|| পদ ||:
হেন শুনি দিলো পাছে ব্ৰহ্মাক উত্তৰ৷
ব্ৰহ্মৰ ক্ষেত্ৰৰ কথা শুনি সৃষ্টিকৰ৷৷
জগততে কৰি মই যিহেতু উত্তম৷
সি কাৰণে নাম মোৰ পুৰুষোত্তম৷৷৩৭ ৷৷
ভৈলো সিটো ক্ষেত্ৰে মই আপুনি সাক্ষাত৷
পুৰুষোত্তম নামে ক্ষেত্ৰ তাতেসে প্ৰখ্যাত৷৷
বিনা যজ্ঞ দান তপ যোগৰ যুগুতি৷
চাৰিও বৰ্ণক দেয় ভুকুতি মুকুতি৷৷৩৮ ৷৷
সিটো মহাক্ষেত্ৰ দশ যোজন প্ৰকট৷
দক্ষিণ সাগৰ তীৰে আছে সিদ্ধ বট৷৷
যাৰ ছায়া পৰশনে হোৱে মহোদয়৷
দৰশন মাত্ৰে ব্ৰহ্মহত্যা হোৱে ক্ষয়৷৷৩৯ ৷৷
প্ৰদক্ষিণ কৰি যিটো কৰে নমস্কাৰ৷৷
মোৰ স্থান পাৱে কৰি পুৰুষ উদ্ধাৰ৷৷
প্ৰলয়তো নাহি সিটো বটৰ বিনাশ৷
সেই থানে বটৰ উত্তৰ দিশপাশ৷৷৪০৷৷
দিব্য দৌল আছে তাৰ কি কৈবো মহিমা৷
বৈদূৰ্য্যৰ আছে তাত আমাৰ প্ৰতিমা৷৷
অপ্ৰয়াসে তাকে চাই পাৱে মহোদয়৷
পাপী নৰো চলি যায় বিষ্ণুৰ নিলয়৷৷৪১ ৷৷
হেন জানি যম ৰাজা কৰিলা গমন৷
বটৰ নিকটে মোক পাইলা দৰিশন৷৷
প্ৰণামিয়া শিৰে বুলিলন্ত স্তুতিবাণী৷
নমো নমো জগন্নাথ দেৱ চক্রপাণি৷৷৪২ ৷৷
নমো নমো জ্যোতিঃফল দেৱ সনাতন৷
সৰ্ব্বব্যাপী পুৰুষ পৰম নিৰঞ্জন৷৷
বহুবিধ স্তুতি কৰি কৰন্ত প্ৰণাম৷
মই বোলো যম কহ সাধো কোন কাম৷৷৪৩ ৷৷
যম ৰাজা বোলে ইটো ক্ষেত্ৰ মাজে সাৰ৷
ইন্দ্ৰনীলময় আত প্ৰতিমা তোমাৰ৷৷
পাপী বা অপাপী তাক অপ্ৰয়াসে চাৱে৷
তোমাৰ প্ৰসাদে স্থান শ্বেতদ্বীপে পাৱে৷৷৪৪ ৷৷
মোৰ অধিকাৰ ভৈল সকলে লুপুত৷
হেন জানি প্ৰতিমাক কৰিয়ো গুপুত৷৷
পাছে ময়ো যমৰায়ৰ বচনত থাকি৷
পুতি থৈলো প্ৰতিমাক বালুকায় ঢাকি৷৷৪৫ ৷৷
পাছে ইন্দ্ৰদ্যুম্নে তৈতে অশ্বমেধ যজি৷
কৃষ্ণ বলভদ্ৰ সুভদ্ৰাৰ মূৰ্ত্তি সাজি৷৷
দিব্য দৌল বান্ধি যেনমতে পূজিলন্ত৷
লক্ষ্মীত কহিলা হৰি সকল বৃত্তান্ত৷৷৪৬ ৷৷
ব্ৰহ্মাত পুছিলা মুনিসকলে দুনাই৷
ক্ষেত্ৰ গৈয়া কি কৰিলা ইন্দ্ৰদ্যুম্ন ৰায়৷৷
কহিয়ো হৰিষে শুনোহো পাছ কথা৷
বোলা ৰাম ৰাম জন্ম নকৰিয়ো বৃথা৷৷৪৭ ৷৷