উৰেষা-বৰ্ণন : ৫ম কী : হৰি ৰাম...

|| ঘোষা ||: 

হৰি ৰাম হৰি ৰাম ঘুষিয়ো ভাই৷

পাপ সাগৰে আন গতি নাই৷৷৫৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

বোলন্ত ব্ৰহ্মা শুনা সমুদায়৷

ক্ষেত্ৰক পাইল ইন্দ্ৰদ্যুম্ন ৰায়৷৷

দেখিলা স্থান আতি অনুপাম৷

আছন্ত তীৰ্থ মহানদী নাম৷৷৪৮ ৷৷

লোকৰ কৰিয়া পাপ উপান্ত৷

দক্ষিণ সাগৰক বহি যান্ত৷৷

গঙ্গাৰ সমান তীৰ্থ বিশেষ৷

দুয়ো কুলে আছে অনেক দেশ৷৷৪৯ ৷৷

হৃষ্টপুষ্ট লোক তৈত সদায়৷

বসনে ভূষণে ভূষিত কায়৷৷

বেদবিদ বিপ্ৰ আছে অপাৰ৷

প্ৰত্যহে অগ্নিহোত্ৰ সিজে তাৰ৷৷৫০৷৷

সদায়ে নুগুচে শাস্ত্ৰ আলাপ৷

বেদধ্বনি শুনি পলাৱে পাপ৷৷

ক্ষেত্ৰত আছে যত নাৰীগণ৷

সৱাৰো গাৱে শোভে আভৰণ৷৷৫১ ৷৷

আয়ত লোচন পদ্মৰ পাসি৷

নুগুচে মুখত ঈষ‍ৎ হাসি৷৷

ৰূপে বিদ্যাধৰী সম সাক্ষাত৷

কৰন্ত লয়লাসে আয়াযাত৷৷৫২ ৷৷

অনেক তপস্বী তপ আচৰে৷

সন্ন্যাসীসৱে বসি ধ্যান কৰে৷৷

ব্ৰহ্মচাৰীসৱো ভ্ৰমন্ত তথা৷

ক্ষেত্ৰৰ কহিবো কত ব্যৱস্থা৷৷৫৩ ৷৷

পৰম দুৰ্ল্লভ ক্ষেত্ৰক পাই৷

গুণন্ত পাছে ইন্দ্ৰদ্যুম্ন ৰায়৷৷

ঐত আৰাধিবো বিষ্ণুক আমি৷

পৰমপুৰুষ জগতস্বামী৷৷৫৪ ৷৷

তাহান পৰম ক্ষেত্ৰ প্ৰকট৷

তহিতে আছে কল্পবৃক্ষ বট৷৷

যাক পূজি পাৱে জন্মৰ সীমা৷

নাহিকে বিষ্ণুৰ ঐত প্ৰতিমা৷৷৫৫ ৷৷

বান্ধিবো দৌল কৰি মহাযত্ন৷

একস্থান কৰি সুৱৰ্ণ ৰত্ন৷৷

যজিবো যজ্ঞ দিয়া মহাদান৷

হোৱন্ত হৰি যেন বিদ্যমান৷৷৫৬ ৷৷

থাপিবোহো দৌল তাঙ্ক আপুনি৷

এহিমতে ৰাজা মনত গুণি৷৷

আনিয়া দৈৱজ্ঞ বিপ্ৰ প্ৰধান৷

নিৰ্ণয় কৰিলা দৌলৰ স্থান৷৷৫৭ ৷৷

শুভ দিন শুভ যোগ বিচাৰি৷

থৈলন্ত পূৰ্ণ কুম্ভ শাৰী শাৰী৷৷

বজাইলা মাঙ্গল্য বাদ্য অনেক৷

বেদক ঘোষন্ত বিপ্ৰ যতেক৷৷৫৮ ৷৷

পূজিয়া পৱিত্ৰ কৰিয়া স্থান৷

দিলন্ত ৰাজা পাছে অৰ্ঘ্য দান৷৷

মিলিল উৎসৱ ক্ষেত্ৰক ভৰি৷

পলাওক পাপ বোলা হৰি হৰি৷৷৫৯ ৷৷