উৰেষা-বৰ্ণন : ৭ম কী : হৰি গোৱিন্দ...

|| ঘোষা ||: 

হৰি গোৱিন্দ কৃষ্ণ জয় জগন্নাথ৷৷৭৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

যজন্ত বেড়ি যত ব্ৰহ্মঋষি৷

কৃষ্ণক অৰ্চ্চন্ত ৰাজা হৰিষি৷৷

কৰিলন্ত হোম কোটি প্ৰমাণ৷

ৰথ গজ বাজী দিলন্ত দান৷৷৭১ ৷৷

কোটি কোটি ৰথ গ্ৰাম নগৰ৷

দাসী দাস ধেনু বৃষ বিস্তৰ৷৷

যেহি লাগে খোজে যতেক প্ৰজা৷

নাহিকে নেদো নোবোলন্ত ৰাজা৷৷৭২ ৷৷

 পূৰিলা মনোৰথ সমস্তৰ৷

হৃষ্টপুষ্ট ভৈলা সমস্তে নৰ৷

সকল ঋষিক বোলন্ত বাণী৷৷

প্ৰত্যেক যাৱে নোন্ত চক্রপাণি৷৷৭৩ ৷৷

প্ৰৱৰ্ত্তৱা তাৱে যজ্ঞ আমাৰ৷

এহি বুলি দান দেন্ত অপাৰ৷৷

কোনে কৰিবেক দানৰ সীমা৷

যজ্ঞৰ পৰম দেখি মহিমা৷৷৭৪ ৷৷

বিস্ময় ভৈলা সুৰাসুৰ নাগে৷

উৎসৰ্গি ঘোড়া পাছে মহাভাগে৷৷

পুত্ৰগণ মাতি দিলা আদেশ৷

যজ্ঞৰ হয় ৰাখা দেশে দেশ৷৷৭৫ ৷৷

 স্থানে স্থানে ৰচি সুৱৰ্ণ ৰত্নে৷

বিষ্ণুৰ দৌলক সজাইলা যত্নে৷৷

কৰিলা কৰ্ম্ম যত ৰাজসুত৷

বান্ধিলা দৌল আতি অদ্ভুত৷৷৭৬ ৷৷

ৰাজায়ো দৌলক সুসাঙ্গ কৰি৷

চিন্তন্ত সদায়ে নিদ্ৰাক এৰি৷৷

কিমতে বিষ্ণুৰ দেখা সাক্ষাত৷

বিষ্ণুৰ প্ৰতিমা পাইবো কোথাত৷৷৭৭ ৷৷

কিমতে আৱে আৰাধিবো হৰি৷

প্ৰতিমা থাপো দৌলে কেন কৰি৷৷

একোমতে তুষ্টি নাহিকে মন৷

নকৰে নৃপতি স্নান ভোজন৷৷৭৮ ৷৷

পৰম চিন্তায়ে আকুল ভৈলা৷

বিষ্ণুক পাছে অৰ্চ্চিবাক লৈলা৷

পঞ্চৰাত্ৰবিধি কৰিয়া পূজা৷

কৰন্ত স্তুতি ইন্দ্ৰদ্যুম্ন ৰাজা৷৷৭৯ ৷৷

নমো বাসুদেৱ মোক্ষ কাৰণ৷

সংসাৰত মোক কৰা তাৰণ৷৷

নমো মাধৱক দৱাঁয়া মাথ৷

ত্ৰাহি ত্ৰাহি বিষ্ণু জগতনাথ৷৷৮০৷৷

ত্ৰাহি নৰসিংহ দৈত্যসংহাৰী৷

যিমতে আনিলা ভূমি উদ্ধাৰি৷৷

সেহিমতে মোক কৰা উদ্ধাৰ৷

বৰাহ বিষ্ণুক নতি আমাৰ৷৷৮১৷৷

বলদেৱ আদি মূৰ্ত্তি যতেক৷

গৰুড় প্ৰমুখ্যে অংশ অনেক৷৷

সৱাকো কৰো মই নমস্কাৰ৷

হৰি হৰি বুলি হুয়ো নিস্তাৰ৷৷৮২ ৷৷