প্ৰহ্লাদ চৰিত : ৭ম কী : পৰমানন্দ ৷ কৰা ...

|| ঘোষা ||: 

পৰমানন্দ ৷ কৰা কৃপা ভৃত্যক সম্প্ৰতি৷

তুমি বিনা নাই আনগতি৷৷২৩৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত

|| পদ ||: 

পাছে জয় বিজয়ক হৰি৷

কৰিলা আশ্বাস দুইকো ধৰি৷৷

অসুৰ যোনিক যাহা তয়৷

নকৰিবা মনে কিছু ভয়৷৷২৮৪৷৷

তোৰা দুইৰ থাকোক কল্যাণ৷

মই দুঃখ কৰিবো নিৰ্য্যাণ৷৷

ব্ৰহ্মশাপ নকৰো উছন৷

আছে পদে মোৰ প্ৰয়োজন৷৷২৮৫৷৷

সুমৰিয়ো পুৰণি কথাক৷

চিন্তি আছো মই আপুনাক৷৷

আমাৰ পাশক আসা লক্ষ্মী৷

তাঙ্কো নিবাৰিলা দুয়ো দেখি৷৷২৮৬৷৷

ক্রোধে বুলিলন্ত লক্ষ্মী শাপি৷

হুয়োক অসুৰ দুয়ো পাপী৷৷

হেনজানি হুয়ো দুয়ো দৈত্য৷

ভকতৰ ভয় আছে কৈত৷৷২৮৭৷৷

বৈৰভাৱে চিন্তিবাহা মোক৷

অল্পকালে পাইবা এহিলোক৷৷

দুঃখৰ কৰিবো মই অন্ত৷

এহিবুলি পাছে ভগৱন্ত৷৷২৮৮৷৷

লক্ষ্মীসমে গৈলা ধীৰে ধীৰে৷

প্ৰৱেশিলা ৰত্নৰ মন্দিৰে৷৷

পাছে দুই মুখ্য পাৰিষদ৷

এৰি সৱে বৈকুণ্ঠ সম্পদ৷৷২৮৯৷৷

শ্ৰীহত হুয়া অধোমুখে৷

বিমানৰ পৰা পৰে দুঃখে৷৷

হেন দেখি বৈকুণ্ঠক ছানি৷

কৰে সৱে হাহাকাৰ ধ্বনি৷৷২৯০৷৷

পাছে দুয়ো এৰি নিজ কায়৷

কশ্যপৰ বীৰ্য্যে লৈলা ঠাই৷

স্বামীৰ সংযোগে পাছে দিতি৷

অনুক্রমে ভৈলা গৰ্ভৱতী৷৷২৯১৷৷

কৃষ্ণৰ কিঙ্কৰে এভু ভণে

নেৰিবা কীৰ্ত্তন একোজনে৷৷

কেতিক্ষণে পৰে ইটো কায়৷

হৰি হৰি ঘুষিয়ো সদায়৷৷২৯২৷৷