|| পদ ||:
কথমপি কৃষ্ণৰ চৰণ এৰি মন৷
বজাইলা উদ্ধৱে পাইলা গাৱত চেতন৷৷
হাতে মলচিয়া চক্ষু চিত্ত স্থিৰ কৰি৷
তেজিলন্ত নিশ্বাস কৃষ্ণৰ লীলা স্মৰি৷৷১৯৭৫৷৷
কৃষ্ণৰ বিৰহ অগ্নি দগ্ধ কৰে মন৷
কান্দন্তে দিলন্ত বিদুৰক সমিধান৷৷
কিবা কথা সোধা সখি দেখো অন্ধকাৰ৷
কৃষ্ণসূৰ্য্য অস্ত গৈল প্ৰাণ যে আমাৰ৷৷১৯৭৬৷৷
কালসৰ্পে দংশিলেক সুহৃদসকল৷
কি কহিবো সখি আৰ আমাৰ কুশল৷৷
যাদৱ বংশৰ কিনো মিলিল অভাগ৷
নজানিলো কৃষ্ণক হাততে পায়া লাগ৷৷১৯৭৭৷৷
ক্ষীৰ সাগৰত আছিলন্ত শশধৰ৷
মৎস্যে যেন বোলে ইয়ো এক জলচৰ৷৷
সেহিমতে ঈশ্বৰক পায়া যদুগণ৷
মনে মানিলন্ত এন্তে জ্ঞাতি একজন৷৷১৯৭৮৷৷
ভূষণৰ ভূষণ পৰম অঙ্গচয়৷
যাক দেখি হোন্ত হৰি আপুনি বিস্ময়৷
অপুণ্য প্ৰাণীক দিয়া অল্প দৰিশন৷
লগতে নিলন্ত যেন লোকৰ লোচন৷৷১৯৭৯৷৷
দেখিয়ো কৃষ্ণৰ কেন কৰ্ম্ম বিড়ম্বন৷
বসুদেৱ গৃহত অজৰ উপজন৷৷
যাৰ কটাক্ষতে হোৱে জগত বিনাশ৷
কংস ভয়ে লৈলা তেন্ত গোকুলত বাস৷৷১৯৮০৷৷
বসুদেৱ দৈৱকীক বুলিলা প্ৰণামি৷
কংস ভয়ে ব্ৰজত বঞ্চিলো গৈয়া আমি৷৷
হে পিতৃ মাতৃ মোৰ মৰষিয়ো দোষ৷
ইহাক সুমৰি মনে মিলে অসন্তোষ৷৷১৯৮১৷৷
হেনয় কৃষ্ণৰ যিটো গাইলে নামগুণ৷
পাসৰিবে ইটো দুনাই কোন নিদাৰুণ৷৷
ৰাজসূয় যজ্ঞত দেখিলো নেত্ৰ ভৰি৷
যেন সিদ্ধি পাইলে শিশুপালে দ্বেষ কৰি৷৷১৯৮২৷৷
কৃষ্ণ মুখপদ্মক কৰন্ত নেত্ৰে পান৷
অৰ্জ্জুনৰ শৰে কাটে ছাড়ে সুখে প্ৰাণ৷৷
পাৱে পৰম্পদ ব্ৰহ্মাদিয়ো যাত গহ৷
হেনয় প্ৰভুৰ কোনে সহিবে বিৰহ৷৷১৯৮৩৷৷
উগ্ৰসেন ৰাজাক বৈসায়া সিংহাসনে৷
কৰযোৰে আপুনি বোলন্ত নাৰায়ণে৷৷
আজ্ঞা কৰা মহাৰাজ কোন কৰ্ম্ম কৰো৷
ইহাক সুমৰি সখি আতিশয় মৰো৷৷১৯৮৪৷৷
কৃষ্ণগুণ সুমৰন্তে হেৰায় চেতনা৷
মাৰিবাক লাগি স্তন দিলেক পূতনা৷৷
তথাপি পাইলেক তাই জননীৰ গতি৷
কিনো কৃপাময় নাৰায়ণ প্ৰাণপতি৷৷১৯৮৫৷৷
হেননো স্বামীক এৰি কিনো মহা অন্ধ৷
আনক ভজিবে লাগি কৰিবে প্ৰবন্ধ৷৷
যত দৈত্য আসে মাধৱক ক্রোধ কৰি৷
তাহাকো উত্তম গতি দেন্ত শ্রীহৰি৷৷১৯৮৬৷৷
যিটো প্ৰেমভাৱে ভজে হেন ভগৱন্ত৷
তাহাৰ মহিমা কহি কোনে পাৱে অন্ত৷৷
হেন পূৰ্ণব্ৰহ্মক হাততে পায়া লাগ৷
হৰুৱাইলো সখি দেখা মোহোৰ অভাগ৷৷১৯৮৭৷৷
সুমৰি সুমৰি যিটো স্বামীৰ চৰণ৷
কহিবে নৱাৰে কথা দগ্ধ কৰে মন৷৷
কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্ব্বলোক৷
হৰি হৰি বোলা সদা পাতক ছাড়োক৷৷১৯৮৮৷৷