|| পদ ||:
তোমাৰ বচন স্বামি৷
নুবুজিলো কিছু আমি৷৷
আপুনি ঈশ্বৰ হুয়া৷
বোলাহা কৰিয়ো দায়া৷৷২৭৪৷৷
ত্ৰিজগতে কৰে সেৱ৷
বোলা মোৰ বিপ্ৰ দেৱ৷৷
যত দেৱ দ্বিজ ভূমি৷
সৱাৰো দেৱতা তুমি৷৷২৭৫৷৷
ধৰ্ম্মৰো পৰম গুহ্য৷
তুমি জগতৰে পূজ্য৷৷
যাৰ ৰূপ হিয়ে ধৰি৷
দুস্তৰ মৃত্যুক তৰি৷৷২৭৬৷৷
তাঙ্ক আনে কৰে দায়া৷
কোনে বুজিবেক মায়া৷৷
মান্য কৰি ব্ৰাহ্মণক৷
শিক্ষা দিয়া সামান্যক৷৷২৭৭৷৷
ধৰ্ম্ম পথ ৰক্ষা কৰি৷
সৃষ্টি প্ৰৱৰ্ত্তাৱা হৰি৷৷
তযু পাৰিষদ দুই৷
আকো শাপো মুনি হুই৷৷২৭৮৷৷
কৰিলো দাৰুণ পাপ৷
দণ্ডিয়ো জগতবাপ৷৷
এহি বুলি মৌন ভৈলা৷
মাধৱে বুলিবে লৈলা৷৷২৭৯৷৷
মুনিগণ এৰা তাপ৷
আমিসে দিয়াইলো শাপ৷৷
বৈৰভাৱে চিন্তি মোক৷
দুনাই পাইবে এহি লোক৷৷২৮০৷৷
বোলো মহা মনতুষ্টি৷
শুনি চাৰি সিদ্ধে উঠি৷৷
মাধৱক প্ৰদক্ষিণি৷
প্ৰণামিয়া বাৰ তিনি৷৷২৮২৷৷
লৈয়া তান্তে অনুমতি৷
আকাশে কৰিলা গতি৷৷
বৈষ্ণৱৰ শ্ৰীক চাই৷
মনে প্ৰশংসন্তে যায়৷৷২৮২৷৷
কৃষ্ণৰ কিঙ্কৰে ভণে৷
শুনিয়োক সৰ্ব্বজনে৷৷
অন্তকে পাইলেক পৰা৷
ৰাম হৰি বুলি তৰা৷৷ ২৮৩৷৷