উৰেষা-বৰ্ণন : ১৭ কী : প্ৰণামো পৰম...

|| ঘোষা ||: 

প্ৰণামো পৰম পুৰুষ ৰাম৷

নুগুচোক মুখে মাধৱ নাম৷৷১৭৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

নমো ব্ৰহ্মৰূপী প্ৰলয়গামী৷

আছা মহীন্দ্ৰৰ উপৰে তুমি৷৷

প্ৰণাম কৰো বট তৰুবৰ৷

প্ৰলয় কালতো তুমি অমৰ৷৷১৭৩ ৷৷

তুমিসি হৰিৰ মুখ্য আশ্ৰয়৷

প্ৰণামো বট পাপ কৰা ক্ষয়৷৷

প্ৰণামিয়া হেন মন্ত্ৰ উচ্চাৰি

বটক নৰে প্ৰদক্ষিণ কৰি৷৷১৭৪ ৷৷

তেতিক্ষণে ছাড়ে সমস্তে পাপ৷

যিমতে জীৰ্ণ চোঞ্চা এড়ে সাপ৷৷

বটৰ সিটো ছায়া পৰশনে৷

ব্ৰহ্ম হত্যা নষ্ট হোৱে তেখনে৷৷১৭৫ ৷৷

আন পাতকৰ কি কৈবো কথা৷

স্বৰূপ বচন নাহি অন্যথা৷৷

ৰাজসূয় অশ্বমেধৰ ফল৷

বট দৰশনে পাৱে সকল৷৷১৭৬ ৷৷

উদ্ধাৰি বংশ  স্বৰ্গলোকে যাই৷

এক কল্প মানে পতন নাই৷৷

গৰুড় আছন্ত কৃষ্ণ সম্মুখে৷

তাঙ্ক নমস্কাৰ কৰিব সুখে৷৷১৭৭ ৷৷

সমস্ত পাপক কৰিয়া দূৰ৷

অপ্ৰয়াসে পাৱে বিষ্ণুৰ পুৰ৷৷

দেখিয়া বট গৰুড়ৰ আগে৷

দৌলত পাছে প্ৰৱেশিৱে লাগে৷৷১৭৮ ৷৷

ৰামক তিনি প্ৰদক্ষিণ কৰি৷

প্ৰণামিব হেন মন্ত্ৰ উচ্চাৰি৷৷

নমো হলধৰ ৰেৱতীপতি৷

ভকত বৎসল কৰো প্ৰণতি৷৷১৭৯ ৷৷

নমো হলধৰ বলীত শ্ৰেষ্ঠ৷

প্ৰলম্ব বৈৰী নমো কৃষ্ণ জ্যেষ্ঠ৷৷

বলোক এহিমতে স্তুতি কৰি৷

বিষ্ণুপুৰী পাৱে পাতক তৰি৷৷১৮০৷৷

কল্পেক মহাভোগ ভুঞ্জি তৈত৷

বেদবিদ হুয়া উপজে ঐত৷৷

মহাসুখে জানি জ্ঞান যুগুতি৷

পৰম দুৰ্ল্লভ পাৱে মুকুতি৷৷১৮১ ৷৷

কৃষ্ণত পূজিব পাছে সাদৰি৷

দ্বাদশ অক্ষৰ মন্ত্ৰ উচ্চাৰি৷

সিটো মন্ত্ৰে পাৱে যিমতে গতি৷

নপাৱয় যোগী জ্ঞানী সম্প্ৰতি৷৷১৮২ ৷৷

জানিয়া হেন মন্ত্ৰ উচ্চাৰিয়া

গন্ধপুষ্প ধূপ নৈৱেদ্য দিয়া৷৷

কৃষ্ণক অৰ্চ্চিয়া কৰিব স্তুতি৷

বোলা হৰি হৰি হৌক মুকুতি৷৷১৮৩ ৷৷