|| পদ ||:
ব্ৰহ্মায়ে বোলন্ত ইন্দ্ৰদ্যুম্ন নৃপতিক৷
জানিবা উৰেষা সৰ্ব্ব তীৰ্থতে অধিক৷৷
ক্ষেত্ৰৰ মহিমা মানে কহিলো সকল৷
শুনা জগন্নাথ নামকীৰ্ত্তনৰ ফল৷৷২১৫ ৷৷
জগন্নাথ নাম ইটো পৰম ৰহস্য৷
তাক সদা লৱে যিটো কৰি মন বশ্য৷৷
সিটোজনে অপ্ৰয়াসে ছিণ্ডে কৰ্ম্মবন্ধ৷
হাততে মুকুতি তাৰ নলাগে প্ৰবন্ধ৷৷২১৬ ৷৷
শিৱত সাক্ষাতে কহি আছন্ত শ্ৰীহৰি৷
নাহি আন ধৰ্ম্ম জগন্নাথ নাম সৰি৷৷
জগন্নাথ নাম যিটো সুমৰে সতত৷
ক্ষমিব তাহাৰ নিতে অপৰাধ শত৷৷২১৭ ৷৷
জগন্নাথ নাম যিটো হেলায়ে উচ্চৰে |
ব্ৰহ্মহত্যা আদি পাপ পলাই তাক ডৰে ||
এৰিলে আচাৰ যিটো খাইলে জ্ঞান পুলি |
বিষ্ণুত প্ৰৱেশে সিয়ো জগন্নাথ বুলি || ২১৮ ||
জগন্নাথ নামৰ মহিমা কৈবো কত৷
মহাপ্ৰসাদৰ আৱে শুনিয়ো মহত৷৷
যত ফল পাৱে যজ্ঞ হোম তপ দানে৷
যেন ফল পাৱে তুলাপুৰুষ প্ৰদানে৷৷২১৯ ৷৷
যেন ফল লভে ভুঞ্জাই ব্ৰাহ্মণ কোটিক৷
পাৱে মহাপ্ৰসাদ ভক্ষণে ততোধিক৷৷
পিতৃশ্ৰাদ্ধ দিনা আনি বিষ্ণুৰ অন্নক৷
ভক্তিভাৱে দেয় যিটো পিতৃক দেৱক৷৷২২০ ৷৷
অন্ন পিণ্ড দেয় যিটো তিলে মিহলাই৷
কোটি কল্প মানে তৃপ্তি হোন্ত পিতৃ খাই৷৷
মহাপ্ৰসাদত যত্নে এৰিবা বিচাৰ৷
নাহি কিঞ্চিতেকো যেন ব্ৰহ্মত বিকাৰ৷৷২২১৷৷
বিষ্ণুৰ নৈৱেদ্য যত অন্ন পিঠাপনা৷
ভক্ষ্যাভক্ষ্য তাহাৰ বিচাৰে যিটোজনা৷৷
হোৱে মন্দৰোগী তাক ভাৰ্য্যা পুত্ৰে এৰে৷
নাহিকে নিস্তাৰ ঘোৰ নৰকত পৰে৷৷২২২৷৷
অন্ত্যবৰ্ণে হীনবৰ্ণে যিটো অন্ন ছোৱে৷
তাক ভুঞ্জি সমস্ত পাতক মুক্ত হোৱে৷৷
ছোৱা-গঞ্জা বুলি যিটো অন্ন নখায় মোৰ৷
বিপদক পাৱে তাক কৰো দণ্ড ঘোৰ৷৷২২৩ ৷৷
নাহি কাল নিয়ম ব্ৰতত দোষ নাই৷
পাইলে মাত্ৰে খাইবে অন্ন তেৱে মোক্ষ পাই৷৷
হৃদয়ত ৰূপ হৰিনাম যাৰ মুখে৷
বিষ্ণুৰ নৈৱেদ্য উদৰত ভৰে সুখে৷৷২২৪ ৷৷
পাদোদক নিৰ্ম্মাল্য মস্তকে থাকে যাৰ৷
বোলা হৰি হৰি সেই বিষ্ণু অৱতাৰ৷৷
ভণিল শঙ্কৰে কৃষ্ণচৰণত ধৰি৷
পাতক ছাড়োক ডাকি বোলা হৰি হৰি৷৷২২৫৷৷