উৰেষা-বৰ্ণন : ১৩ কী : কৃষ্ণ মুৰাৰি...

|| ঘোষা ||: 

কৃষ্ণ মুৰাৰি ৰাম কৰো পৰিয়া প্ৰণাম৷

মোৰ মুখে নছাড়োক হৰি হেন নাম৷৷১৪৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

নৱ শতাধিক দশ হাজাৰ বৎসৰ৷

অখণ্ডে ভুঞ্জিয়ো ইটো ৰাজ্য নৃপবৰ৷৷

পাছে মোৰ পৰম পদক পাইবা তুমি৷

থাকিব তোমাৰ কীৰ্ত্তি যাৱে থাকে ভূমি৷৷১৫১ ৷৷

যাৱে চন্দ্ৰ সূৰ্য্য থাকে সপত সাগৰ৷

ভ্ৰমিব তোমাৰ যশ ত্ৰৈলোক্য ভিতৰ৷৷

যজ্ঞ-অৱশেষ যত জল অনুপাম৷

হুইবে তীৰ্থ ইন্দ্ৰদ্যুম্ন-সৰোবৰ নাম৷৷১৫২ ৷৷

আত স্নান কৰিয়া যাইবেক ইন্দ্ৰস্থানে৷

একৈশ পুৰুষ উদ্ধাৰিবে পিণ্ডদানে৷৷

অপেস্বৰা গন্ধৰ্ব্বে কৰিবে নৃত্যগীত৷

চৈধ্য ইন্দ্ৰ পড়ে মানে থাকিবে তহিত৷৷১৫৩ ৷৷

হ্ৰদৰ নৈঋত কোনে আছে সিদ্ধ বট৷

দিব্য মণ্ডপেক আছে তাহাৰ নিকট৷

বহুবিধ পুষ্পবনে সদায় আবৃত৷

পতাকা তোৰণ ধ্বজ দণ্ড অলঙ্কৃত৷৷১৫৪ ৷৷

আষাঢ়ৰ শুক্লা পঞ্চমীত আমাসাক৷

সেহি মণ্ডপতে ৰথ থৈয়া বেশ্যাজাক৷

উৎসৱে বিঞ্চিবে চামৰক কৰে ধৰি৷

যতি সিদ্ধ সন্ন্যাসী থাকিবে স্তুতি কৰি৷৷১৫৫ ৷৷

আমাক দেখিয়া যিটো প্ৰণামে তহিত৷

মহাৰঙ্গে বঞ্চিবেক বিষ্ণুৰ পুৰীত৷৷

দিব্য দশ হাজাৰ বৎসৰ থাকি তৈত৷

চতুৰ্ব্বেদী ব্ৰাহ্মণ হৈবেক আসি ঐত৷৷১৫৬ ৷৷

হৈবেক শ্ৰীমন্ত কোটি ধনৰ ঈশ্বৰ৷

ৰজাক সম্বুধি এহিমতে দিয়া বৰ৷৷

বিশ্বকৰ্ম্মা সহিতে ভৈলন্ত অন্তৰ্হিত৷

দেখি নৃপতিৰ তনু ভৈল লোমাঞ্চিত৷৷১৫৭ ৷৷

কৃতকৃত্য ভৈলা দেখি কৃষ্ণৰ মহিমা৷

ৰথে তুলি লৈয়া গৈলা তিনিৰো প্ৰতিমা৷৷

অনেক মাঙ্গল্য বাদ্যভাণ্ড বাৱে ছানি৷

বিপ্ৰগণে আগত কৰন্ত বেদধ্বনি৷৷১৫৮ ৷৷

বিচিত্ৰ পৱিত্ৰ স্থানে প্ৰতিমা থৱাইলা৷

শুভ তিথি শুভ ক্ষণে প্ৰতিষ্ঠা কৰাইলা৷

দিলা দান দক্ষিণা ঋত্বিজ আচাৰ্য্যক৷

ৰত্ন ধন ধান্য দিলা আনো ব্ৰাহ্মণক৷৷১৫৯ ৷৷

এহিমতে প্ৰতিষ্ঠা কৰিয়া বিধিৱত৷

থাপিলা প্ৰতিমা নিয়া বিচিত্ৰ দৌলত৷৷

উত্তৰত কৃষ্ণ বলভদ্ৰ দক্ষিণত৷

সুভদ্ৰাক থৈলা নিয়া দুহানো মধ্যত৷৷১৬০৷৷

পূজিলন্ত গন্ধে ধূপে নানা উপহাৰে৷

সুৱৰ্ণ মুকুতা মণিবস্ত্ৰ অলঙ্কাৰে৷৷

দিলন্ত আসন গ্ৰাম নগৰ অশেষ৷

দাসী দাস উৎসৰ্গিয়া দিলন্ত বিশেষ৷৷১৬১ ৷৷

জগন্নাথ থাপি ৰাজা পূৰি মনোৰথ৷

ভুঞ্জিলন্ত অকণ্টক ৰাজ্য মহাৰথ৷৷

অন্তকালে এৰি ইটো উত্তম সম্পদ৷

সুখে পাইলা বিষ্ণুৰ পৰম যিটো পদ৷৷১৬২ ৷৷

ব্ৰহ্মায়ে বোলন্ত শুনিয়োক মুনিগণ৷

কহিলো ক্ষেত্ৰৰ ইটো যতেক লক্ষণ৷৷

বুলিয়োক আন কিবা শুনিবাক বাঞ্ছা৷

বোলা হৰি হৰি যাৰ বৈকুণ্ঠক ইচ্ছা৷১৬৩ ৷৷