ধ্যান৷৷
কৃষ্ণৰ খৰম মাথে লৈয়া৷
দ্বাৰকাৰ বাজ ভৈলা গৈয়া৷৷১৮৪৯৷৷
যাদৱ বংশক কৃষ্ণে আনি৷
বুলিলা মাধৱে হেন বাণী৷৷
দেখা কেন ঘোৰ উতপাত৷
দ্বাৰকাত মিলিবে বিঘাত৷৷১৮৫০৷৷
স্ত্ৰী-বাল বৃদ্ধ আছে যত৷
থাকোক ৰহিয়া দ্বাৰকাত৷৷
প্ৰভাসক চলি যাওঁ আমি৷
স্নান দান কৰো জলে নামি৷৷১৮৫১৷৷
দানেসে দুৰ্গতি সৱে হৰে৷
ঐৰ আসা অন্তৰো সত্বৰে৷৷
শুনি বাল বৃদ্ধ তিৰী যত৷
সৱে আসি ৰৈলা দ্বাৰকাত৷৷১৮৫২৷৷
যতেক পুৰুষ বলিয়াৰ৷
নাৱে ভৈলা সাগৰৰ পাৰ৷৷
ৰথে চড়ি গৈলা প্ৰভাসক৷
অৰ্চ্চিলন্ত দেৱ ব্ৰাহ্মণক৷৷১৮৫৩৷৷
কৃষ্ণকথা শুনা সৰ্ব্বজনে৷
উদ্ধাৰিবে কৃষ্ণৰ কীৰ্ত্তনে৷৷
মোক্ষ পাইবা গৃহবাসে থাকি৷
জানি হৰি হৰি বোলা ডাকি৷৷১৮৫৪৷৷