উৰেষা-বৰ্ণন : ৬য় কী : জয় গোৱিন্দ...

|| ঘোষা ||: 

জয় গোৱিন্দ দয়াশীল জয় জগন্নাথ৷

মাধৱ প্ৰণামো ভূমিত থৈয়া মাথ৷৷৬৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

অনন্তৰে ইন্দ্ৰদ্যুম্ন ৰাজা ৰাজেশ্বৰ৷

কলিঙ্গপতিক মাতি দিলন্ত উত্তৰ৷৷

বিন্ধ্য পৰ্ব্বতক যাহা ৰাজাগণ লই৷

ভদ্ৰতৰ শিলাক শকটে আনা বই৷৷৬০৷৷

দৌল সাজি দেৱতাক থাপিবো সম্প্ৰতি৷

হেন শুনি চলি গৈলা কলিঙ্গ নৃপতি৷৷

মন্ত্ৰীক মাতিয়া পাছে ৰাজা আদেশয়৷

চাৰিও দিশক লাগি পাঞ্চা দূতচয়৷৷৬১ ৷৷

আনোক হাঙ্কাৰি ৰাজাগণ নিৰন্তৰ৷

চতুৰঙ্গ সেনা লৈয়া আসোক সত্বৰ৷৷

ৰাজাৰ আদেশ কহি পৰ্য্যটিলা দূত৷

চাৰিও দিশৰ ৰাজা আসিলা বহুত৷৷৬২ ৷৷

হেন দেখি ইন্দ্ৰদ্যুম্ন মহা তুষ্টমন৷

সৱ নৃপতিক চাহি বুলিলা বচন৷৷

ইটো মহাক্ষেত্ৰ ভূমি মুকুতি কাৰণ৷

আতে অশ্বমেধে যজিবোহো নাৰায়ণ৷৷৬৩ ৷৷

বান্ধি দৌল দেৱ থাপিবোহো যেন বিধি৷

কেনমতে মোৰ ইটো কাৰ্য্য হোৱে সিদ্ধি৷৷

তোমাসৱ হোৱা আৱে সহায় আমাৰ৷

হৈবো বুলি সৱেও কৰিলা অঙ্গীকাৰ৷৷৬৪ ৷৷

সুৱৰ্ণ মাণিক মণি মুকুতা অপাৰ৷

গজ বাজী ৰথ যতেক সম্ভাৰ৷৷

ভক্ষ্য ভোজ্য যজ্ঞত লাগিবে যত যত৷

দিলা ৰাজাগণে ইন্দ্ৰদ্যুম্নৰ আগত৷৷৬৫ ৷৷

দেখি ৰাজা ৰত্নময় যজ্ঞৰ সম্ভাৰ৷

আনিলন্ত বিপ্ৰ ঋষি তপস্বী অপাৰ৷৷

উপাধ্যায় আচাৰ্য্য সদস্য পাত্ৰজাক৷

দেখি পুৰোহিতক বুলিলা ৰাজা বাক৷৷৬৬ ৷৷

বিপ্ৰ ঋষিগণ সমে চলিয়োক তুমি৷

নিৰ্মিয়োক সৱে গৈয়া মহাযজ্ঞ ভূমি৷৷

শুনি পুৰোহিত গৈয়া অনেক যতনে৷

সাজিলন্ত বেদীখণ্ড সুৱৰ্ণ ৰতনে৷৷৬৭ ৷৷

ৰত্নময় প্ৰাসাদ সজাইলা একশত৷

সুৱৰ্ণে ৰচিত স্তম্ভ লগাইলা গৃহত৷৷

ঠাই ঠাই পোতাইলন্ত বৃহত তোৰণ৷

মণি মুকুতাৰ মালা কৰি আভৰণ৷৷৬৮ ৷৷

ব্ৰাহ্মণক লাগি গৃহ সজাইলা অপাৰ৷

ভক্ষ্য ভোজ্য পঞ্চামৃত মিলাইলা সম্ভাৰ৷৷

অনেক নৃপতি ব্ৰাহ্মণৰ ধৰে আল৷

স্বৰ্গক লঙ্ঘিল গৈয়া বাদ্যৰ ঘঞ্চাল৷৷৬৯ ৷৷

সুৱৰ্ণ বিনাই আন নাহিকে ভাজন৷

দেখি ইন্দ্ৰদ্যুম্নৰ আনন্দ ভৈলা মন৷৷

আৰম্ভিল যজ্ঞ যেন বিধি ব্যৱহাৰ৷

হৰি হৰি বুলি তৰা দুৰ্ঘোৰ সংসাৰ৷৷৭০৷৷