|| পদ ||:
মায়াতেসে দেখয় বিৱিধ পৰিচ্ছেদ৷
স্বৰূপত তোমাৰ নাহিকে কিছু ভেদ৷৷
চৈতন্যস্বৰূপ ব্যাপি এক নিৰঞ্জন৷
তোমাক বুলিবে দ্বৈত কোন অজ্ঞজন৷৷৮৩ ৷৷
নিশ্চল নিৰ্ম্মল সূক্ষ্মৰূপ যিটো স্বামী৷
দেৱে যাক নজানন্ত কেনে জানো আমি৷৷
অপৰ তোমাৰ ৰূপ যাৰ ভুজ চাৰি৷
পীত বস্ত্ৰে শোভে শঙ্খ চক্র গদাধাৰী৷৷৮৪ ৷৷
পিন্ধি আছা ৰত্নময় মুকুতাৰ হাৰ৷
হিয়াত শ্ৰীবৎস গলে বনমালা যাৰ৷৷
সেহিসে মূৰ্ত্তিক আৰাধন্ত দেৱগণে৷
তাকেসে ভকতজনে চিন্তে সৰ্ব্বক্ষণে৷৷৮৫ ৷৷
বিষয়সাগৰে মজো কমললোচন৷
ভকত অভয়দাতা কৰিয়ো মোচন৷৷
তুমি ব্যতিৰেকে আন নেদেখো কাৰণ৷
শ্ৰীমধুসূদন প্ৰভু হুয়োক প্ৰসন্ন৷৷৮৬ ৷৷
নানাবিধ ব্যাধি জৰা শোকে মোক পীড়ে৷
কৰ্ম্মপাশে বন্ধ ভৈলো লোভে মোহে নেৰে
সংসাৰসাগৰে জল বিষয়ৰ ক্লেশ৷
ইন্দ্ৰিয় আৱৰ্ত্ত গ্ৰাহ ভৈল ৰাগদ্বেষ৷৷৮৭ ৷৷
শোকতৃষ্ণাউৰ্মিক দেখন্তে চমৎকাৰ৷
অত্যন্ত চঞ্চল অণুমাত্ৰো নুহি সাৰ৷৷
মায়ায়ে মুহিল হেন সংসাৰত আতি৷
চিৰকাল ভ্ৰমো প্ৰভু হুয়া নানা জাতি৷৷৮৮ ৷৷
লভিলোহো জন্ম প্ৰভু অসংখ্য প্ৰমাণ৷
পঢ়িলোহো বেদশাস্ত্ৰ অনেক পুৰাণ৷৷
অসন্তোষ সন্তোষকো লভিলো অপাৰ৷
ক্ষয় বৃদ্ধি উদয়কো পাইলো বাৰম্বাৰ৷৷৮৯ ৷৷
সংযোগ বিয়োগ শত্ৰু-মিত্ৰ বান্ধৱৰ৷
দেখিলো সংসাৰে পিতৃ-মাতৃক বিস্তৰ৷৷
সুখ দুঃখ অনুভৱ ভৈলা অসংখ্যাত৷
পাইলো পুত্ৰ ভ্ৰাতৃ জ্ঞাতি অনেক ইহাত৷৷৯০৷৷
বিষ্ঠা মূত্ৰে পচিলো নাৰীৰ উদৰত৷
গৰ্ভবাস দুঃখ প্ৰভু পাইলো নানামত৷৷
জানিলোহো দুঃখ শিশু যুৱ বৃদ্ধকালে৷
মৰণপীড়াক প্ৰভু জানিলোহো ভালে৷৷৯১ ৷৷
যমপুৰে যেন দুঃখ পাইলো সমস্তকে৷
জানিলো যাতনা যেন চৌৰাশী নকৰে৷৷
কৃমি কীট হস্তী ঘোৰা মৃগ বৃক্ষ পক্ষী৷
গৰু উট মহিষ পশুক যত দেখি৷৷৯২ ৷৷
দ্বিজ শূদ্ৰ ধনী দুখী তপস্বী যতেক৷
ৰাজা ৰাজভৃত্য আনো মনুষ্য অনেক৷৷
সৱাৰো গৃহত বাৰে বাৰে ভৈলো জাত৷
অনেকৰ ভৈলো প্ৰভু ভৃত্য অসংখ্যাত৷৷৯৩ ৷৷
হওঁ কতো দৰিদ্ৰ ঈশ্বৰ অধিকাৰী৷
কতো মোক মাৰে কতো ময়ো আছো মাৰি৷৷
মই আনি কাটো কতো মোক ধৰি কাটে৷
ভণিল শঙ্কৰে ৰাম ৰাম বোলা ঝাণ্টে৷৷৯৪ ৷৷