|| পদ ||:
শুকমুনি বদতি শুনিয়ো পৰীক্ষিত৷
পাপৰ অন্তক ইটো কৃষ্ণৰ চৰিত৷৷
এহিমতে মৰিল যতেক যদুজাক৷
অনন্তৰে দাৰুক গৈলন্ত দ্বাৰকাক৷৷১৯১৫৷৷
গোৱিন্দৰ বিয়োগ বিহ্বল আতি দুঃখে৷
চাই আছে নৰনাৰী কৰি উৰ্দ্ধমুখে৷৷
বসুদেৱ উগ্ৰসেনো আছে দুঃখভাৱে৷
পৰিল দাৰুক গৈয়া দুহান্তৰো পাৱে৷৷১৯১৬৷৷
চক্ষুৰ লোতকে তিয়াইলন্ত দুইৰো ভৰি৷
কান্দিলা অনেক ৰাম কৃষ্ণক সুমৰি৷৷
দাৰুকক বেঢ়িয়া সোধন্ত নাৰী নৰে৷
কি ভৈল সাৰথি কথা কহিয়ো সত্বৰে৷৷১৯১৭৷৷
মুচিলন্ত আখি আতি গদগদ মাত৷
কহিলা দাৰুকে পাছে সকল বৃত্তান্ত৷৷
কি কহিবো কথা মোৰ দহয় হৃদয়৷
অন্যোঅন্যে যদুগণ গৈল যমালয়৷৷১৯১৮৷৷
নৰৈল জনৈক নিৰন্তৰে ভৈলা হত৷
হেন শুনি অগ্নি যেন লাগিল গাৱত৷৷
ক্রন্দনৰ উৰ্মি উথলিল আতি বৰ৷
প্ৰভাসক লাগি সৱে দিলেক লৱৰ৷৷১৯১৯৷৷
গালত চাপৰ মাৰে শোকে শ্ৰুতি নাই৷
হা পতি পুত্ৰ বুলি গেৰিয়ান্তে যাই৷৷
এহিমতে গৈয়া সৱে দেখিলন্ত পাছে৷
প্ৰভাসৰ তীৰক মৃতকে বেঢ়ি আছে৷৷১৯২০৷৷
মৰা পতি পুত্ৰ সোদৰৰ গলে ধৰি৷
কান্দে নাৰীগণে আতি আৰ্ত্তৰাৱ কৰি৷৷
মহাশোকে বসুদেৱ দৈৱকী ৰোহিণী৷
বলোভদ্ৰ কৃষ্ণক চাহন্তে ফুৰে তিনি৷৷১৯২১৷৷
নপাইলন্ত লাগ খুজি কৰিয়া বিচাৰ৷
হৰাইল চেতন শোকে দেখে অন্ধকাৰ৷৷
তিনিয়ো তেজিলা প্ৰাণ কৃষ্ণ কৃষ্ণ বুলি৷
মাটিত উফৰি পৰি মৰিল সমূলি৷৷১৯২২৷৷
ক্রন্দন এৰিয়া নাৰীগণ অসংখ্যাত৷
স্বামীক আলিঙ্গি আৰোহিলন্ত চিতাত৷৷
ৰেৱতী প্ৰমুখ্যে আছে যত নাৰীগণ৷
ৰামক আলিঙ্গি প্ৰৱেশিলা হুতাশন৷৷১৯২৩৷৷
কৃষ্ণ মাতৃগণে বসুদেৱক আৱৰি৷
চিতাত উঠিয়া সৱে গৈলন্ত সৈতাৰি৷৷
ৰতি আদি মাধৱৰ পুত্ৰ-বধূ যত৷
গৈলা সৱে স্বকী স্বকী স্বামীৰ লগত৷৷১৮২৪৷৷
ৰুক্মিণী প্ৰমুখ্যে অষ্ট মহিষী কৃষ্ণৰ৷
নপাইল বিচাৰি মাধৱৰ কলেৱৰ৷৷
প্ৰৱেশিলা বহ্নিত স্বামীক কৰি ধ্যান৷
কৃষ্ণক চিন্তিয়া সৱে এৰিলন্ত প্ৰাণ৷৷১৯২৫৷৷
এহিমতে এৰি যেৱে গৈলা দামোদৰে৷
ক্ষণেকতে দ্বাৰকাক বুৰাইলা সাগৰে৷৷
নৰহিল কিছু তল গৈল সামৰাজে৷
ৰুক্মিণীদেৱীৰ মুখ্য মন্দিৰত বাজে৷৷১৯২৬৷৷
নেৰন্ত যাহাক মধুসূদনে ক্ষণেক৷
অদ্যাপিও সাগৰত দেখিয় প্ৰত্যেক৷৷
সূৰ্য্য সম জ্বলে সিটো কৃষ্ণৰ আলয়৷
যাক দৰশনে কৰে পাপৰ প্ৰলয়৷৷১৯২৭৷৷
কৃষ্ণৰ নিৰ্য্যাণ শুনিয়োক সৰ্ব্বজনে৷
তৰিবা সংসাৰ আৰ শ্ৰৱণ কীৰ্ত্তনে৷৷
গৃহতে থাকিয়া সুখে মহাপুণ্য সাঞ্চা৷
বোলা হৰি হৰি যম যাতনাক বঞ্চা৷৷১৯২৮৷৷