উৰেষা-বৰ্ণন : ২য় কী : ত্ৰাহি জগন্নাথ...

|| ঘোষা ||: 

ত্ৰাহি জগন্নাথ আমি অজ্ঞানী অনাথ৷৷২৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

ৰাজা যান্ত মন্ত্ৰী পাত্ৰ পুৰোহিত৷

চতুৰঙ্গ দলে লাগ লৈলেক ত্বৰিত৷৷

অসংখ্যাত ৰথ যূথেযূথে যায় চলি৷

বাৰু খাণ্ডা ধৰি ধাৱে যত মহাবলী৷৷১২৷৷

সীমাসংখ্যা নাহি লগে লৰে যত ঘোড়া৷

প্ৰমত্ত হস্তীৰ কোনে কহিবেক ওৰা৷৷

কৰ্ণে তাল মাৰে শুনি ঘণ্টাৰ আস্ফাল৷

প্ৰজাৰ ভিৰত যেন যায় ভূমিচাল৷৷১৩৷৷

অন্তেষপুৰত যত নাৰীগণ মানে৷

ৰাজাৰ লগত যায় বহুবিধ যানে৷৷

দিব্য বস্ত্ৰ ভূষণে ভূষিত কৰি তনু৷

বেঢ়ি বীৰগণ যায় কৰে ধৰি ধনু৷৷১৪৷৷

বাজে বাদ্য বিবিধ টবল টমকিল৷

যতেক বৃত্তিয়া মানে লগতে লড়িল৷৷

তেলী মালী শিলাকুটী বণিয়া সূতাৰ৷

চৰ্ম্মকাৰ চড়াল কমাৰ কুম্ভকাৰ৷৷১৫৷৷

চিত্ৰকাৰ কংসাৰ কুন্দাৰ বৈদ্য যত৷

অনেক কায়স্থ যায় ৰাজাৰ লগত৷৷

নট ভাট নৰ্ত্তকী গায়ন অপৰ্য্যন্ত৷

বিপ্ৰগণ নৃপতিৰ লগত চলন্ত৷৷১৬৷৷

পৃথিৱীত যতেক বৃত্তিয়াগণ আছে৷

চৌত্ৰিশ জাতিয়ো যায় নৃপতিৰ পাছে৷৷

পিতৃ আগ কৰি যেন চলে পুত্ৰচয়৷

এহিমতে গৈলা ইন্দ্ৰদ্যুম্ন মহাশয়৷৷১৭৷৷

পাইলন্ত দক্ষিণ সাগৰৰ গৈয়া তীৰ৷

ঢউগণ নাচে যেন অগাধ গম্ভীৰ৷৷

হৰিৰ শয়ন স্থান নন্দনাদিপতি পতি৷

যাক দৰশনে পায় পৰম মুকুতি৷৷১৮৷৷

আছে ভয়ঙ্কৰ মৎস্য কচ্ছপ বহুল৷

কুম্ভীৰ মগৰ মৎস্যে কৰে হুলস্থল৷৷

সৰ্ব্ব পাপহৰ ৰম্যকৰ তীৰ্থৰাজ৷

দেখিয়া বোলন্ত ৰাজা ঐত মোৰ কাজ৷৷১৯৷৷

কৰিলা নিৱাস পায়া মনোহৰ স্থানে৷

দেখিয়া তহিত পৃথিৱীৰ গুণমানে৷৷

বহুবিধ বৃক্ষ ফলে ফুলে সুশোভিত৷

নানাবিধ পক্ষী ৰাৱ তেজে সুললিত৷৷২০৷৷

বিচিত্ৰ বিবিধ মৃগগণ চৰে তাতে৷

অনেক দন্তাল আছে নন্দন বনতে৷৷

চাৰু সৰোবৰক পঙ্কজে আছে ৰঞ্জি৷

ৰাজহংসে ভূঞ্জে তাত মৃণাল উভঞ্জি৷৷২১৷৷

পৰ্ব্বত যতেক আছে দেখি মনোহৰ৷

উচ্চ শিখৰৰ পৰা বহৱে নিৰ্ঝৰ৷৷

তেজে  নাদ কোকিল ময়ূৰে কাঢ়ে ৰাৱ৷

বৃক্ষে পথিকক যেন দেয় হাতবাৱ৷৷২২৷৷

দীৰ্ঘে দশ যোজন পথালি পাঞ্চ সীমা৷

কি কহিবো সিটো মহা ক্ষেত্ৰৰ মহিমা৷৷

পৰম আশ্চৰ্য্যময় মনোহৰ স্থান৷

ইন্দ্ৰদ্যুম্ন নৃপতি দেখিলা বিদ্যমান৷৷২৩৷৷

দুনাই মুনিগণে পাছে পুছিলা ব্ৰহ্মাত৷

পূৰ্ব্বত প্ৰতিমা কিয় নাছিল তথাত৷৷

কৰিয়ো সংশয় ছেদ প্ৰভু প্ৰজাপতি৷

বোলা হৰি হৰি পাপ যাউক অধোগতি৷৷২৪৷৷