উৰেষা-বৰ্ণন : ১৫ কী : ও ভাই ভাবিয়ো...

|| ঘোষা ||: 

ও ভাই ভাবিয়ো ৰাম চিন্তিয়ো ৰাম

ৰামনাম জোনো ছাড়া৷

ৰামকৃষ্ণ নাম অস্ত্ৰক ধৰিয়া

পাপ বিপক্ষক তাড়া৷৷১৫৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

দুনাই মুনিগণে ব্ৰহ্মাত পুছন্ত

কহিয়ো ক্ষেত্ৰৰ বিধি৷

কোন সময়ত ক্ষেত্ৰত যাত্ৰাক

কৰিলে হৈবেক সিদ্ধি৷

কৃষ্ণ দৰশনে কোন ফল হোৱে

তাকো কহিবাক লাগে৷

হেন শুনি ব্ৰহ্মা কহিবে লাগিলা

ঋষি-সমূহৰ আগে৷৷১৬৪৷৷

কুৰুক্ষেত্ৰে গৈয়া নিৰাহাৰ হুয়া

পৰম তপে যুগুত৷

ইন্দ্ৰিয়ক দমি একপদে থাকে

বৰিষ শত অযুত৷৷

যিটো জ্যৈষ্ঠ মাস শুক্লা দ্বাদশীত

কৃষ্ণৰ মুখকমল৷

দেখে উপবাসে সিটো নৰে পাৱে

তাহাতো অধিক ফল৷৷১৬৫  ৷৷

পঞ্চ তীৰ্থ কৰি যিটো দ্বাদশীত

কৃষ্ণমুখ দেখে যাই৷

অপ্ৰয়াসে সিটো বিষ্ণুপুৰী পাৱে

তাহাৰ পতন নাই৷৷

হেন জানি যত্নে জ্যৈষ্ঠৰ যাত্ৰাক

কৰিবা সমস্ত নৰে৷

পঞ্চ তীৰ্থ কৰি বিষ্ণুক দেখিবা

ধৰ্ম্ম নাহি আত পৰে৷৷১৬৬ ৷৷

বিদূৰতে থাকি যিটো প্ৰতিদিনে

কৃষ্ণৰ কীৰ্ত্তন কৰে৷

আতি অপ্ৰয়াসে বিষ্ণুপুৰী পাৱে

শুদ্ধ হুয়া সিও নৰে৷৷

কৃষ্ণৰ যাত্ৰাক কৰে যিটো নৰে

পৰম ভকতিভাৱে৷

সমস্ত পাতক দূৰ কৰি সিও

বিষ্ণুৰ পুৰীক পাৱে৷৷১৬৭ ৷৷

মাধৱৰ ধ্বজ- দণ্ডক যি নৰে

দেখয় দৌল উপৰে৷

ভূমিত পৰিয়া প্ৰণাম কৰিয়া

পাপ সাগৰক তৰে৷৷

আত পৰে শুনা পঞ্চ তীৰ্থ বিধি

যেন ফল স্নান দানে৷

ভণিল শঙ্কৰে শুনা সৱ নৰে

হৰি বোলা সাৱধানে৷৷১৬৮ ৷৷