উৰেষা-বৰ্ণন : ১৯ কী : ৰাম গোপাল...

|| ঘোষা ||: 

ৰাম গোপাল ত্ৰাহি প্ৰভু পশিলো শৰণে৷

কত নিৱেদিবো দুখ তোহ্মাৰ চৰণে৷৷১৯৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

বলো কৃষ্ণ সুভদ্ৰাক নমি ভক্তিভাৱে৷

ধৰ্ম্ম অৰ্থ কাম মোক্ষ সমস্তকে পাৱে৷৷

কৃতকৃত্য হুয়া পাছে দৌলৰ বজাইব৷

বিষ্ণুৰ থানক নমি আৰ স্থানে যাইব৷৷১৯২ ৷৷

যৈতে আছে ইন্দ্ৰনীলময় বনমালী৷

গুপুত কৰিয়া তাক ঢাকি আছে বালি৷৷

সেহি ঠাইত গৈয়া তাকো নমস্কাৰ কৰি৷

বিষ্ণুপুৰী পাৱে নৰে পুৰুষ উদ্ধাৰি৷৷১৯৩ ৷৷

তহিতে আছন্ত নৰসিংহ-ৰূপ ধৰি৷

মহা ভক্তিভাৱে তাকো নমস্কাৰ কৰি৷৷

নাহিকে সংশয় এৰাই পাতকসকল৷

ধৰ্ম্ম অৰ্থ কাম মোক্ষ পাৱে চাৰি ফল৷৷১৯৪ ৷৷

অনন্তক নমে গৈয়া মহাভক্তিভাৱে৷

পাপ ছাড়ি পৰম পদক সিয়ো পাৱে৷৷

মঞি ইন্দ্ৰে পূজিলোহো ৰামে বিভীষণে৷

হেন অনন্তক আৰ নুপূজিবে কোনে৷৷১৯৫ ৷৷

শ্বেত গঙ্গাজলে বিধিৱতে স্নান কৰে৷

পাছে শ্বেত মাধৱক দেখে যিটো নৰে৷৷

মৎস্য মাধৱক গৈয়া হোৱে দৰিশন৷

অন্তকালে কৰে শ্বেতদ্বীপক গমন৷৷১৯৬ ৷৷

পাছে চলি যাইব যৈত আছে স্বৰ্গদ্বাৰ৷

আলিঙ্গিয়া কাষ্ঠক কৰিব নমস্কাৰ৷৷

দেখি উগ্ৰসেন গৈয়া সাগৰৰ তীৰ৷

বিষ্ণুক চিন্তিব তৈত চিত্ত কৰি থিৰ৷৷১৯৭ ৷৷

জলত নামিবে পাছে অঙ্গন্যাস কৰি৷

পঢ়িব কৱচ মনে নাৰায়ণ স্মৰি৷৷

তুমি নাৰায়ণ শঙ্খ চক্র গদাপাণি৷

হেন চিন্তি উচ্চাৰিব ইটো মন্ত্ৰ বাণী৷৷১৯৮ ৷৷

তুমি অগ্নি সমস্ত ভূততে শ্ৰেষ্ঠ তুমি৷

জীৱৰো ঈশ্বৰ অমৃতৰো জন্মভূমি৷৷

নাথ তীৰ্থৰাজ কৰো তোমাক প্ৰণাম৷

হৰিয়ো পাতক দিয়া অভিমত কাম৷৷১৯৯ ৷৷

হেন উচ্চাৰিয়া বিধিৱতে স্নান কৰে৷

তেৱেসে স্নানৰ সৱে ফল পাৱে নৰে৷৷

অন্তৰ্জলে নামি কৰি অঘ মৰিষণ৷

তীৰত উঠিয়া পাছে পিন্ধিব বসন৷৷২০০৷৷

সন্ধ্যা আচৰিব কৰি সূৰ্য্যক বন্দন৷

তিলে জলে বিধিৱতে কৰিব তৰ্পণ৷৷

শৰীৰত থৈয়া তিল পিতৃক তৰ্পয়৷

ৰুধিৰ মাংসক সৱে পিতৃত অৰ্পয়৷৷২০১ ৷৷

জলে থাকি জলাঞ্জলি নিদিব ভূমিত৷

স্থলে থাকি জলত নিদিব কদাচিত৷৷

জলত থাকিয়া কৰে থলত তৰ্পণ৷

ব্যৰ্থ হুই তাৰ নপাৱন্ত পিতৃগণ৷৷২০২ ৷৷

দিব জলাঞ্জলি পৃথিৱীত পাৰি কুশ৷

মহা তুষ্ট হোন্ত তেৱে যতেক পুৰুষ৷৷

ক্ষেত্ৰৰ মহিমা কহে কৃষ্ণৰ কিঙ্কৰ৷

বোলা হৰি ভস্ম হৌক পাপ নিৰন্তৰে৷৷২০৩ ৷৷