|| পদ ||:
সাধু সাধু মহাৰাজ৷
সাৰ্থক তোমাৰ কাজ৷৷
যজ্ঞ দানে ভক্তিভাৱে৷
তুষিলা আমাৰ পাৱে৷৷১১৫ ৷৷
কৰা অনুশোচ বৃথা৷
জানিলো তোমাৰ কথা৷
প্ৰতিমা থাপিবা ঐত৷
শুনা তাক পাইবা যৈত৷৷১১৬ ৷৷
ৰজনী প্ৰভাতে বীৰ৷
যাইবা সাগৰৰ তীৰ৷৷
বৃক্ষক দেখিবা পাছে৷
জল-স্থল মাজে আছে৷৷১১৭ ৷৷
ঢউ লাগি সাগৰৰ৷
নকম্পন্ত তৰুবৰ৷৷
হাতত পৰশু লৈয়া৷
একলে দেখিবা গৈয়া৷৷১১৮ ৷৷
ছেদিবা নিঃশঙ্কমতি৷
প্ৰতিমা সাজিবা তৈতি৷৷
নিচিন্তিবা মহাৰথ৷
হৈব সিদ্ধি মনোৰথ৷৷১১৯ ৷৷
ৰাজাক প্ৰবোধ কৰি৷
অন্তৰ্দ্ধান ভৈলা হৰি৷৷
দেখি স্বপ্ন বিপৰীত৷
ভৈলা ৰজা সচকিত৷৷১২০৷৷
বিষ্ণুমন্ত্ৰ জপ কৰি৷
হৰিক মনত ধৰি৷৷
ৰজনী কৰিয়া ক্ষয়৷
উঠি পাছে মহাশয়৷৷১২১ ৷৷
সাগৰত কৰি স্নান৷
দিলন্ত বিবিধ দান৷৷
নিত্যকৰ্ম্ম সাঙ্গ কৰি৷
হাতত পৰশু ধৰি৷৷১২২ ৷৷
হৰিক স্মৰিয়া বীৰ৷
লৰি গৈলা ধীৰে ধীৰ৷৷
নাহিকে সাৰথি ৰথ৷
একেশ্বৰে মহাৰথ৷৷১২৩ ৷৷
পাইলা তীৰ সাগৰৰ৷
দেখিলন্ত তৰুবৰ৷৷
নাহি তাৰ নাম জাতি৷
থূলন্তৰ উচ্চ আতি৷৷১২৪ ৷৷
মঞ্জাঠিৰ বৰ্ণ সম৷
দেখি আতি মনোৰম৷৷
পৰিয়া জলৰ কাছে৷
যেন সুখে শুতি আছে৷৷১২৫ ৷৷
বিষ্ণুৰ বৃক্ষক পাই৷
আনন্দিত মহাৰায়৷
কৃষ্ণৰ কিঙ্কৰে ভণে৷
হৰি বোলা সৰ্ব্বজনে৷৷১২৬ ৷৷