|| পদ ||:
শুনি দৈত্যেন্দ্ৰৰ অন্তৰীক্ষ ভৈল ধাতু৷
কোনে দিলে আটাস নেদেখি তাৰ হেতু৷৷
সত্য কৰিবাক লাগি নিজ ভৃত্যবাণী৷
তম্ভতে বেকত ভৈলা প্ৰভু চক্রপাণি৷৷৪০০৷৷
অদ্ভত দেখিয়া দৈত্যপতি ভৈল চুপ৷
নুহি সিংহ নুহি ইটো মনুষ্যৰ ৰূপ৷৷
ঘোৰ মূৰ্ত্তি ধৰি নৰসিংহ ভৈলা বাজ৷
মহাত্ৰাসে কাম্পে দেখি দানৱ সমাজ৷৷৪০১৷৷
তপ্ত সুৱৰ্ণৰ সম জ্বলে চক্ষু দুই৷
পৰ্ব্বত সমান কায়া আছে স্বৰ্গ ছুই৷৷
শৰীৰৰ লোম চন্দ্ৰসম শুক্লবৰ্ণ৷
তুলি আছে উৰ্দ্ধক তৱধ দুই কৰ্ণ৷৷৪০২৷৷
বাইলা মুখ যেন গিৰি গহ্বৰ পৰায়৷
প্ৰচণ্ড বতাস যেন নিশ্বাস বজায়৷৷
প্ৰকাশয় কেশৰ শিৰে ৰবিৰ কিৰণ৷
ভ্ৰূকুটি কুটিল মুখ বিকট দশন৷৷৪০৩৷৷
লহ লহ কৰে জিহ্বা যেন ক্ষুৰ ধাৰ৷
জ্বলে বাহু শত তীক্ষ্ণ নখে চমৎকাৰ৷৷
বহল হৃদয় দীৰ্ঘ গ্ৰীৱা কৃশ কটি৷
জিহ্বা মেলি আছে দুয়ো দশন প্ৰকটি৷৷৪০৪৷৷
হেন দেখি দৈত্যেন্দ্ৰ মনত গুণে ডৰি৷
আমাক বধিতে হৰি আইলা মায়া কৰি৷৷
মনে বিমৰিষি পাছে গদাক উচাই৷
দানৱ মাতঙ্গ গৈল নৃসিংহক ধাই৷৷৪০৫৷৷
নেদেখিয় দৈত্যেন্দ্ৰক নৃসিংহৰ পাশে৷
লুকাই পতঙ্গ যেন অগনিত ঝাসে৷৷
ছিদ্ৰ চাই পাক ফুৰে দৈত্য দুৰাচাৰ৷
নৃসিংহক দিলা ঘোৰ গদাৰ প্ৰহাৰ৷৷৪০৬৷৷
এৰাইলন্ত নৰসিংহ কাতি কৰি কায়৷
পাঞ্জৰত ফুৰে দৈত্য পতঙ্গ পৰায়৷৷
গদায়ে সহিতে ধৰিলন্ত দিয়া চাম্প৷
গৰুড়ৰ হাতত বাজিল যেন সৰ্প৷৷৪০৭৷৷
এৰাইল হাতৰ দৈত্য আৰিমুৰি কৰি৷
লীলায়ে এৰিলা তাক আপুনি নৃহৰি৷৷
দেখি দেৱগণে আতি কৰে হৃদি খেদ৷
হৰি হৰি নভৈল দুঃখৰ পৰিচ্ছেদ৷৷৪০৮৷৷
দৈত্যেশ্বৰে বোলে বল কণ্টালিলো আৰ৷
কৈক যাইবি নৰসিংহ কৰিবো দোহাৰ৷৷
এহি বুলি খাণ্ডা বাৰু ধৰি সেহি ছেগে৷
শ্ৰম কৰি পক্ষী যেন ধাইল মহাবেগে৷৷৪০৯৷৷
ঘোৰ নাদ তেজি অধে-ঊৰ্দ্ধে ফুৰে পাক৷
বাৰুতে লুকায় কায় নাকলিয় তাক৷৷
প্ৰহাৰিবে লাগি ছিদ্ৰ চাহে মহাসুৰ৷
বোলা হৰি হৰি পাপ হৌক মষিমুৰ৷৷৪১০৷৷