|| পদ ||:
বোলন্ত শুকে শুনা পৰীক্ষিত৷
ভক্ত প্ৰহ্লাদৰ কহো চৰিত৷৷
যুধিষ্ঠিৰ আগে নাৰদে কৈলা৷
শুনিয়ো প্ৰহ্লাদৰ যেন ভৈলা৷৷২১৬৷৷
ব্ৰহ্মাৰ মানস চাৰি তনয়৷
ভ্ৰমন্ত আকাশে আনন্দময়৷৷
পাঞ্চ বৰিষীয়া শিশু সঙ্কাশ৷
নাহিকে বস্ত্ৰ সৱে দিগৱাস৷৷২১৭৷৷
আনন্দে লোকক চাহান্তে ফুৰি৷
দিনেক দেখিলা বৈকুণ্ঠপুৰী৷৷
আতি আনন্দিত বিষ্ণুৰ থানে৷
সৱে চতুৰ্ভুজ পুৰুষ মানে৷৷২১৮৷৷
যতেক ৰমণী লক্ষ্মী প্ৰত্যেক৷
কল্পতৰু সম বৃক্ষ যতেক৷৷
বৈতালিকগণ পৰম ৰঙ্গে৷
হাতত তাল নাৰীগণ সঙ্গে৷৷২১৯৷৷
গাৱন্ত কৃষ্ণৰ গুণ চৰিত৷
আনন্দতে দ্ৰৱে সৱাৰো চিত্ত৷৷
সুগন্ধি বায়ুক কৰে ধিক্কাৰ৷
সিবেলা মনক মোহে আমাৰ৷৷২২০৷৷
ভ্ৰমৰ ৰাজে গাৱে হৰিগীত৷
যতেক পক্ষী তাতে দেয় চিত্ত৷৷
নকৰে আৰাৱ থাকে নিচুকে৷
কৃষ্ণৰ চৰিত্র শুনে উৎসুকে৷৷২২১৷৷
চড়ি ৰত্নময় দিব্য বিমানে৷
যতেক সুন্দৰী পদ্মিনী মানে৷৷
হাস লাস কৰি দৰশ গাৱ৷
বৈষ্ণৱ জনৰ নুপজে ভাৱ৷৷২২২৷৷
হৰিৰ গৃহে মহালক্ষ্মী মাৱে৷
হাতে ফুৰাই পদ্ম ভ্ৰমন্ত পাৱে৷৷
দেখিয়া স্ফটিক বাৰৰ গুণি৷
মাঞ্জে গৃহ যেন লক্ষ্মী আপুনি৷৷২২৩৷৷
গোৱিন্দৰ গুণ চৰিত্ৰ বাজে৷
শুনে গ্ৰাম্য কথা যিটো নিলাজে৷৷
বৈকুণ্ঠে নযাৱে সিটো ভাগ্যশূন্য৷
কু-কথায়ে হৰে সমস্তে পুণ্য৷৷২২৪৷৷
তমো নৰকে হোৱে চিৰবাস৷
আপুনি চিন্তে আপুনাৰ নাশ৷৷
দেৱৰো বাঞ্ছনী মনুষ্য জন্ম৷
উপজে তাত যত জ্ঞান ধৰ্ম্ম৷৷২২৫৷৷
নকৰে কীৰ্ত্তন ইহাক পায়া৷
জানিবা তাক লঙ্ঘে বিষ্ণুমায়া৷৷
হেন জানি আন আলাপ এৰি৷
বোলা হৰি হৰি সমাজে বেঢ়ি৷৷২২৬৷৷