|| পদ ||:
নমো নামো জগন্নাথ ভকতৰ নিধি৷
হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি৷৷
উৰেষাৰ কীৰ্ত্তনক শুনিয়ো লোকাই৷
শঙ্কৰে ৰচিলা ব্ৰহ্ম পুৰাণক চাই৷৷১৷৷
মুনিগণে ব্ৰহ্মাত পুছিলা প্ৰণিপাত৷
ক্ষেত্ৰৰ মহিমা আৱে কহিয়ো আমাত৷৷
কিবা হেতু ইন্দ্ৰদ্যুম্ন ৰাজা শুদ্ধচিত্তে৷
কৰিলন্ত অশ্বমেধ উৰেষাপুৰীতে৷৷২৷৷
বন্ধাইলা অদ্ভুত দৌল আশ্চৰ্য্য মহিমা৷
ৰাম কৃষ্ণ সুভদ্ৰাৰ সজাইলা প্ৰতিমা৷৷
কিবা হেতু দৌলত থাপিলা নৰেশ্বৰ৷
সমস্ত বৃত্তান্ত কহিয়োক সৃষ্টিকৰ৷৷৩৷৷
ব্ৰহ্মায়ে বোলন্ত শুনা মুনিগণ যত৷
আছিল অৱন্তীপুৰী মালৱ দেশত৷৷
তাহাৰ মহিমা মই কি কৈবো সম্প্ৰতি৷
ইন্দ্ৰৰ নগৰ যেন দুতি অম্ৰাৱতী৷৷৪৷৷
সেহি নগৰত ইন্দ্ৰদ্যুম্ন মহাৰাজা৷
ধৰ্ম্মপথে থাপিলন্ত পৃথিৱীৰ প্ৰজা৷৷
দানী মানী সত্যবাদী সৰ্ব্ব গুণাকৰ৷
প্ৰতাপে আদিত্য যেন ভোগে পুৰন্দৰ৷৷৫৷৷
পৃথিৱীত নাহি ৰাজা তাহান সমান৷
যজিল বিবিধ যজ্ঞ দিলা মহা দান৷৷
সুৱৰ্ণ মাণিক গ্ৰাম গজ বাজী ৰথ৷
নিৰন্তৰে বিপ্ৰৰ পূৰিলা মনোৰথ৷৷৬৷৷
এহিমতে পৃথিৱীক পালন্ত নৃপতি৷
দিনেক তাহাৰ হেন উপজিলা মতি৷৷
কোন কৰ্ম্মে আৱে আৰাধিবো জগন্নাথ৷
এহি বুলি শাস্ত্ৰ বিচাৰিলা নৰনাথ৷৷৭৷৷
আগম পুৰাণ বেদ বেদান্ত যতেক৷
গুৰু মুখে জানিলন্ত তত্ত্বক প্ৰত্যেক৷৷
মুকুতি ইচ্ছায়ে এৰিলন্ত ভ্ৰান্তি জ্ঞান৷
কিমতে আৰাধো হৰি মনে কৰি ধ্যান৷৷৮৷৷
নাহিকে নিস্তাৰ আৰ মাধৱত পৰে৷
শঙ্খ চক্র গদা পদ্ম যাৰ চাৰি কৰে৷৷
পদ্মপত্ৰ সম চাৰু লোচন আয়ত৷
গলে বনমালা শোভে কৌস্তুভ কণ্ঠত৷৷৯
শিৰত কিৰীটি কৰে কঙ্কণ কেয়ূৰ৷
মকৰ কুণ্ডল জ্বলে পাৱত নূপুৰ৷৷
শ্যামল শৰীৰ পীত বস্ত্ৰে কৰে কান্তি৷
হিয়াত প্ৰকাশে আতি শ্ৰীবৎস পান্তি৷৷১০৷৷
হেন মাধৱক আৱে আৰাধো কিমতে৷
এহি বুলি বাজ ভৈলা নগৰৰ হন্তে৷৷
ভণিল শঙ্কৰে কৃষ্ণচৰণত ধৰি৷
সমজ্যাৰ সৰ্ব্বজনে বোলা হৰি হৰি৷৷১১৷৷