|| পদ ||:
তীক্ষ্ণতৰ পৰশু উচায়া হাত উৰি৷
ছেদিলন্ত আনন্দে বৃক্ষৰ আগ গুৰি৷৷
দুই ফাল কৰিবাক ছেদিলা নৃপতি৷
আসিলন্ত হৰি বিশ্বকৰ্ম্মায়ে সহিতি৷৷১২৭ ৷৷
দিব্য গন্ধমালা পিন্ধি ধৰি বিপ্ৰৰূপ৷
ৰাজাক বোলন্ত ঐত কি কৰাহা ভূত৷৷
কি কাৰ্য্যে ছেদিলা ইটো মহা তৰুবৰ৷
নিৰ্জ্জন স্থানত কেনে থাকা একেশ্বৰ৷৷১২৮ ৷৷
শুনিয়া নৃপতি তাসম্বাক চাইলা পাছে৷
যেন চন্দ্ৰ সূৰ্য্য দুয়ো প্ৰকাশন্তে আছে৷
নমস্কাৰ কৰি ৰাজা বুলিলা বচন৷
শুনিয়োক দুয়ো গুৰু মোৰ প্ৰয়োজন৷৷১২৯ ৷৷
মাধৱক আৰাধিবে মোৰ ভৈল মতি৷
সাজিবোহো দাৰুময়ী প্ৰতিমা সম্প্ৰতি৷৷
স্বপ্নত আদেশ মোক দিলা নাৰায়ণ৷
কহিলো তোমাৰ আগে স্বৰূপ বচন৷৷১৩০৷৷
হেন শুনি বিপ্ৰৰূপধাৰী চক্রপাণি৷
তুষ্ট হুয়া নৃপতিক বুলিলন্ত বাণী৷৷
ধন্য ধন্য ৰাজা বুদ্ধি উত্তম তোমাৰ৷
সংসাৰ সাগৰ আত কিছু নাহি সাৰ৷৷১৩১ ৷৷
যেন জল বুদবুদ তিলেক হোৱে ছন্ন৷
বিষ্ণু আৰাধিতে তযু সম্পজিল মন৷৷
কিনো ভাগ্যৱতী সসাগৰা বসুমতী৷
যাহাৰ পালক ভৈলা আপুনি নৃপতি৷৷১৩২ ৷৷
আসিয়োক ঐক এৰি সাগৰৰ তীৰ৷
তৰুতলে আমি সৱে থাকো মহাবীৰ৷৷
এহেন্তে ব্ৰাহ্মণ বিশ্বকৰ্ম্মা সমগুণী৷
এখনে দিবন্ত সাজি প্ৰতিমা আপুনি৷৷১৩৩ ৷৷
হেন শুনি এৰি ৰাজা সাগৰৰ তট৷
তৰুতলে ৰৈলা চাপি বিপ্ৰৰ নিকট৷৷
পাছে বিশ্বকৰ্ম্মাক বুলিলা হৰি বাণী৷
সাজি তিনি প্ৰতিমা এখনে দিয়া আনি৷৷১৩৪ ৷৷
কৃষ্ণ বলভদ্ৰ আৰ সুভদ্ৰা ভগিনী৷
যাৰ যেন লক্ষণ নিৰ্মিয়ো ভিনি ভিনি৷৷
শুনি বিপ্ৰৰূপী বিশ্বকৰ্ম্মা গৈলা লৰি৷
তিনিৰো প্ৰতিমা তেতিক্ষণে দিলা গঢ়ি৷৷১৩৫ ৷৷
প্ৰথমে নিৰ্ম্মিলা বলভদ্ৰ শুক্লকায়৷
আৰকত আখি ফণা শিৰত শুহায়৷৷
গাৱে নীল বস্ত্ৰ কৰ্ণে এগোটা কুণ্ডল৷
এক হাতে গদা আউৰ হাতত মুষল৷৷১৩৬ ৷৷
কৃষ্ণৰ নিৰ্মিলা তনু মেঘসম জ্বলে৷
পদ্মসম লোচন শ্ৰীবৎস বক্ষঃস্থলে৷৷
গাৱে পীত বস্ত্ৰ অস্ত্ৰ চক্র আছে কৰে৷
যাক দৰশনে জগতৰে পাপ হৰে৷৷১৩৭ ৷৷
সাজিলা সুভদ্ৰা তনু সুৱৰ্ণ গৌৰাঙ্গ৷
ৰত্নময় অলঙ্কাৰে প্ৰকাশে সৰ্ব্বাঙ্গ৷৷
দিব্য বস্ত্ৰে আবৃত উন্নত স্তন দুই৷
বোলা হৰি লাগোক পাপৰ মুণ্ডে জুই৷৷১৩৮ ৷৷