|| পদ ||:
পিতৃ মাতৃ ভ্ৰাতৃ ভাৰ্য্যাৰ সংযোগে
কতোহো মিলে সন্তোষ৷
তাহাৰ বিয়োগে কতো শোকে কন্দো
পায়া কতো অসন্তোষ৷৷
দেৱ মনুষ্যত পশু পতঙ্গত
জগত মধ্যত স্বামী৷
চৈধ্যয় ভুৱনে হেন থান নাহি৷
যৈক নতু যাওঁ আমি৷৷৯৫ ৷৷
কতো নৰকত থাকো কদাচিত
স্বৰ্গক কৰোহো গতি৷
মনুষ্যলোকত থাকো কতোবেলা
পশুৰো হওঁ সঙ্গতি৷৷
জলযন্ত্ৰ চক্রে জৰীবদ্ধ হুয়া
খণ্ড ঘট যেন মতে৷
কতো উৰ্দ্ধগতি কতো অধ গতি
কতোহো থাকো মধ্যতে৷৷৯৬ ৷৷
কৰ্ম্মবদ্ধ হুয়া সংসাৰ চক্রত
এহিমতে ভগৱন্ত৷
ভ্ৰমো চিৰকাল কদাচিতো মই
দুঃখৰ নেদেখো অন্ত৷৷
শোক মোহ তৃষ্ণা আকুল কৰয়
ভৈলো আতি অচেতন৷
কিবা কৰো আৱে একোকে নজানো
তোমাতে লৈলো শৰণ৷৷৯৭ ৷৷
তোমাৰ ভকত হওঁ যেৱে মঞি
জগন্নাথ কৃপা কৰা৷
সংসাৰসাগৰে মজিলো মাধৱ
আমাক প্ৰভু উদ্ধাৰা৷৷
তুমি ব্যতিৰেকে নাহি বন্ধু আন
যি মোৰ চিন্তা কৰয়৷
তুমি হেন যদি নাথ পাওঁ প্ৰভু
কহিতো নাহিকে ভয়৷৷৯৮ ৷৷
তুমি জগদ্ধাতা তোমাৰ চৰণে
ভকতি নভৈল যাৰ৷
তাৰ কুল শীল বিদ্যা ব্যৰ্থ সৱে
কি কৰে জীৱন ছাৰ৷৷
যিটো মোহ হুয়া তোমাক নিন্দয়
অসুৰ স্বভাৱ পাই৷
উপজি উপজি নৰকত পৰে
তাহাৰ নিস্তাৰ নাই৷৷৯৯ ৷৷
যৈতে যৈতে গৈয়া জন্ম লভো মই
আপুন কৰ্মৰ গতি৷
তৈতে তৈতে হৰি তোমাৰ চৰণে
থাকোক দৃঢ় ভকতি৷৷
দেৱাসুৰ নৰ তোমাক আৰাধি
পাইলেক পৰম সিদ্ধি৷
জানিয়া তোমাক নুপূজিবে কোনে
তুলি ভকতৰ নিধি৷৷১০০৷৷
স্তুতি কৰিবাক নাৱাৰে তোমাক
ব্ৰহ্মা আদি দেৱজাক৷
মনুষ্য বুদ্ধিৰে কেনমতে মই
কৰিবো স্তুতি তোমাক৷৷
যিটো মূঢ়ভাৱে কৰিলোহো স্তুতি
তাকো ক্ষমিয়োক মোক৷
যদি অপৰাধ কৰো তথাপিতো
ক্ষমা কৰে সাধু লোক৷৷১০১ ৷৷
হেন জানি প্ৰভু হুয়োক প্ৰসন্ন
তোমাৰ ভকত আমি৷
ভক্তিভাৱে যিটো কৰিলোহো স্তুতি
সাঙ্গ হৌক সৱে স্বামি৷৷
প্ৰভু বাসুদেৱ তোমাৰ চৰণে
কৰো মই নমস্কাৰ৷
আন কাম এৰি বোলা হৰি হৰি
পুৰুষ হৌক উদ্ধাৰ৷৷১০২ ৷৷