উৰেষা-বৰ্ণন : ১৮ কী : এ ৰাম নিৰঞ্জন...

|| ঘোষা ||: 

এ ৰাম নিৰঞ্জন ৰাম নিৰঞ্জন৷

ৰাম নিৰঞ্জন হৰি৷৷১৮৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

জয় কৃষ্ণ জয় জয় জগন্নাথ

সৰ্ব্ব পাপবিনাশন৷

জয়তি চাণূৰ কেশীৰ অন্তক

জয় কংসনিসূদন৷৷

জয় পদ্মপত্ৰ- সদৃশ লোচন

ধৰি আছা চক্র গদা৷

জয় নীল মেঘ- সম শ্যাম জয়

সৰ্ব্ব সুখদাতা সদা৷৷১৮৪ ৷৷

জয় জগতৰ পূজ্য জয় ভৱ

নাশন সন্তৰ গতি৷

জয় ভকতৰ বাঞ্ছা ফলদাতা

জয় নাথ লোকপতি৷৷

দুৰ্ঘোৰ সংসাৰ আত নাহি পাৰ

অপাৰ সাগৰ যেন৷

কামক্রোধগ্ৰাহে সদায় আকুল

দুঃখচয় ভৈল ফেন৷৷১৮৫ ৷৷

বিষয় উদকে প্ৰলম্পি আছয়

মহামোহে আত পাক৷

ৰোগে ভৈল ঢউ ইহাতে মজিলো

উদ্ধাৰা প্ৰভু আমাক৷৷

এহিমতে স্তুতি কৰিয়া কৃষ্ণক

দেৱৰ ঈশ্বৰ হৰি৷

মহাবাহু মহা বক্ষস্থলে আছা

শঙ্খ চক্র গদা ধৰি৷৷১৮৬ ৷৷

ভূষণে ভূষিত গলে বনমালা

পদ্মপত্ৰ সম আখি৷

দণ্ডৱতে পৰি প্ৰণাম কৰিবে

হেনয় কৃষ্ণক দেখি৷৷

এহিমতে পৰি কৃষ্ণ প্ৰণাম

কৰে যিটো ভক্তিভাৱে৷

অশ্বমেধ যজ্ঞ সহস্ৰৰ ফল

তাৱক্ষণে সিটো পাৱে৷৷১৮৭ ৷৷

সমস্ত তীৰ্থত যজ্ঞত দানত

ব্ৰতত যি ফল পাৱে৷

ব্ৰহ্মচাৰী গৃহী বনস্থ সন্ন্যাসী

চাৰিও সি ফল পাৱে৷৷

কৃষ্ণ দৰশনে সেহি ফল পাৱে

কি কৈবো আৰ বিস্তৰ৷

কৃষ্ণক দেখিয়া প্ৰণাম কৰিলে

হৈবেক মোক্ষ লোকৰ৷৷১৮৮ ৷৷

কোটি কল্পে যত পাপ আছে কৰি

সিও তেতিক্ষণে এৰে৷

একৈশ পুৰুষ উদ্ধাৰি বিমানে

বিষ্ণুৰ পুৰীক লৰে৷৷

তিনি শত কল্প ভোগ্য ভুঞ্জে তৈত

যেন চতুৰ্ভুজ হৰি৷

দুনাই শ্ৰেষ্ঠ দ্বিজ কুলত উপজে

গুণে নাহি তাক সৰি৷৷১৮৯ ৷৷

সৰ্ব্বভূত হিত- ৰত শান্ত দাতা

সত্যবাদী সৰ্ব্বজান৷

অন্তকালে সিয়ো মুকুতিক পাৱে

লভিয়া বৈষ্ণৱী জ্ঞান৷৷

তাত পাছে মন্ত্ৰে সুভদ্ৰাক পূজি

প্ৰণামি কৰিব স্তুতি৷

নমো ব্ৰহ্মগামী দেৱীক প্ৰণামো

দিয়োক মোক মুকুতি৷৷১৯০৷৷

কমললোচনী নমো কাত্যায়নী

কৰা মোক পৰিত্ৰাণ৷

বলোৰ ভগিনী সুভদ্ৰাক নমি

পাৱে বিষ্ণুলোকে স্থান৷৷

এক কল্পে মানে দেৱে যেন ক্রীড়ে

পাছে বিপ্ৰ হোৱে আসি৷

অন্তকালে সিও মুকুতিক পাৱে

বৈষ্ণৱ জ্ঞান অভ্যাসি৷৷১৯১ ৷৷