|| পদ ||:
দেখিয়া পাছে হেন চাৰি সিদ্ধ৷
দেখন্তে শিশু বয়সত বৃদ্ধ৷৷
কৃষ্ণ দৰশন আশা ভঙ্গে৷
কোপে চক্ষু পকাই মাতন্ত খঙ্গে৷৷১৩৯৷৷
বৈষ্ণৱ বোলা তোৰা দুয়োজন৷
বৈকুণ্ঠবাসীৰ নুহি লক্ষণ৷৷
প্ৰশান্ত পুৰুষ আনন্দময়৷
তাহান্তো তোমৰা কৰা সংশয়৷৷২৪০৷৷
পাৰিষদ বোলাই কৰস চটি৷
নুহিকা বৈষ্ণৱ দুয়ো কপটী৷৷
বৈকুণ্ঠৰো আনা দুৰ্যশ বৰ৷
ঐৰ পৰা তোৰা দুহান্তো পৰ৷৷২৪১৷৷
অসুৰ যোনিত উপজ মৰি৷
হেন শুনি জয় বিজয় ডৰি৷৷
চৰণত ধৰি পৰি ভূমিত৷
কাতৰ কৰে হুয়া ভয়ভীত৷৷২৪২৷৷
তোমাসাক বাধি কৰিলো পাপ৷
মিলোক দিলা যিবা চণ্ডশাপ৷৷
আপুন কৰ্ম্মে যাওঁ অধোগতি৷
প্ৰভুৰ পাৱে নছাড়োক মতি৷৷২৪৩৷৷
তোমাসাত মাগো এতেক বৰ৷
এহি বুলি দুয়ো কৰে কাতৰ৷৷
হেন আথান্তৰ শুনিয়া হৰি৷
আসন্ত বজাই অভ্যন্তৰ এৰি৷৷২৪৪৷৷
অনেক পৰিচ্ছেদে লক্ষ্মী মাৱে৷
পাছত চলি যান্ত ভূমি পাৱে৷৷
শুক্ল চামৰে বিঞ্চে দুই কাছে৷
উপৰে শ্বেতছত্ৰ ধৰি আছে৷৷২৪৫৷৷
তাতে চন্দ্ৰকান্তে স্ৰৱে শিশিৰ৷
চলি যান্ত হৰি গতি গম্ভীৰ৷৷
লক্ষ্মীৰ ছটা শ্যাম উৰঃস্থলে৷
আপাদলম্বী বনমালা গলে৷৷২৪৬৷৷
গুঞ্জৰে মধুকৰে কৰি যত্ন৷
শিৰত কিৰীটি অমূল্য ৰত্ন৷
উন্নত নাসা সুপ্ৰসন্ন মুখ৷
কমল নেত্ৰক দেখন্তে সুখ৷৷২৪৭৷৷
মকৰ কুণ্ডলে প্ৰকাশে গণ্ড৷
শ্যামল চাৰু চাৰিভুজ দণ্ড৷৷
কেয়ূৰ কঙ্কণ প্ৰকাশে তাত৷
শ্ৰীবৎস মুকুতা হাৰ হিয়াত৷৷২৪৮৷৷
পীত বস্ত্ৰে শোভে শ্যামল কায়৷
নুগুচে মুখত হাস্য সদায়৷৷
অমূল্য মেখলা কটিৰ মাজে৷
চৰণে ৰত্নৰ নূপুৰ বাজে৷৷২৪৯৷৷
কৌস্তুভ মণি শোভে কণ্ঠমাজে৷
দুইপাশে নানা দিব্য যন্ত্ৰ বাজে৷৷
মিলাৱে সমাধি তাৰ শৱদে৷
ধৰিছা মূৰ্ত্তি ভকতৰ পদে৷৷২৫০৷৷
গৰুড়ৰ স্কন্ধে হস্তক থই৷
ফুৰন্ত পদ্ম আউৰ হাতে লই৷৷
পাৰিষদ গণে চলে উপাসি৷
আসন্ত বৈকুণ্ঠপুৰ প্ৰকাশি৷৷২৫১৷৷
অদ্ভূত মূৰ্ত্তি চাৰি সিদ্ধে দেখি৷
নাহিকে তৃপিতি চান্ত নিৰীক্ষি৷৷
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷
বোলা হৰি হৰি সমস্ত জনে৷৷২৫২৷৷