উৰেষা-বৰ্ণন : ২০ কী :ৰঙ্গে ফাঙ্কু খেলে...

|| ঘোষা ||: 

ৰঙ্গে ফাঙ্কু খেলে চৈতন্য বনমালী৷

দুয়োহাতে ফাল্গু-গুড়া সিঞ্চন্ত মুৰাৰি৷৷২০৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

আছে যত নদী নদ তীৰ্থ পৃথিৱীত৷

জ্যৈষ্ঠ মাসে আসে শুক্লা দশমী তিথিত৷৷

প্ৰত্যেকে থাকন্ত তৈতে আসি দিন সাত৷

স্নান দান কৰিলে অক্ষয় হোৱে তাত৷৷২০৪ ৷৷

দশ পাপ হৰে পদে দশহাৰা নাম৷

তাত দেখে যিজনে সুভদ্ৰা কৃষ্ণ ৰাম৷৷

সমস্ত পাতক তাৰ হৱে মষিমূৰ৷

অন্তকালে মহাসুখে পাৱে বিষ্ণুপুৰ৷৷২০৫ ৷৷

উত্তৰাৰ্ক দক্ষিণাৰ্ক দিনা যিটো নৰে৷

ৰাম কৃষ্ণ সুভদ্ৰাক দেখন্ত সাদৰে৷৷

প্ৰণাম কৰন্ত পৰি হুয়া শুদ্ধমতি৷

সিয়ো বিষ্ণুলোকক আনন্দে কৰে গতি৷৷২০৬ ৷৷

ফাল্গুনীত গোৱিন্দক তুলিয়া দৌলত৷

দৌলযাত্ৰা কৰে মহোৎসৱে সিবেলাত৷৷

তাত গোৱিন্দক যত্নে দেখে যিটোজনে৷

গোৱিন্দৰ পুৰে সিয়ো বঞ্চে ৰঙ্গমনে৷৷২০৭ ৷৷

বিষুদিনা বিধিৱতে পঞ্চ তীৰ্থ কৰি৷

শুদ্ধমনে দেখয় সুভদ্ৰা ৰাম হৰি৷৷

সিয়োজনে সমস্ত যজ্ঞৰ ফল পাইব৷

পাতক নিস্তৰি বিষ্ণুভুৱনক যাইব৷৷২০৮ ৷৷

বৈশাগ মাসৰ শুক্লা তৃতীয়া তিথিত৷

কৰাৱে চন্দনযাত্ৰা আতি বিপৰীত৷৷

চন্দনে ভূষিত কৰি কৃষ্ণৰ শৰীৰ৷

তাক দেখি যাইব নৰ বিষ্ণুৰ মন্দিৰ৷৷২০৯ ৷৷

মিলে জ্যৈষ্ঠ মাসে জ্যেষ্ঠা ৰাশি ঋক্ষযোগে৷

ক্ষেত্ৰক যাইবেক নৰ পৰম উদ্যোগে৷৷

উদ্ধাৰি একৈশ কুল তাসম্বে সহিতে৷

মহাৰঙ্গে বঞ্চে সিটো বিষ্ণুৰ পুৰীতে৷৷২১০৷৷

যেৱে মহাজ্যৈষ্ঠা মিলে নক্ষত্ৰ সংযোগ৷

ক্ষেত্ৰক যাইবেক নৰে পৰম উদ্যোগ৷৷

ৰাম কৃষ্ণ সুভদ্ৰাক দেখিব যতনে৷

দ্বাদশ যাত্ৰাৰ ফল লভিব তেখনে৷৷২১১ ৷৷

প্ৰয়াগ প্ৰমুখ্যে তীৰ্থ আছে যত মানে৷

যেন ফল পাৱে তাসম্বাত স্নান দানে৷৷

সূৰ্য্য গ্ৰহণতো যত পুণ্য নিৰন্তৰে৷

পাৱে মহাজ্যৈষ্ঠীত কৃষ্ণক দেখি নৰে৷৷২১২ ৷৷

মহাসুখে এক শত পুৰুষ উদ্ধাৰি৷

বিষ্ণুলোকে ভুঞ্জে ভোগ্য কল্প সংখ্যা কৰি৷৷

দুনাই দ্বিজ হুয়া কৰে বিষ্ণুত ভকতি৷

বিষ্ণু-যোগ লভি সাধে পৰম মুকুতি৷৷২১৩ ৷৷

ব্ৰহ্মায়ে বোলন্ত শুনিয়োক মুনিগণ৷

কহিলো তোমাত সৱে ক্ষেত্ৰৰ লক্ষণ৷৷

বুলিয়োক আৰ কিবা শুনিবাক বাঞ্ছা৷

বোলা হৰি হৰি যাৰ বৈকুণ্ঠক ইচ্ছা৷২১৪ ৷৷