|| পদ ||:
ক্ষণেকতে সাজিলা প্ৰতিমা৷
দেখি ৰাজা পৰম মহিমা৷৷
বুলিলাহা বিস্ময়ে বচন৷
নোহো নৰ তোৰা দুয়োজন৷৷১৩৯ ৷৷
কিবা তোৰা দুয়ো সূৰ্য্য শশী৷
ব্ৰহ্মা ৰুদ্ৰ কিবা আছা আসি৷৷
নজানোহো স্বৰূপ সাক্ষাত৷
কৈয়ো সত্যে শৰণ তোমাত৷৷১৪০৷৷
শুনি বিষ্ণু বুলিলা বচন৷
নোহো ব্ৰহ্মা ৰুদ্ৰ আন জন৷৷
মই হৰি জগত ঈশ্বৰ৷
মোতে আছে যত চৰাচৰ৷৷১৪১ ৷৷
বেদান্ততো মোকেসে কহৱে৷
মোক স্মৰি পাতক দহৱে৷৷
তুষ্ট হুয়া দেখা দিলো আগে৷
লৈয়ো বৰ ৰাজা যেহি লাগে৷৷১৪২ ৷৷
স্বপ্নতো নেদেখে পাপী মোক৷
তুমি মোৰ মহাভক্ত লোক৷৷
যতেক পূজিলা নাহি লেখা৷
তাতেসে তোমাক দিলো দেখা৷৷১৪৩ ৷৷
শুনি ৰাজা তনু লোমাঞ্চিত৷
কৰে স্তুতি পৰিয়া ভূমিত৷৷
লক্ষ্মীকান্ত তোমাক প্ৰণাম৷
তনু যাৰ জ্বলে মেঘশ্যাম৷৷১৪৪ ৷৷
কৰে শঙ্খ চক্র পদ্ম গদা৷
তুমি শ্ৰীৰ নিৱাস সৰ্ব্বদা৷৷
শুতি থাকা ভুজঙ্গ শয্যাত৷
তুমি ব্ৰহ্ম ব্যাপক সাক্ষাত৷৷১৪৫ ৷৷
তুমি সূক্ষ্ম নিৰ্ম্মল নিৰ্গুণ৷
সৃষ্টি স্থিতি লয়ত নিপুণ৷৷
মোক্ষপদ জগত ঈশ্বৰ৷
কৰো পৰি প্ৰণাম বিস্তৰ৷৷১৪৬ ৷৷
দুনাই দুনাই কৰো নমস্কাৰ৷
কৰা প্ৰভু আমাক উদ্ধাৰ৷৷
তুমি দিয়া ভুকুতি মুকুতি৷
কৰো সেৱা সেহিসে যুগুতি৷৷১৪৭ ৷৷
দুনাই ৰাজা পৃথিৱীত পৰি৷
বিষ্ণুক বোলন্ত কৰ যুৰি৷৷
ঋষিগণ দেৱাসুৰ বল৷
যত যোগী সন্ন্যাসীসকল৷৷১৪৮ ৷৷
যিটো পদে সদা কৰে ধ্যান৷
ইচ্ছা তাক তৈতে দিয়া স্থান৷৷
মাধৱে বোলন্ত এহি হৌক
অন্তকালে পাইবা গৈয়া মোক৷৷১৪৯ ৷৷
নকৰিবা সংশয় ইহাত৷
নিষ্ঠ কৰি বুলিবো তোমাত৷
কৃষ্ণৰ কিঙ্কৰে এভু ভণে৷
হৰি হৰি বোলা সৰ্ব্বজনে৷৷১৫০৷৷