|| পদ ||:
ব্ৰহ্মায়ে বোলন্ত শুনিয়োক মুনিগণ৷
ভৈলন্ত গৰুড়ধ্বজ স্তোত্ৰত প্ৰসন্ন৷৷
দিলন্ত ৰাজাক মনবাঞ্ছিত সকল৷
কাৰুণ্য স্তোত্ৰৰ আৱে শুনা যেন ফল৷৷১০৩ ৷৷
হৰিক পূজিয়া যিটো নিতে কৰে স্তুতি৷
তাহাৰ হৈবেক জানা অৱশ্যে মুকুতি৷৷
ত্ৰিসন্ধ্যাত পঢ়ে যিটো স্তোত্ৰ শ্ৰেষ্ঠতৰ৷
ধৰ্ম্ম অৰ্থ কাম মোক্ষ পাৱে নিৰন্তৰ৷৷১০৪ ৷৷
যিবা পঢ়ে যিবা শুনে শুনাৱে আনক৷
পাপ ছাড়ি সিও যায় বিষ্ণুৰ স্থানক৷৷
যিটো দুষ্ট শঠে কৰে বেদক লুপুত৷
তাত নকহিবা স্তোত্ৰ পৰম গুপুত৷৷১০৫ ৷৷
বিষ্ণু ভকতক আক দিবা উপদেশ৷
কহিলো কাৰুণ্যস্তৱ তোমাত নিঃশেষ৷৷
দেৱ মাধৱক ধ্যান কৰে যিটো নিত৷
বিষ্ণুত প্ৰৱেশে যেন অগনিত ঘৃত৷৷১০৬ ৷৷
মহাযজ্ঞ বিদ্যাদানে কোন কাৰ্য্য কৰে৷
মহাউগ্ৰতপ কৰি মিছাতেসে মৰে৷৷
জগতৰ গুৰু মোক্ষদাতা নাৰায়ণ৷
তাহান নকৰে যিটো শ্ৰৱণ কীৰ্ত্তন৷৷১০৭ ৷৷
সি সি ধন্য সি সি শুদ্ধ সেহিসে পণ্ডিত৷
যজ্ঞ তপ গুণে সি সি শ্ৰেষ্ঠ অখণ্ডিত৷৷
সি সি সত্যবাদী দাতা জ্ঞাতা জগতত৷
যাহাৰ ভকতি আছে কৃষ্ণ চৰণত৷৷১০৮ ৷৷
হেন স্তুতি কৰি ইন্দ্ৰদ্যুম্ন মহাৰায়৷
ভূমিত পৰিল বস্ত্ৰ কুশক বিছাই৷৷
মহাচিন্তাৱিষ্ট হুয়া কৰিলা শয়ন৷
কেনমতে হৈব মোৰ কৃষ্ণদৰশন৷৷১০৯ ৷৷
হেন মনে চিন্তি নিদ্ৰা গৈলা নৃপবৰ৷
স্বপ্নত ৰাজাক দেখা দিলা দামোদৰ৷৷
জগত গুৰুক ৰাজা দেখিলা সাক্ষাতে৷
আঠ অস্ত্ৰ ধৰি আছা আঠখান হাতে৷৷১১০৷৷
শঙ্খ চক্র গদা পদ্ম চাৰু বাৰু অসি৷
শাৰঙ্গক ধৰি আছা গৰুড়ত বসি৷৷
যেন নীল বৈদূৰ্য্য শৰীৰে কৰে কান্তি৷
হৃদয় মধ্যত জ্বলে শুক্ল লোম পান্তি৷৷১১১ ৷৷
পীত বস্ত্ৰে শোভে তনু কটিত মেখলা৷
কণ্ঠত কৌস্তুভ শোভে গলে বনমালা৷৷
কিৰীটি কুণ্ডল হাৰ কেয়ূৰ কঙ্কণ৷
সৰ্ব্বাঙ্গে প্ৰকাশে মহাৰত্নৰ ভূষণ৷৷১১২ ৷৷
নূপুৰে ৰঞ্জিয়া আছে পাদপদ্ম দুই৷
যাক দেখি ধ্যানত ভকত সুখী হুই৷৷
প্ৰসন্ন বদনে জ্বলে কমললোচন৷
যাক দৰশনে হোৱে পাতক মোচন৷৷১১৩ ৷৷
যুগান্তৰ সূৰ্য্য যেন আছন্ত প্ৰকাশি৷
ৰাজাক বুলিলা হেন বাণী হৰি হাসি৷৷
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে সম্প্ৰতি৷
বোলা হৰি হৰি সৱে হৌক সদগতি৷৷১১৪ ৷৷