|| পদ ||:
ব্ৰহ্মায়ে বোলন্ত শুনিয়ো কথা৷
যি কাৰ্য্যে প্ৰতিমা নাছিল তথা৷৷
পূৰ্ব্বত মেৰুৰ শিখৰে হৰি৷
বসিয়া আছন্ত আনন্দ কৰি৷৷২৫ ৷৷
প্ৰণামি জানুশিৰে লক্ষ্মী মাৱে৷
কৰিলন্ত প্ৰশ্ন স্বামীৰ পাৱে৷৷
কোন কৰ্ম্মভূমি মনুষ্য লোকে৷
সদায়ে আক নেৰে দুঃখে শোকে৷৷২৬ ৷৷
কোন কৰ্ম্মে পাৱে সংসাৰ পাৰ৷
কহিয়ো মোত কিবা ধৰ্ম্ম সাৰ৷৷
কৰুণা আছে দাসী বুলি যদি৷
গুচায়ো আমাৰ সংশয় ছেদি৷৷২৭ ৷৷
মাধৱে বোলন্ত শুনিয়ো প্ৰিয়া৷
আমাৰ কথাত কৰিয়ো হিয়া৷৷
আছে মহাক্ষেত্ৰ কৈলো তোমাত৷
পুৰুষোত্তম নামে ঠাই প্ৰখ্যাত৷৷২৮ ৷৷
সংসাৰক তৰে তাত নিৱাসে৷
হোৱয় সিদ্ধি আতি অপ্ৰয়াসে৷৷
কীৰ্ত্তনতে যাৰ পাপ পলাই৷
তিনিয়ো লোকে তাৰ সম নাই৷৷২৯ ৷৷
নজানে তাক দেৱ সিদ্ধ মুনি৷৷
গুপুত কৰিয়া আছো আপুনি৷৷
আজিসে তোমাত কৰো বেকত৷
শুনা সাৱধানে তাৰ মহত্ত্ব৷৷৩০৷৷
ব্ৰহ্মাক মহাপ্ৰলয়ৰ অন্তে৷
স্ৰজিলো নাভিকমলৰ হন্তে৷৷
উপজি মোতে পাছে সৃষ্টিকৰে৷
স্ৰজিল চৰাচৰ নিৰন্তৰে৷৷৩১ ৷৷
জগত নিৰ্ম্মিয়া কৰিলা ধ্যান৷
তেখনে তান ভৈলো বিদ্যমান৷৷
সজল মেঘ শৰীৰৰ কান্তি৷
হিয়াত প্ৰকাশে শ্ৰীবৎসপান্তি৷৷৩২ ৷৷
তনুক ৰঞ্জে আতি পীত বস্ত্ৰ৷
হাতত চক্র ধৰি আছো অস্ত্ৰ৷৷
কমললোচন মুখ প্ৰসন্ন৷
দেখি ব্ৰহ্মা উঠি দিলা আসন৷৷৩৩ ৷৷
অক্ষতে অৰ্ঘ্যে পূজি প্ৰজাপতি৷
কৰিলা আমাক অনেক স্তুতি৷৷
ব্ৰহ্মাক পাছে দিলো সমিধান৷
কি কাৰ্য্যে আমাক কৰিলা ধ্যান৷৷৩৪ ৷৷
হেন শুনি ব্ৰহ্মা মাতিলা পাছে৷
কোন মুখ্য সাধ্য লোকৰ আছে৷৷
বিনা যজ্ঞ যোগ ব্ৰত নিয়ম৷
নকৰি তপ তীৰ্থ পৰিশ্ৰম৷৷৩৫ ৷৷
পাইবেক মহাসিদ্ধি অপ্ৰয়াসে৷
কহিয়ো আমাত জগনিৱাসে৷৷
কোন বা উত্তম ক্ষেত্ৰ তোমাৰ৷
বোলা হৰি হৰি তৰা সংসাৰ৷৷৩৬ ৷৷