উৰেষা-বৰ্ণন : ১৬ কী : হৰি ৰাম হৰি...

|| ঘোষা ||: 

হৰি ৰাম হৰি ৰাম ৰঘুনাথ হে৷

ৰাম ৰাম নছাড়োক মুখে না হে৷৷১৬৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

মাৰ্কণ্ডেয় হ্ৰদে গৈয়া উত্তৰক মুখ দিয়া

হেন মন্ত্ৰ কৰিবে উচ্চাৰ৷

শুদ্ধ হুয়া ক্রোধ জিনি বুৰ দিয়া বাৰ তিনি

শুনিয়োক যেন মন্ত্ৰ তাৰ৷৷

সংসাৰ সাগৰে মগ্ন পাপগ্ৰস্ত অচেতন

মোত পৰে নাহি দুৰাচাৰ৷

প্ৰভু ভগনেত্ৰহাৰী ত্ৰাহি ত্ৰাহি ত্ৰিপুৰাৰি

তোমাৰ চৰণে নমস্কাৰ৷৷১৬৯ ৷৷

নমো শিৱ মহা শান্ত সমস্ত পাপৰ অন্ত

স্নান কৰো মাৰ্কণ্ডেয় হ্ৰদে৷

মোৰ যত পাপচয় নিৰন্তৰে হোক ক্ষয়

প্ৰণাম কৰোহো তযু পদে৷৷

নাভি মাত্ৰ জলে নামি বিধিৱতে দেৱ ঋষি

তিলোদকে কৰিব তৰ্পণ৷

স্নান অৱসানে পাছে শিৱৰ দৌলেক আছে

তাক লাগি কৰিব গমন৷৷১৭০৷৷

তিনি প্ৰদক্ষিণ কৰি পূজি মূল মন্ত্ৰ পঢ়ি

শিৱৰ লিঙ্গক একমতি৷

পৰিয়া প্ৰণাম কৰি উঠি পুটাঞ্জলি ধৰি

কৰিব হৰক হেন স্তুতি৷৷

নমো নমো ত্ৰিনয়ন শিৰে শশী বিভূষণ

প্ৰভু বিৰূপাক্ষ মহাদেৱ৷

তুমি বিনা নাহি আন কৰা মোক পৰিত্ৰাণ

তোমাৰ চৰণে কৰো সেৱ৷৷১৭১ ৷৷

কহিলো তহিৰ কথা হেন মন্ত্ৰ পঢ়ি তথা

দশ অশ্বমেধ ফল পাইব৷

শিৱলোকে ভোগ ভুঞ্জি পাছে শিৱযোগ যজি

শিৱৰ শৰীৰে লীন যাইব৷৷

অনন্তৰে কল্পবৃক্ষ বটৰ মূলক গৈয়া

প্ৰদক্ষিণ কৰি তিনিবাৰ৷

পৰম ভকতিভাৱে পূজিব বটৰ পাৱে

হেন মন্ত্ৰ কৰিব উচ্চাৰ৷৷১৭২ ৷৷