প্ৰহ্লাদ চৰিত : ৪থ কী : পদ্মপাণি জীৱ....

|| ঘোষা ||: 

পদ্মপাণি জীৱমোহন ৰাম৷

সুখে দুখে মুখে যোনো ছাড়ে ৰাম নাম৷৷২০৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত

|| পদ ||: 

পৰম আনন্দে চাৰি সিদ্ধে দেখি পাছে৷

শিৰে প্ৰণামিয়া দণ্ডৱতে পৰি আছে৷৷

কৃষ্ণপাদমিশ্ৰ তুলসীৰ পায়া গন্ধ৷

ক্ষোভ ভৈল চিত্ত মহা মিলিল আনন্দ৷৷২৫৩৷৷

প্ৰেমভাৱ উপজি দ্ৰৱিল আতি চিত্ত৷

হৰিষে লোতক ঝৰে তনু ৰোমাঞ্চিত৷৷

দেখিল কৃষ্ণৰ মুখ শ্যাম পদ্মকোশ৷

সুন্দৰ অধৰ হাস্যে মিলাৱে সন্তোষ৷৷২৫৪৷৷

তাসম্বাৰ ভৈল মনোবাঞ্ছিত পূৰণ৷

চাহিলা কৃষ্ণৰ দুনাই দুখানি চৰণ৷৷

আৰকত নখপান্তি আছে প্ৰকাশন্তে৷

চিত্তত চিন্তিলা তাঙ্কবাহিৰৰ হন্তে৷৷২৫৫৷৷

আছিলন্ত ধৰি হৃদয়ত কতো বেলি৷

কৃষ্ণক সন্মুখে দেখি পাছে চক্ষু মেলি৷৷

কৰযোৰে চাৰি সিদ্ধে আনন্দক পাই৷

কৰিবে লাগিলা স্তুতি মাধৱক চাই৷৷২৫৬৷৷

সমস্ত ভূতৰে যদি তুমি হৃদিগত৷

তথাপি কৰ্ম্মীৰ মনে নুহিকা বেকত৷৷

ভকতেসে পাৱে খুজি তুমি অন্তৰ্য্যামী৷

কিনো ভাগ্যে তোমাক নয়নে দেখো আমি৷৷২৫৭৷৷

পিতৃমুখে তযু গুণ শুনিলো যৈসানি৷

সেহি দিনা হিয়াত পশিলা চক্রপাণি৷৷

তুমি পৰমাত্মা তত্ত্ব জানিলো সম্প্ৰতি৷

সত্য মূৰ্ত্তি ধৰি সাধা ভকতৰ গতি৷৷২৫৮৷৷

তোমাক নপাই অনুৰাগ বাঢ়ে যাৰ৷

সেহিসে ভকতি যোগে ছিণ্ডে অহঙ্কাৰ৷৷

তাহাৰেসে গুচে বিষয়ত অনুৰাগ৷

হৃদয়ত বিচাৰি তোমাক পাৱে লাগ৷৷২৫৯৷৷

তোমাৰ পাৱত লৈলে যিজনে শৰণ৷

তযু গুণনাম কৰে শ্ৰৱণ কীৰ্ত্তন৷৷

মোক্ষ প্ৰসাদক প্ৰভু তোমাত নমাগে৷

ছাৰ স্বৰ্গসুখ কোন তাসম্বাৰ আগে৷৷২৬০৷৷

তযু গুণ গান যদি কৰ্ণে থাকে ভৰি৷

সদায় বদনে যেৱে বোলে ৰাম হৰি৷৷

চৰণকো চিন্তে চিত্তে বিঘ্নিকো নগণি৷

নাৰকী জন্মও তেৱে আমাৰ বাঞ্ছনী৷৷২৬১৷৷

দেখাই দিব্য ৰূপ ইটো আতি চমৎকাৰ৷

সাধিলা আনন্দ কিনো নেত্ৰৰ আমাৰ৷৷

অজ্ঞজনে তোমাৰ নলৱে গুণ নাম৷

আমি হেৰা পৰি প্ৰভু কৰিলো প্ৰণাম৷৷২৬২৷৷

তোমাৰ পাৱত হৌক একান্ত ভকতি৷

এতেক প্ৰসাদ দিয়ো আমাক সম্প্ৰতি৷৷

কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্ব্বলোক৷

ডাকি হৰি হৰি বোলা পাতক ছাড়োক৷৷২৬৩৷৷